দুগৰাকী অসমীয়াৰ দুটা ভাল লগা খবৰ...

author img

By

Published : Sep 26, 2021, 1:23 PM IST

Updated : Sep 26, 2021, 2:40 PM IST

Two good news from two Assamese

অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় ৷ দুই ভিন্ন ক্ষেত্ৰৰ দুই সুযোগ্য অসমীয়াই কঢ়িয়াই আনিছে দুটাকৈ ভাল খবৰ ৷ এগৰাকীয়ে ক্ৰীড়াক্ষেত্ৰত নিজৰ প্ৰতিভাৰে উজলি উঠিছে, আনগৰাকীয়ে বৌদ্ধিক ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োৱাৰ লগতে অসমীয়া সাহিত্য জগতৰ ভঁড়ালো চহকী কৰাৰ গৌৰৱ কঢ়িয়াই আনিছে ৷

গুৱাহাটী, 26 ছেপ্তেম্বৰ : দুটা ভিন্ন ক্ষেত্ৰৰ দুজন সুযোগ্য অসমীয়া । দুয়োৱে কঢ়িয়াই আনিছে দুটা ভাল খবৰ । ক্ৰীড়াক্ষেত্ৰত নিজৰ প্ৰতিভাৰে উজলি উঠা ব্যক্তিত্ব আৰু বৌদ্ধিক ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ লগতে অসমীয়া সাহিত্য জগতৰ ভঁড়াল চহকী কৰাৰ লেখীয়া গৌৰৱৰ অধিকাৰী হোৱা অসমীয়াদ্বয় ক্ৰমে মনালিছা বৰুৱা মেহতা আৰু ময়ুৰ বৰা ।

গৌৰৱৰ কথাটো হ'ল ২৭ ছেপ্টেম্বৰত "অসম আৰু অসমীয়াৰ গৰিমা" বিষয়ক এক বক্তৃতা দিবলৈ বিশিষ্ট লেখক, চিন্তাবিদ ময়ুৰ বৰাক আমন্ত্ৰণ জনাইছে ১৮৮৭ চনতে স্থাপিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰখ্যাত শিক্ষানুষ্ঠান নৰ্থ কেৰলিনা ষ্টেট ইউনিভাৰ্চিটিয়ে । বিশিষ্ট সাহিত্যিক গৰাকীয়ে ই‌ টিভি ভাৰতক জনোৱা মতে "The glory of Assam and Assamese" শীৰ্ষক তেওঁৰ এই বক্তৃতাটো হ’ব অসমৰ সমল ব্যক্তিৰ দ্বাৰা আমেৰিকাৰ বিশ্ববিদ্যালয়ত মূলতঃ শ্বেতাংগ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত অসম আৰু অসমীয়াৰ গৰিমা সম্পৰ্কীয় প্ৰথম বক্তৃতা ।

অসমীয়া আৰু ইংৰাজী ভাষাত ইতিমধ্যে ষোল্লখন চিন্তা উদ্ৰেককাৰী গ্ৰন্থ ৰচনা কৰা ময়ুৰ বৰাই ইয়াৰ পূৰ্বেও বিগত ১৩ ছেপ্টেম্বৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ "ইন্দিৰা গান্ধী নেছনেল চেণ্টাৰ ফৰ দ্য আৰ্টচে" আয়োজন কৰা বক্তৃতা অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে বক্তৃতা আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ।

এতিয়া আহো দ্বিতীয়টো ভাল খবৰলৈ । ক্ৰীড়াক্ষেত্ৰত নিজৰ অনন্য শৈলীৰে জিলিকি উঠা সুযোগ্য অসম সন্তান, প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ, অৰ্জুন বঁটা বিজয়ী মনালিছা বৰুৱা মেহতাক ভাৰত চৰকাৰে ভাৰতীয় টেবুল টেনিছ দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে । আগন্তুক এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত তেওঁ ভাৰতীয় দলটোৰ প্ৰশিক্ষকৰূপে দায়িত্ব পালন কৰিব । দুয়োগৰাকী অসম সন্তানলৈ ইটিভি ভাৰতৰ অভিনন্দন ।

লগতে পঢ়ক: শীঘ্ৰে গুৱাহাটী মহানগৰীত মুকলি হ'ব আন এখন উৰণীয়া সেঁতু

Last Updated :Sep 26, 2021, 2:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.