ETV Bharat / state

দুধনৈ-পলাশবাৰীত হ’ব দুখনকৈ নতুন আয়ুৰ্বেদিক মহাবিদ্যালয়

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 10:18 PM IST

Two new Ayurvedic colleges to be set up in Dudhnoi Palashbari
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

Ayurvedic colleges in Assam: চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা । শীঘ্ৰে হ’ব ২০০ আয়ুৰ্বেদিক চিকিৎসকৰ নিযুক্তি । ৰাজ্যত নতুনকৈ নিৰ্মাণ কৰা হ’ব ৫খন আয়ুষ হাস্পতাল । ১০০খন নতুন আয়ুষ চিকিৎসালয় নিৰ্মাণৰ বাবে নিবিদা আহ্বান ।

গুৱাহাটী, ২০ ডিচেম্বৰ : অসমত দুখন নতুন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ লগতে পাঁচখন আয়ুষ চিকিৎসালয় নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে । গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত বুধবাৰে এই কথা ঘোষণা কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই । জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ খেলপথাৰত তিনিদিনীয়াকৈ আয়োজিত মহাৰজত জয়ন্তীৰ আজি সামৰণিৰ দিনা মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি মন্ত্ৰী মহন্তই কয় যে দেশে স্বাধীনতা লাভৰ এটা বছৰৰ পাচতে গুৱাহাটীত স্থাপন হোৱা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত আয়ুৰ্বেদিক চিকিৎসা শিক্ষা আৰু পৰম্পৰাগত ভাৰতীয় চিকিৎসা পদ্ধতিৰ বিজ্ঞানসন্মত প্ৰসাৰত মহত্বপূৰ্ণ ভূমিকা লৈ আহিছে ।

Two new Ayurvedic colleges to be set up in Dudhnoi Palashbari
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

এই প্ৰথমখন আয়ুৰ্বেদিক মহাবিদ্যালয় প্ৰতিষ্ঠাৰ পাচত বিগত ৭৫ বছৰত দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় অসমত হোৱা নাছিল । কিন্তু এতিয়া ৰাজ্যখনত নতুনকৈ আৰু দুখন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে । দুধনৈ আৰু পলাশবাৰীত প্ৰতিষ্ঠা কৰিবলৈ লোৱা এই নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় দুখনৰ অতি শীঘ্ৰে আধাৰশিলা স্থাপন কৰি নিৰ্মাণকাৰ্য আৰম্ভ কৰা হ’ব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত আয়ুৰ্বেদিক তথা পৰম্পৰাগত ভাৰতীয় চিকিৎসা পদ্ধতিৰ দ্ৰুত প্ৰসাৰত বিশেষ অগ্ৰাধিকাৰ দিয়া বুলি দোহাৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে মাজুলী আৰু দুধনৈত ৫০খন বিচনাযুক্ত আয়ুষ চিকিৎসালয় মুকলিৰ পাচত চলিত বিত্তীয় বৰ্ষতে ৰাজ্যখনত ৫০খন বিচনাযুক্ত আৰু চাৰিখন আয়ুষ চিকিৎসালয়ৰ লগতে ৩০খন বিচনাযুক্ত এখন আয়ুষ চিকিৎসালয় নিৰ্মাণৰ কামো আৰম্ভ হ’ব । একেদৰে ১০০খন নতুন আয়ুষ চিকিৎসালয়ৰ নিৰ্মাণৰ বাবে ইতিমধ্যে নিবিদা আহ্বান কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তদুপৰি চলিত ডিচেম্বৰৰ শেষত নতুবা জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰতে ২০০গৰাকী আয়ুৰ্বেদিক চিকিৎসককো নিযুক্তি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ।

Two new Ayurvedic colleges to be set up in Dudhnoi Palashbari
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ইতিহাস সুঁৱৰি মন্ত্ৰী মহন্তই কয় যে, দেশে স্বাধীনতা প্ৰাপ্তিৰ পাছৰ বৰ্ষটোতে তদানীন্তন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ, লোকবন্ধু ডাঃ ভূৱনেশ্বৰ বৰুৱা আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ ডাঃ জগদীশ ভট্টাচাৰ্যৰ দূৰদৰ্শী উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ এই প্ৰথমখন আয়ুৰ্বেদিক চিকিৎসা শিক্ষানুষ্ঠানে আত্মপ্ৰকাশ কৰি পৰম্পৰাগত ভাৰতীয় চিকিৎসা প্ৰণালীক জনসাধাৰণৰ মাজলৈ লৈ যোৱাত বিগত চাৰে সাতটা দশক ধৰি অগ্ৰণী ভূমিকা পালন কৰি আহিছে । লোকপ্ৰিয় বৰদলৈ, লোকবন্ধু ডাঃ বৰুৱা আৰু প্ৰতিষ্ঠাপক অধ্যক্ষৰ লগতে চৰকাৰী চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাত বিশেষ অৱদান যোগোৱা প্ৰতিগৰাকী ব্যক্তিলৈ মন্ত্ৰীগৰাকীয়ে গভীৰ শ্ৰদ্ধা নিবেদন কৰে । অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰাচীন চীনা পৰিব্ৰাজক হিউৱেন চাঙে ভাৰত ভ্ৰমণকালত দেশখনত মানুহৰ লগতে পশুৰ বাবে চিকিৎসালয় দেখিবলৈ পোৱা বুলি নিজৰ গ্ৰন্থ 'চি ইউ কি'ত লিখি থৈ যোৱাৰ বিষয়ে উল্লেখ কৰি অতীজৰে পৰা আয়ুৰ্বেদিক পদ্ধতিকে ধৰি পৰম্পৰাগত ভাৰতীয় চিকিৎসা প্ৰণালীৰ চহকী ইতিহাস থকা বুলি মতপোষণ কৰে ।

অসমতো আয়ুৰ্বেদৰ পৰম্পৰা কেইবা শতিকা জুৰি প্ৰচলিত হৈ অহা বুলি দোহাৰি তেওঁ কয় যে, আহোম স্বৰ্গদেউসকলৰ শাসনকালত অসমত সুকুমাৰ বৰকাইথৰ দ্বাৰা হাতী চিকিৎসাৰ বিধান সম্বলিত হস্তী-বিদ্যাৰ্ণৱ নামৰ সচিত্ৰ পুথি লিখি উলিওৱা হৈছিল । একেদৰে কিংবদন্তী অনুসৰি প্ৰাচীন কামৰূপত পালকাপ্য নামৰ চিকিৎসক-ঋষি এগৰাকীয়ে এহেজাৰ হাতী পুহি প্ৰতিপালন কৰিছিল । বিশ্বৰ অন্যতম চহকী জৈৱ-বৈচিত্ৰৰ অঞ্চলৰূপে পৰিচিত অসম তথা উত্তৰ পূৰ্বাঞ্চল অতীজৰে পৰাই অনেক প্ৰকাৰৰ ঔষধি গুণযুক্ত গছ-লতা, তৰু-তৃণেৰে পৰিপূৰ্ণ হৈ অহাৰ বাবে বিশ্বৰ বজাৰত অঞ্চলটোৰ এই প্ৰাকৃতিক সম্পদৰাজিক আয়ুৰ্বেদিক ঔষধৰ এক অতি সম্ভাৱনাময় ভাণ্ডাৰ বুলিও তেওঁ অভিহিত কৰে । অসমত সহজেই উপলব্ধ চিৰতা তিতা, হালধি, গিলৈ, অশ্বগন্ধা, দুপৰটেঙা, ছালকুঁৱৰী, তুলসী, শেৱালী ফুল, শিলিখা আদিৰ বিষয়েও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ এই সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমে ৰূপায়ণ কৰিবলৈ লোৱা 'সুপ্ৰজা' নামৰ মাতৃ স্বাস্থ্যসেৱা বিষয়ক এখন নতুন আয়ুষ আঁচনিও মন্ত্ৰী মহন্তই উদ্বোধন কৰে ।একেদৰে আয়ুৰ্বেদিক মহাবিদ্যালয় চৌহদত ভাৰতীয় শল্য চিকিৎসাৰ জনক মহৰ্ষি সুশ্ৰুতৰ নৱনিৰ্মিত পূৰ্ণাংগ প্ৰতিমূৰ্তি এটিও উন্মোচন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । আজিৰ এই অনুষ্ঠানত পশ্চিম গুৱাহাটীৰ বিধায়ক তথা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰাক্তন বিধায়ক তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাস, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব (স্বাস্থ্য) অবিনাশ যোশী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডাঃ সিদ্ধাৰ্থ সিং, ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসমৰ সঞ্চালিকা ডাঃ ইন্দ্ৰানুশ্ৰী দাস, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক প্ৰণৱ জ্যোতি বৈশ্য আৰু মহাৰজত জয়ন্তী উদযাপন সমিতিৰ মুখ্য সম্পাদক অধ্যাপক বিমল ডেকায়ো অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : সামৰণি পৰিল অষ্টম অসম আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.