ETV Bharat / state

দক্ষিণ-পশ্চিম পানী যোগান প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

author img

By

Published : Nov 30, 2020, 10:15 PM IST

জালুকবাৰীস্থিত দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই প্ৰকল্পৰ জৰিয়তে ভূতনাথৰ পৰা মালিগাঁও চাৰিআলি, কামাখ্যা, কালীপুৰ, পাণ্ডু, বৰিপাৰা, কামাখ্যা নগৰ, জয়মতী নগৰ, আদাবাৰী, শংকৰ নগৰ আদি অঞ্চলত যোগান ধৰা হ'ব প্ৰায় ৫৩৫ লাখ লিটাৰ বিশুদ্ধ খোৱা পানী ৷

Inauguration is the project
মহানগৰীত দূৰ হ'ব পানীৰ সমস্যা

কামৰূপ মেট্ৰ', 30 নৱেম্বৰ: সোমবাৰে জালুকবাৰীস্থিত দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ শুভ উদ্বোধন কৰা হয় । গুৱাহাটী মহানগৰ উন্নয়ন নিগমৰ দ্বাৰা ৰূপায়িত জৱাহৰলাল নেহেৰু ৰাষ্ট্ৰীয় নগৰ নৱীকৰণ অভিযানৰ অৰ্থ সাহাৰ্যৰে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প । প্ৰথম পৰ্যায়ত কামাখ্যা বিতৰণ ক্ষেত্ৰৰ অধীনস্থ ৪টা জিলা মিটাৰিং অঞ্চলৰ কাৰ্যকৰীকৰণৰ শুভ উদ্ধোধন কৰা হয় । এই অভিলাষী পানী যোগান প্ৰকল্পটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

এই প্ৰকল্পৰ জৰিয়তে ভূতনাথৰ পৰা মালিগাঁও চাৰিআলি, কামাখ্যা, কালীপুৰ, পাণ্ডু, বৰিপাৰা, কামাখ্যা নগৰ, জয়মতী নগৰ, আদাবাৰী, শংকৰ নগৰ আদি অঞ্চলৰ ৰাইজক খোৱাপানী যোগান ধৰা হ'ব । দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পই প্ৰতিদিনে প্ৰায় ৫৩৫ লাখ লিটাৰ বিশুদ্ধ খোৱা পানী যোগান ধৰিব এই অঞ্চলসমূহত ।

ইফালে এই প্ৰকল্প উদ্বোধন কৰি ৰাইজৰ সহযোগিতা বিচাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আগন্তুক দিনত জনতাৰ সহায়ত নানা উন্নয়নমূলক কাম কৰি যাব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, এই উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, জিএমডিএৰ অধ্যক্ষ অশোক সিংঘালকে প্ৰমুখ্য কৰি বিষয়া-কৰ্মচাৰীসকল ।

অন্য এক খবৰৰ বাবে: শিৱসাগৰত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.