Suicide Case in Guwahati: মহানগৰীত একেদিনাই দুটাকৈ আত্মহত্যাৰ ঘটনা

author img

By

Published : Aug 4, 2022, 10:58 AM IST

Two suicide case in Guwahati

গুৱাহাটীৰ দুটাকৈ অঞ্চলত একেদিনাই দুটাকৈ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে (Suicide Case in Guwahati)৷ বুধবাৰে নুনমাটি থানাৰ অন্তর্গত নাৰেংগীৰ সমন্বয় পথৰ নিজ বাসগৃহত এগৰাকী মহিলাই ফেনত চিপ লৈ আত্মহত্যা কৰে ৷ ইফালে মহানগৰৰ সাতগাঁৱৰ লুহিত নগৰতো এজন কলেজীয়া ছাত্ৰই নিজ ঘৰত চিপ লৈ আত্মহত্যা কৰে (Student suicide case in Guwahati)।

গুৱাহাটী, 4 আগষ্ট: মহানগৰীত চাঞ্চল্যকৰ ঘটনা(2 Suicide case in Guwahati)৷ গুৱাহাটীৰ দুটাকৈ অঞ্চলত একেদিনাই দুটাকৈ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে (Suicide Case in Guwahati)৷

বুধবাৰে নুনমাটি থানাৰ অন্তর্গত নাৰেংগীৰ সমন্বয় পথৰ নিজ বাসগৃহত এগৰাকী মহিলাই ফেনত চিপ লৈ আত্মহত্যা কৰে ৷ পাৰিবাৰিক কন্দলৰ বাবে নির্মালী ডেকা ( ৫০) নামৰ মহিলাগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰে ৷

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি নাৰেংগীৰ সমন্বয় পথৰ ঘৰ নং ৮ ত ভাৰতীয়া হিচাবে বসবাস কৰিছিল মৃত মহিকাগৰাকীৰ পৰিয়াল ৷ মহিলা গৰাকীৰ স্বামী অতুল ডেকা পেছাত এজন শিক্ষক ৷ মহিলাগৰাকী তেওঁৰ দ্বিতীয় পত্নী ৷ জানিব পৰা মতে ঘৰত কোনো লোক নথকাৰ সময়ত মহিলাগৰাকীয়ে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে ৷

ইফালে বুধবাৰে মহানগৰৰ সাতগাঁও লুহিত নগৰ অঞ্চলতো এজন কলেজীয়া ছাত্ৰই নিজ ঘৰত চিপ লৈ আত্মহত্যা কৰে (Student suicide case in Guwahati)। মৃত ছাত্ৰজন অমন চৰকাৰ বুলি জানিব পৰা গৈছে ৷ বাণিজ্য শাখাৰ ছাত্ৰ অমন এজন ইউটিউবাৰো আছিল ৷ এতিয়ালৈ ছাত্ৰজনৰ আত্মহত্যাৰ আঁৰৰ কাৰণ জানিব পৰা নাই ৷

লগতে পঢ়ক: হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.