ETV Bharat / state

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুঃ ভাৰত চৰকাৰক প্ৰশ্ন UNESCOৰ

author img

By

Published : Dec 3, 2020, 12:41 PM IST

পৰাগ ভূঞাৰ মৃত্যু সন্দৰ্ভত বিতং তথ্য বিচাৰিছে UNESCOই
পৰাগ ভূঞাৰ মৃত্যু সন্দৰ্ভত বিতং তথ্য বিচাৰিছে UNESCOই

তিনিচুকীয়াৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ বিষয় উত্থাপন হৈছে ৰাষ্ট্ৰসংঘৰ মজিয়াত । সাংবাদিকগৰাকীৰ মৃত্যু সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা সবিশেষ তথ্য বিচাৰিছে UNESCOৰ সংঞ্চালক প্ৰধান অ'ড্ৰে এজৌলেই ।

গুৱাহাটী, ৩ ডিচেম্বৰ: যোৱা ১১ নৱেম্বৰ দুৰ্ঘটনাত পতিত তিনিচুকীয়াৰ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাই মৃত্যুক সাৱতিবলগীয়া হোৱাৰ পিছতে এই ঘটনাক হত্যাকাণ্ড আখ্যা দি ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল । নিৰপত্তাহীনতাত ভূগি বহু সাংবাদিক, দল-সংগঠন ৰাজপথলৈ ওলাই আহিছিল । বৰ্তমান এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মজিয়াতো চৰ্চিত হৈছে সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ ঘটনা ।

সাংবাদিকগৰাকীৰ মৃত্যু সন্দৰ্ভত বিতং তথ্য বিচাৰিছে UNESCOৰ সংঞ্চালক প্ৰধান অ'ড্ৰে এজৌলেই । এক বিবৃতিযোগে সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, 'সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত মই শোক প্ৰকাশ কৰিছো । মোৰ বিশ্বাস আছে, ভাৰতীয় কৰ্তৃপক্ষই পৰাগ ভূঞাৰ মৃত্যুৰ ঘটনাক গুৰুত্ব দি সময়মতে সঠিকভাৱে তদন্ত কৰিব । কৰ্তব্যৰত সাংবাদিকসকলক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত আপোচ কৰাতো বা কোনো সুৰুঙা ৰখাতো উচিত নহয় ।'

উল্লেখ্য যে, যোৱা ১১ নৱেম্বৰত কাকপথাৰস্থিত বাসগৃহৰ সমীপতে এখন বাহনে মহতিয়াই থৈ গৈছিল পৰাগ ভূঞাক । সংকটজনক অৱস্থাত তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু হয় । এই ঘটনাৰ পিছতে অসমৰ বিভিন্ন স্থানত সাংবাদিকসকলে সুৰক্ষাৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

সাংবাদিকগৰাকীক খুন্দিওৱা বাহনখনৰ চালকজনক আটক কৰিছে আৰক্ষীয়ে । পৰাগ ভূঞাৰ মৃত্য়ুৰ তদন্তৰ দায়িত্ব চিআইডিৰ হাতত অৰ্পণ কৰা হৈছে যদিও এতিয়াও সাংবাদিকগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ফাদিল হোৱা নাই ।

লগতে পঢ়ক:হোজাইত মাটি খান্দোতে উদ্ধাৰ ৰাধা-কৃষ্ণৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.