ETV Bharat / state

Asam Sahitya Sabha Election 2022: অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটদান পৰ্ব আৰম্ভ

author img

By

Published : Nov 3, 2022, 5:35 PM IST

voting-begins-for-asam-sahitya-sabha-election-2022
অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটদান পৰ্ব আৰম্ভ

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া (Asam Sahitya Sabha Election) । নিৰ্বাচনত মুঠ 784 টা ভোট আছে ।

গুৱাহাটী, 3 নৱেম্বৰ: বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অসম সাহিত্য সভাৰ (Asam Sahitya Sabha) ২০২৩-২০২৫ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া (Voting begins for Asam Sahitya Sabha Election) । বৃহস্পতিবাৰে নিৰ্বাচনৰ (Asam Sahitya Sabha Election) ভোটৰ বাকচ গুৱাহাটীৰ প্ৰধান ডাকঘৰ মেঘদূত ভৱনত (Meghdoot Bhawan in Guwahati) সংস্থাপিত কৰা হয় ।

ভোটৰ বাকচ মেঘদূত ভৱনত সংস্থাপিত কৰাৰ সময়ত অসম সাহিত্য সভাৰ মুখ্য নিৰ্বাচনী বিষয়া হৰেন্দ্ৰ নাথ বৰা, নিৰ্বাচনী বিষয়া জীতেন পায়েং, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াকে (Assam Sahitya Sabha President Kuladhar Saikia) ধৰি অসম সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদক পদৰ কেবাগৰাকী প্ৰাৰ্থী উপস্থিত থাকে।

মুখ্য নিৰ্বাচনী বিষয়া হৰেন্দ্ৰ নাথ বৰাই কয় যে আজিৰে পৰা অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে । ইতিমধ্যে ২ নৱেম্বৰৰ পৰা জিলা আৰু শাখা পৰ্যায়ত ভোটদানৰ বাবে বেলট কাকত বিতৰণ কৰা আৰম্ভ কৰা হৈছে । অহা ৫ নৱেম্বৰলৈ জিলা আৰু শাখা পৰ্যায়ত ভোটদানৰ বাবে বেলট কাকত বিতৰণ আৰু সংগ্ৰহ কৰাৰ দিন ধার্য কৰা হৈছে । ১৩ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব ভোটদানপৰ্ব ।

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটদান পৰ্ব আৰম্ভ

ডাকযোগে অহা ভোটপত্ৰসমূহ ৪ ডিচেম্বৰৰ ভিতৰত নিৰ্দিষ্ট ভোট বাকচত জমা হ’ব লাগিব । ৫ ডিচেম্বৰৰ পুৱা ১০ বজাত নিৰ্বাচনী বিষয়াৰ উপস্থিতিত বন্ধ কৰা হ’ব ভোটৰ বাকচ । নিৰ্বাচনত মুঠ 784 টা ভোট আছে । তাৰ পাছতেই পাণবজাৰ আৰক্ষী থানাৰ (Panbazar Police Station) জিম্মাত থাকিব অসম সাহিত্য সভাৰ ভোটৰ বাকচ । অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে পৰৱৰ্তী পৰ্যায়ত ভোটগণনাৰ দিন চূড়ান্ত কৰিব।

নলবাৰীত অনুষ্ঠিত হ'বলগীয়া সপ্তম কাৰ্যনিৰ্বাহকতেই হ'ব ভোট গণনা । অৱশ্যে বর্তমানলৈকে ভোট গণনাৰ তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই বুলিও সাহিত্য সভাৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰে । উল্লেখযোগ্য যে, অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে মুঠ ১৭ জন সদস্য নিৰ্বাচনত অৱতীৰ্ণ হ’ব । এইবাৰ সভাপতিৰ দৌৰত আছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি (Yeshe Dorjee Thongchi), সূৰ্য হাজৰিকা, নাহেন্দ্ৰ পাদুন আৰু জগদীশ পাটগিৰি ।

লগতে পঢ়ক: Gujarat Election 2022 : কেতিয়া ঘোষণা হ'ব গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়সূচী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.