শীঘ্ৰে গুৱাহাটী মহানগৰীত মুকলি হ'ব আন এখন উৰণীয়া সেঁতু

author img

By

Published : Sep 26, 2021, 12:54 PM IST

another fly over ready for opening in guwahati shortly

দিনে-নিশাই চলি আছে দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য । সম্পূৰ্ণ হৈছে ৮৫ শতাংশৰো অধিক নিৰ্মাণকার্য । দীপাৱলীত মুকলিৰ লক্ষ্য ।

গুৱাহাটী, 26 ছেপ্তেম্বৰ : উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ লক্ষ্যৰে কেইবাখনো উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম চলি আছে । আনহাতে, ৰাজ্যৰ অতি ব্যস্ত অঞ্চল হিচাপে পৰিচিত ৰাজধানী দিছপুৰ অঞ্চলক যান-জঁটৰ সমস্যাৰ পৰা মুক্ত কৰি ৰখাৰ বাবে দুখনকৈ উৰণীয়া সেঁতু নিৰ্মাণ কৰা হৈছে ।

another fly over ready for opening in guwahati shortly
উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য

এই সন্দৰ্ভত লোক নিৰ্মাণ বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে, লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ থলুৱা ঠিকাদাৰেও যাতে উৰণীয়া সেঁতুকে ধৰি ৰাজ্য চৰকাৰৰ বৃহৎ প্ৰকল্পসমূহ নিৰ্মাণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । তাৰ অংশ হিচাপে দিছপুৰ ছুপাৰ মাৰ্কেটত যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ কৰি থকা উৰণীয়া সেঁতুখন গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী মিৰ্জাৰ অনিল দাস নামৰ এজন থলুৱা ঠিকাদাৰক নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে ৷

another fly over ready for opening in guwahati shortly
নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত উৰণীয়া সেঁতুৰ কাম

লগতে পঢ়ক: বিশ্ব নদী দিৱস 2021

২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু ১২৭.২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি থকা সেঁতুখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ তিনি বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি, উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্য দীপাৱলীৰ সময়ত যাতে সম্পূৰ্ণ হয়, তাৰ বাবে দিনে-নিশাই কাম কৰি থকা হৈছে ৷ বিভাগীয় কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি দুইলেনযুক্ত সেঁতুখনৰ মুঠ দৈৰ্ঘ হ’ব ১,২০৫ মিটাৰ ।

another fly over ready for opening in guwahati shortly
নতুন উৰণীয়া সেঁতু

ইয়াৰে গণেশগুৰিৰ পৰা ছুপাৰ মাৰ্কেট সংযোগী জি এছ ৰোডৰ অংশখিনিৰ দৈৰ্ঘ ৮২৫ মিটাৰ । তেনেদৰে ছুপাৰ মাৰ্কেটৰ পৰা লাষ্টগেটলৈ অংশটোৰ দৈৰ্ঘ ৩৯৪ মিটাৰ । বৰ্তমান প্ৰায় ৮৫ শতাংশৰো অধিক কাম সম্পন্ন হোৱা উৰণীয়া সেঁতুখনৰ নিৰ্ধাৰিত নিৰ্মাণ কার্য তিনি বছৰ অৰ্থাৎ ২০২২ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু যদি অক্টোবৰ মাহৰ শেষত নিৰ্মাণ কার্য সম্পূৰ্ণ কৰা হয়, তেন্তে নিৰ্ধাৰিত সময়তকৈ প্ৰায় ১৪ মাহ পূৰ্বে সম্পন্ন হ'ব ।

এয়া নিশ্চিতভাৱে অসমৰ লোক নিৰ্মাণ বিভাগৰ ইতিহাসত এক উল্লেখনীয় হিচাপে পৰিগণিত হ'ব । ইয়াৰ উপৰিও উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্যত প্ৰতিটো খণ্ডতে অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি, বিভাগৰ মুখ্য অভিযন্তাকে ধৰি বিভাগীয় অভিযন্তা-বিষয়াসকলে নিশাৰ ভাগতো উৰণীয়া সেঁতুলৈ আহি নিৰ্মাণ কার্য তদাৰক কৰি আছে । বৰ্তমান ওপৰৰ অংশৰে ঠাই বিশেষে বাহন চলাব পৰা হৈছে ।

another fly over ready for opening in guwahati shortly
শীঘ্ৰেই গুৱাহাটী মহানগৰীত মুকলি হ'ব আন এখন উৰণীয়া সেঁতু

মুঠ ২৫ টা স্পান থকা উৰণীয়া সেঁতুখনত সৌন্দৰ্যবৰ্ধনৰ বাবে বৰ্তমান পেইণ্টিং, পোহৰৰ বাবে ষ্ট্ৰীট লাইট আৰু সুৰক্ষাৰ বাবে ফেন্সিং স্থাপনৰ কাম চলি আছে । সকলো ঠিকে-থাকে থাকিলে দুৰ্গা পূজাৰ পাচতেই উৰণীয়া সেঁতুৰ ওপৰেৰে পৰীক্ষামূলকভাৱে বাহন চলোৱা হ'ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জানিবলৈ দিয়ে । আনহাতে, উৰণীয়া সেঁতুখন যাতায়াতৰ বাবে মুকলি হ’লে দিছপুৰকেন্দ্ৰিক যান-জঁটৰ সমস্যাৰ পৰা ৰাইজে সকাহ লাভ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: গৰুখুঁটিৰ হিংসাত্মক পৰিস্থিতিৰ বাবে এটা বিশেষ সংগঠনক দোষাৰোপ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.