ETV Bharat / state

Brutal murder in Guwahati: এজন ব্যক্তিক হত্যা কৰি ওলমাই থৈ গ’ল গেটত; একেদিনাই গুৱাহাটীত দুটা চাঞ্চল্যকৰ হত্যাকাণ্ড

author img

By

Published : Apr 16, 2023, 9:20 AM IST

Updated : Apr 16, 2023, 12:57 PM IST

Brutal murder in Guwahati
Brutal murder in Guwahati

শনিবাৰৰ নিশা 3 টাকৈ হত্যাকাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ৷ বিহুৰ অনুষ্ঠান চলি থকাৰ মাজতে 2 জনক নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তৰ দলে ৷ ঘটনাকেইটা সন্দৰ্ভত আৰম্ভ কৰা হৈছে তদন্ত (Brutal murdered in Guwahati) ৷

গুৱাহাটী, 16 এপ্ৰিল : অপৰাধ আৰু অপৰাধীৰ ৰম্য ভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ পহিলা ব’হাগৰ দিনটোতে দুটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ’ল গুৱাহাটী মহানগৰী ৷ মালিগাঁও আৰু বেলতলাত পৃথকে পৃথকে সংঘটিত হৈছে দুটাকৈ হত্যাকাণ্ড (2 Brutal murdered in Guwahati) ৷

মালিগাঁৱত বিহুৰ অনুষ্ঠান চলি থকাৰ মাজতে সংঘটিত হয় প্ৰথমটো হত্যাকাণ্ড ৷ উল্লেখ্য যে, গায়ক ভৃগু কাশ্যপে সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে হানি-খুচি হত্যা কৰা হয় ৰোহিত কুমাৰ গামী নামৰ এজন যুৱকক ৷ জানিব পৰা মতে, এদল যুৱকৰ সৈতে বিহুৰ অনুষ্ঠানত বাক যুদ্ধত লিপ্ত হৈছিল ৰোহিত কুমাৰ গামী নামৰ যুৱকজন ৷ ইয়াৰ পিচতেই মালিগাঁও ষ্টেডিয়ামত যুৱকৰ দলটোৱে হত্যা কৰে ৰোহিত কুমাৰ গামীক ৷ ছুৰীৰে হানি-খুটি হত্যা কৰা হয় যুৱকজনক (Brutal murdered in Guwahati during Rangali Bihu) ৷

আনহাতে, একেটা বিহু অনুষ্ঠানতে আন এজন যুৱককো ছুৰীকাঘাত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ সীমান্ত তালুকদাৰ নামৰ এজন যুৱকক ছুৰীৰে আক্ৰমণ কৰে এটা দুৰ্বৃত্তৰ দলে ৷ সম্প্ৰতি চিকিৎসাধীন হৈ আছে সীমান্ত তালুকদাৰ ৷ ইফালে, এই ঘটনাৰে জড়িত থকাৰ সন্দেহত ৰাহুল বৈশ্য নামৰ এজন যুৱকক আটক কৰিছে জালুকবাৰী আৰক্ষীয়ে ৷ কিন্তু বৰ্তমানেও পলাতক অৱস্থাত আছে আন কেইবাজনো যুৱক ৷ ঘটনাটোৰ ক্ষীপ্ৰ গতিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে (2 young stabbed to death in Guwahati during Bihu function) ৷

আশ্চৰ্যজনকভাৱে, একে নিশা অৰ্থাৎ শনিবাৰৰ নিশাই আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় বেলতলাৰ সৌৰভ নগৰত ৷ নৃশংসভাৱে এজন লোকক কোনো দুৰ্বৃত্তই হত্যা কৰে আৰু পৰৱৰ্তী সময়ত লোকজনক এজন ব্যক্তিৰ ঘৰৰ গেটত ৰহস্যজনকভাৱে ওলমাই থৈ যায় ৷ নৃশংস হত্যাৰ বলি হোৱা লোকজন সুবল দেৱবাৰ্মা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা হাস্পতাললৈ লৈ মৃতদেহটো প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে ঘটনা সন্দৰ্ভত তদন্ত ৷ কিন্তু কিহৰ বাবে সুবল দেৱবাৰ্মা নামৰ লোকজনক হত্যা কৰা হ’ল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত (Guwahati medical college and hospital) ৷

ৰঙালীৰ ৰং-ৰহইচত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে সংঘটিত হোৱা তিনিটাকৈ নৃশংস হত্যাকাণ্ডই নিৰাপত্তাহীনতাত ভুগোৱা পৰিলক্ষিত হৈছে মহানগৰীবাসীক ৷ সমান্তৰালভাৱে স্মাৰ্ট আৰক্ষীৰ ব্যৰ্থতাকে উদঙাই দেখুৱাইছে ক্ৰমৱৰ্ধমান এই ঘটনাবোৰে (Mysterious murder at Beltola Guwahati) ৷

লগতে পঢ়ক : Atique Ahmed killed : আতিক-আশ্ৰফৰ 3 হত্যাকাৰীক গ্ৰেপ্তাৰ; 17 আৰক্ষীক নিলম্বন

Last Updated :Apr 16, 2023, 12:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.