ETV Bharat / state

চৰকাৰী বিভাগৰ অনাদায় বিদ্যুৎ মাছুল আদায় হ'ব কেতিয়া ?

author img

By

Published : Jul 7, 2021, 8:23 PM IST

unpaid electricity bills of government
চৰকাৰী বিভাগৰ অনাদায় বিদ্যুৎ মাছুল আদায় হ'ব কেতিয়া

APDCLক চৰকাৰী বিভাগে আদায় দিবলৈ বাকী আছে প্ৰায় ৯৫ কোটি টকা । চৰকাৰী বিভাগসমূহে APDCLক সময়মতে বিল পৰিশোধ নকৰি লোকচানৰ দিশলৈ ঠেলি দিছে । কিন্তু এই কথা ৰাজহুৱাভাৱে ক'ব নোৱাৰা এ পি ডি চি এলে এইক্ষেত্রত কোনো তথ্যও দিব নিবিচাৰে । কাৰণ চৰকাৰেই নিয়ন্ত্ৰণ কৰে APDCLক। যাৰবাবে সাধাৰণ লোকৰ সহজতে বিদ্যুৎ কৰ্তন কৰা APDCLয়ে চৰকাৰী বিভাগত হাত দিব নোৱাৰে ।

গুৱাহাটী, ৭ জুন : বিদ্যুতৰ অনাদায় বিল আদায় কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে । বিদ্যুৎ চুৰিত লিপ্ত থকা সকলৰ বিৰুদ্ধে শক্তি বিভাগে (Power department) এক প্ৰকাৰে জেহাদ ঘোষণা কৰিছে । বিদ্যুৎ চুৰি ৰোধ কৰাৰ বাবে এ পি ডি চি এল (APDCL) আৰু অসম আৰক্ষীয়ে (Assam Police) যৌথভাৱে উদ্যোগ গ্ৰহণ কৰিছে । ইতিমধ্যে জুন মাহত এ পি ডি চি এলে ১,৯০৪ টা ৰেড কৰিছিল আৰু ইয়াৰ ভিতৰত বিদ্যুতৰ অবৈধ ব্যৱহাৰ সন্দৰ্ভত ৬১১ খন এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হৈছে ।

আনহাতে, জুন মাহত এ পি ডি চি এলে চলোৱা অভিযানত ৪৫.৯৪ কোটি টকা জৰিমনা আদায় কৰিবলৈ সক্ষম হৈছিল । তদুপৰি বিদ্যুৎ মাছুল নিদিয়া বাবে ১ লাখ ১১ হাজাৰ সংযোগ বিচ্ছিন্ন কৰা হৈছিল । ইয়াৰ ভিতৰত ২৭ কোটি টকা ফাইন সংগ্ৰহ কৰি ৪৮,১৭২ টা সংযোগ পুনৰ কৰা হৈছিল । এ পি ডি চি এলে এতিয়াও গ্ৰাহকৰ পৰা বিদ্যুৎ মাছুলৰ বাবদ দুই কোটি টকা পাবলৈ বাকী আছে ।

BIjulee Bhaban
চৰকাৰী বিভাগৰ অনাদায় বিদ্যুৎ মাছুল আদায় হ'ব কেতিয়া

চৰকাৰে অনাদায় বিল আদায়ৰ বাবে ব্যাপক উদ্যোগ গ্ৰহণ কৰাৰ উপৰিও সময়মতে বিল আদায় দিয়াৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনাইছে । আনকি চৰকাৰী কৰ্মচাৰীক অনাদায় বিল নিদিলে দৰমহা কৰ্তন কৰাৰো ঘোষণা কৰিছে । পিছে ৰাইজক যথাসময়ত বিদ্যুৎ বিল আদায় দিয়াৰ বাবে আহ্বান জনোৱা তথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা চৰকাৰখনেই এ পি ডি চি এলৰ ওচৰত ঋণী হৈ আছে ।

প্ৰাপ্ত তথ্য মতে চৰকাৰে এ পি ডি চি এলক বিদ্যুৎ মাছুলৰ বাবদ আদায় দিবলৈ আছে ৯৫ কোটি টকা । বিভাগীয় সূত্রৰ পৰা লাভ কৰা তথ্য মতে মাৰ্চ মাহলৈকে চৰকাৰী বিভাগসমূহে এ পি ডি চি এলক দিবলৈ বাকী আছে ৯৫ কোটি টকা । এতিয়ালৈকে এই পৰিমাণ যথেষ্ট বৃদ্ধি পোৱাটো নিশ্চিত । কাৰণ স্বয়ং শক্তিমন্ত্রী (Power minister of Assam) বিমল বৰাই অলপতে সংবাদমেল যোগে উদঙাই দিছিল চৰকাৰী বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতা ।

শক্তিমন্ত্রী বিমল বৰাই দিয়া তথ্য মতে চৰকাৰী বিভাগৰ পৰাই শক্তি বিভাগে পাবলৈ আছে ১০৬ কোটি টকা । প্ৰাপ্ত তথ্য মতে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে (Public Health Engineering Department) এ পি ডি চি এলক সৰ্বাধিক ২৬.৩১ কোটি টকা মাৰ্চলৈ আদায় দিয়া নাই । আনহাতে বিদ্যুৎ চুৰিৰ বিৰুদ্ধে বিভাগীয় অভিযানত সংযুক্ত হোৱা ডি জি পিৰ কাৰ্যালয়ে (DGP office) এ পি ডি চি এলক চাৰি কোটিৰো অধিক টকাৰ বিদ্যুৎ বিল দিবলৈ বাকী আছে । সেইদৰে স্বাস্থ্য বিভাগে (Health Department) দিবলৈ বাকী আছে দহ কোটি টকাৰো অধিক বিদ্যুৎ মাছুল ।

আনহাতে লোক নিৰ্মাণ বিভাগে (PWD) ৪.২৯ কোটি টকা, জলসিঞ্চন বিভাগে (Irrigation Department) ৬.৩৯ কোটি টকা, উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্যালয়সমূহৰ বিপৰীতে সাধাৰণ প্ৰশাসন বিভাগে ৫.২১ কোটি টকা বিদ্যুৎ মাছুল এ পি ডি চি এলক দিবলৈ বাকী আছে । মাৰ্চ মাহলৈ চৰকাৰী ৭১ টা বিভাগৰ পৰা এ পি ডি চি এলে বিদ্যুৎ মাছুলৰ বাবদ পাবলৈ আছে ৯৫ কোটি টকা । এতিয়ালৈকে চৰকাৰী বিভাগসমূহে কিমান টকা আদায় দিলে নাইবা দিবলৈ কিমান বাকী আছে সেই সন্দৰ্ভত বিজুলী ভৱনে(Bijulee Bhawan) কোনো ধৰণৰ তথ্য বিভাগীয়ভাৱে সদৰি কৰা নাই । এই ক্ষেত্রত এ পি ডি চি এলৰ সংশ্লিষ্ট বিষয়াৰে যোগাযোগ কৰা হৈছিল যদিও তেওঁলোকে কোনো কথাই স্পষ্ট ৰূপত সদৰি কৰা নাই তথা সদৰি কৰিব বিচৰা নাই ।

APDCL
চৰকাৰী বিভাগৰ অনাদায় বিদ্যুৎ মাছুল আদায় হ'ব কেতিয়া

লক্ষণীয় বিষয় যে ডি জি পি কাৰ্যালয়ৰ অনাদায় বিলৰ প্ৰসংগত বাতৰি প্ৰকাশৰ পাছতে এ পি ডি চি এলে স্পষ্টীকৰণ দিছিল । স্পষ্টীকৰণ মতে জলসিঞ্চন, স্বাস্থ্য, সাধাৰণ প্ৰশাসন, গৃহ আৰু আৰক্ষী বিভাগকে ধৰি ৯ টা চৰকাৰী বিভাগৰ বিদ্যুৎ বিল সাধাৰণ প্ৰশাসন বিভাগে কেন্দ্ৰীয়ভাৱে পৰিশোধ কৰে । এটা কথা ঠিক যে চৰকাৰী বিভাগসমূহে এ পি ডি চি এলক সময়মতে বিল পৰিশোধ নকৰি লোকচানৰ দিশলৈ ঠেলি দিছে । কিন্তু এই কথা ৰাজহুৱাভাৱে ক'ব নোৱাৰা এ পি ডি চি এলে আৰু এইক্ষেত্রত কোনো তথ্যও দিব নিবিচাৰে ।

কাৰণ চৰকাৰেই নিয়ন্ত্ৰণ কৰে এ পি ডি চি এলক । যাৰবাবে সাধাৰণ লোকৰ সহজতে বিদ্যুৎ কৰ্তন কৰা এ পি ডি চি এলে চৰকাৰী বিভাগত হাত দিব নোৱাৰে । ইয়াৰ পৰিপ্ৰেক্ষিতত অনাদায় হৈ আছে চৰকাৰী বিভাগৰ কোটি কোটি টকাৰ বিদ্যুৎ মাছুল । যাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে নিয়মীয়াকৈ বিদ্যুৎ মাছুল আদায় দিয়া গ্ৰাহকসকলে ।

লগতে পঢ়ক:শপত গ্ৰহণত সৰ্বানন্দ সোণোৱালক সংগ দিব কামাখ্যা প্ৰসাদ তাছাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.