Assam actor Nipon Goswami: বিশিষ্ট অভিনেতা নিপন গোস্বামী অসুস্থ

author img

By

Published : Oct 24, 2022, 9:23 PM IST

Assam actor Nipon Goswami Falling Ill
বিশিষ্ট অভিনেতা নিপন গোস্বামী অসুস্থ ()

মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি বিশিষ্ট অভিনেতা নিপন গোস্বামীক(Assam actor Nipon Goswami) ৷ সম্প্ৰতি হাস্পতালখনৰ হৃদৰোগ বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ আৰু হাওফাও বিশেষজ্ঞ চিকিৎসকৰ দলৰ নিৰীক্ষণত আছে অভিনেতাগৰাকী ৷ শ্বাস প্ৰশ্বাসত অসুবিধা হোৱাৰ বাবে তৎকালীনভাৱে হাস্পতালত ভৰ্তি কৰা হয় গোস্বামীক ৷

গুৱাহাটী, 24 অক্টোবৰ: অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামীৰ সোমবাৰে স্বাস্থ্যৰ অৱনতি ঘটে(Assam actor Nipon Goswami Falling Ill) ৷ গোস্বামীৰ শ্বাস প্ৰশ্বাসত অসুবিধা হোৱাৰ বাবে তৎকালীনভাৱে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত(Nemcare Hospital) ভৰ্তি কৰা হয় ৷ বিশিষ্ট অভিনেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতেই হাস্পতালখনৰ হৃদৰোগ বিভাগৰ আইচিইউত ভৰ্তি কৰা হয় ৷

অভিনেতা নিপন গোস্বামী সম্প্ৰতি হাস্পতালখনৰ হৃদৰোগ বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ আৰু হাওফাও বিশেষজ্ঞ চিকিৎসকৰ দলৰ নিৰীক্ষণত চিকিৎসাধীন হৈ আছে । অভিনেতাজন আই চি ইউত ভৰ্তি হৈ আছে যদিও বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ আৰু কোনো জটিলতা নাই বুলি জানিবলৈ দিয়ে হাস্পতাল কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, অভিনেতাজন বহুদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছিল ৷ ইয়াৰ পূৰ্বে তেওঁ হৃদৰোগত আক্ৰান্ত হৈ জি এন আৰ চিত চিকিৎসাধীন হৈ আছিল । মঙলবাৰে অভিনেতাজনৰ বহুকেইটা গুৰুত্বপূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰা হ'ব বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: AIR Dibrugarh Assamese news : কাইলৈৰ পৰা শুনিবলৈ নাপাব অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.