ETV Bharat / state

Cannes 2023: অসমৰ পাট কাপোৰৰ চাদৰ-মেখেলা জিলিকিল কাঁ চলচ্চিত্ৰ মহোৎসৱ 2023 ত

author img

By

Published : May 31, 2023, 2:02 PM IST

Two models wore designer Sanjukta Dutta's path mekhela chador at cannes film festival 2023
দুগৰাকী মডেলে কাঁত পিন্ধিলে সংযুক্তা দত্তৰ পাট কাপোৰ

কাঁ চলচ্চিত্ৰ মহোৎসৱত বিশ্বৰ দুগৰাকী আগশাৰীৰ মডেলে পৰিধান কৰিলে সংযুক্তা দত্তই ডিজাইন কৰা অসমৰ পাট কাপোৰ (Sanjukta Duttas path mekhela chador) ।

গুৱাহাটী, ৩১ মে’ : কাঁ ফিল্ম মহোৎসৱ মানেই সৰ্বোত্তম ফিল্মৰ লগতে যেন সৌন্দৰ্য আৰু ফেশ্বনৰ অনন্য সমাহাৰ (Assam Silk at the Cannes Film Festival) ৷ বিশ্বৰ সৰ্বোত্তম ছবি মহোৎসৱ কাঁৰ ৰেড কাৰ্পেটত অসমৰ পাট কাপোৰৰ মেখেলা-চাদৰ পৰিধান কৰি খোজ দিলে বিশ্বৰ দুগৰাকী আগশাৰীৰ মডেলে ৷ পৰিধান কৰিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমীয়া ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই প্ৰস্তুত কৰা অসমৰ পাটৰ কাপোৰ (Cannes Film Festival 2023)।

শেহতীয়াকৈ সামৰণি পৰিছে ২০২৩ বৰ্ষৰ ৭৬ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৷ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় মডেল ইংৰিডা ইলগিন আৰু মিৰ্কা হাৱাৰ্ডে সংযুক্তা দত্তই প্ৰস্তুত কৰা সাজ পৰিধান কৰি কাঁ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিয়ে (Sanjukta Duttas path mekhela chador) ।

আন্তঃৰাষ্ট্ৰীয় মডেলিঙত যথেষ্ট সুনাম থকা ইংগ্ৰিডা ইলগিনে হস্ততাঁত প্ৰস্তুত অসমৰ পাট-মুগা ৰেচমৰ সেউজীয়া গাউন পৰিধান কৰি ৰেড কাৰ্পেটত বহুতৰে দৃষ্টি আকৰ্ষণ কৰিলে ৷ আনহাতে, নিউয়ৰ্কৰ আগশাৰীৰ মডেল মিৰ্কা হাৱাৰ্ডে ৰেড কাৰ্পেটত এক দৃষ্টিনন্দন লয়লাসেৰে খোজ কাঢ়িছিল এযোৰ পাটৰ ক’লা মেখেলা-চাদৰ পৰিধান কৰি ৷ দুয়ো যোৰ কাপোৰৰ ডিজাইনাৰ আছিল অসমৰ সংযুক্তা দত্ত (Models wore Sanjukta Duttas path mekhela at cannes) ।

উল্লেখযোগ্য যে ইংলেণ্ডৰ আগশাৰীৰ মডেল ইংগ্ৰিডা ইলগিনে (Ingrida wore mekhela chador at Cannes) ইয়াৰ পূৰ্বেও দুবাৰ সংযুক্তা দত্তই প্ৰস্তুত কৰা ডিজাইনৰ কাপোৰ কাঁ মহোৎসৱত পৰিধান কৰিছিল (Models wore path mekhela chador at cannes) ৷

উল্লেখযোগ্য যে, সংযুক্তা লেকমে ফেশ্বন শ্ব’ত নিজৰ বস্ত্ৰ ডিজাইন কৰা প্ৰথম গৰাকী অসমীয়া মহিলা ৷ ভাৰতৰ আগশাৰীৰ বিভিন্ন ফেশ্বন শ্ব’ৰ উপৰিও লেকমে ফেশ্বন উইক, FDCI, লণ্ডন ফেশ্বন শ্ব’ আদি বিশ্বৰ সমাদৃত ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি এগৰাকী দক্ষতাসম্পন্ন ফেশ্বন ডিজাইনাৰ হিচাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিছে সংযুক্তা দত্তই ৷

বিশ্বৰ অন্যতম বৃহৎ ফেশ্বন শ্ব’ৰূপে বুলি বিবেচিত নিউয়ৰ্ক ফেশ্বন উইকতো সংযুক্তাৰ পোচাকে ২০২২ বৰ্ষতো প্ৰশংসা লভিবলৈ সক্ষম হৈছিল (Assam Designer Sanjukta Dutta) ৷ যোৱা ২৩ মে’ত অনুষ্ঠিত পেৰিছ ফেশ্বন উইক, ২০২৩ তো অসমৰ জীয়াৰী সংযুক্তা দত্তৰ পাট-মুগা বিশেষ ফেশ্বন সম্ভাৰৰ ’চিকি-মিকি’ নামৰ ফেশ্বন শ্ব’টোৱে প্ৰশংসা লাভ কৰিছিল ৷

লগতে পঢ়ক: Paris fashion week 2023: পেৰিচত অসমৰ থলুৱা নুনী পাটক নতুন ৰূপত উপস্থাপন অসম কন্যা সংযুক্তা দত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.