ETV Bharat / state

গুৱাহাটীত আটক দুধৰ্ষ আলফা কেডাৰ

author img

By

Published : Sep 25, 2019, 1:13 PM IST

গোপন সূত্ৰৰ ভিত্তিতে জালুকবাৰী আৰক্ষীয়ে কামাখ্যা ৰে'ল ষ্টেচনত অভিযান চলাই আটক কৰে আলফা কেডাৰজনক ৷

গুৱাহাটীত আটক দুধৰ্ষ আলফা কেডাৰ

গুৱাহাটী, 25 চেপ্তেম্বৰঃ দুৰ্গা পূজাৰ পূৰ্বে গুৱাহাটীত কূটাঘাটৰ লক্ষ্য আলফা স্বাধীনৰ। আলফাৰ কূটাঘাট ৰোধৰ বাবে তৎপৰ মহানগৰ আৰক্ষী । বুধবাৰে পুৱতি নিশা জালুকবাৰী আৰক্ষীৰ জালত পৰে এজন দুৰ্ধৰ্ষ আলফা কেডাৰ । গোপন সূত্ৰৰ ভিত্তিতে জালুকবাৰী আৰক্ষীয়ে কামাখ্যা ৰে'ল ষ্টেচনত অভিযান চলাই আটক কৰে আলফা কেডাৰজনক । ধৃত কেডাৰজনৰ নাম দিগন্ত চেতিয়া বুলি জানিব পৰা গৈছে । ধেমাজিৰ পৰা গুৱাহাটীলৈ আহিছিল দিগন্ত চেতিয়া। কেডাৰজনক সোধ-পোছ অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। আৰক্ষীৰ সন্দেহ কেইবাজনো আলফা কেডাৰে প্ৰৱেশ কৰিছে গুৱাহাটী মহানগৰীত ।

Intro:দুৰ্গা পূজাৰ পূৰ্বে গুৱাহাটীত কূটাঘাটৰ লক্ষ্য আলফা স্বাধীনৰ। আলফাৰ কূটাঘাট ৰোধৰ বাবে তৎপৰ মহানগৰ আৰক্ষী। বুধবাৰে পুৱতি নিশা জালুকবাৰী আৰক্ষীৰ জালত পৰে এটা দুৰ্ধৰ্ষ আলফা কেডাৰ। এক গোপন সুত্ৰৰ পম খেদি জালুকবাৰী আৰক্ষীয়ে কামাখ্যা ৰেল ষ্টেচনত অভিযান চলাই আটক কৰে আলফা কেডাৰজনক। ধৃত কেডাৰজনৰ নাম দিগন্ত চেতিয়া। ধেমাজিৰ পৰা গুৱাহাটীলৈ আহিছিল চেতিয়া। চেতিয়াক সোধ পোছ অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। আৰক্ষীৰ সন্দেহ কেইবাজনো আলফা কেডাৰ প্ৰৱেশ কৰিছে গুৱাহাটী মহানগৰীত।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.