হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰৰ আত্মহত্যা

author img

By

Published : Jun 8, 2022, 10:53 PM IST

Student who failed HSLC examination commits suicide

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে জীৱনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে মঠঘৰীয়াৰ এগৰাকী ছাত্ৰই(Student who failed HSLC examination commits suicide) ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে নুনমাটি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ৷

গুৱাহাটী ৮ জুন : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে আত্নহননৰ দৰে চৰম পন্থা বাচি ল'লে নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰীয়াৰ শিৱ নগৰ অঞ্চলৰ এজন ছাত্ৰই(Student who failed HSLC examination commits suicide) ৷ মহানগৰীৰ জু-ৰোড বিদ্যাপীঠ হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ আছিল ছাত্ৰজন ৷ মৃত ছাত্ৰজনৰ নাম হৈছে পল্লব বৰা (১৬)।

উল্লেখ্য যে, মঙ্গলবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনাকাংক্ষিত ফলাফল লাভ কৰাৰ বাবেই আত্মহননৰ পথ বাচি লোৱা বুলি পৰিয়ালে সন্দেহ ব্যক্ত কৰিছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ পল্লৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনু্ত্তীৰ্ণ হোৱাৰ পিছৰে পৰা মানসিক অশান্তিত ভুগি আছিল । আনকি মনৰ দুখত খোৱা লোৱাও কৰা নাছিল ছাত্ৰজনে । ছাত্ৰজনৰ বিধবা মাতৃ আৰু জেষ্ঠ ভাতৃয়ে অনুতীৰ্ণ হোৱাৰ বাবে মন বেয়া নকৰি পুনৰ স্কুলত নাম ভৰ্তি কৰি মেট্ৰিক পৰীক্ষা দিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰৰ আত্মহত্যা

জেষ্ঠ ভাতৃ আৰু মাতৃৰ কথামতে বুধবাৰে পুৱাৰ ভাগত ছাত্ৰজনে পুনৰ স্কুললৈ যাবলৈ আৰম্ভ কৰে । কিন্তু দুপৰীয়া প্ৰায় ১২ মান বজাত স্কুলৰ পৰা উভতি আহি ঘৰত কোনো নথকা অৱস্থাত শুৱনি কোঠাত চিপ লৈ আত্মহত্যা কৰে ছাত্ৰজনে ।

বুধবাৰে পল্লৱৰ এজন বন্ধু ঘৰলৈ আহি কোঠাত প্ৰৱেশ কৰাত পল্লৱক ডিঙিত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰাত ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত নুনমাটি থানাত খবৰ দিয়ে । ইয়াৰ পিছতে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে । বৰ্তমান ছাত্ৰগৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোত এক শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক : গোৱালপাৰাত ছাত্ৰীৰ ৰহস্যজনক আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.