ETV Bharat / state

বন্ধ হোৱাৰ দিশে মহানগৰী গুৱাহাটীৰ চিটি বাছ সেৱা

author img

By

Published : Sep 21, 2020, 8:35 PM IST

লকডাউনৰ ফলত দীৰ্ঘদিন ধৰি চিটি বাছ সেৱা বন্ধ থকাৰ বাবে বেংকৰ মাহেকীয়া কিস্তি দিবলৈও মূৰে কপালে হাত দিব লগা হৈছে মালিকসকলে ৷ যাৰ বাবে বিমূৰত পৰি বাছ সমূহ বিক্ৰীৰ কথা চিন্তা কৰিছে যদিও উপযুক্ত গ্ৰাহকৰ অভাৱত গেৰেজতে ধ্বংস হ'ব ধৰিছে বাছসমূহ । আনহাতে, এনে সময়তে ভূতৰ ওপৰত দানৱ পৰা দি পৰিছে আন এটা বিষয়ে ৷ কৰ'ণা মহামাৰীৰ বাবে ৰাজ্য চৰকাৰে বলবৎ কৰা লক্ডাউনৰ সময়ছোৱাত আন্তঃজিলা যাতায়তৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে নিগমৰ তত্বাৱধানত যাত্ৰীসকলক কঢ়িয়াবৰ বাবে ভাড়াৰ বিনিময়ত ব্যৱহাৰ কৰিছিল ব্যক্তিগত খণ্ডৰ প্ৰায় ২০০খনকৈ বাছ ।

Towards the closure of Guwahati metropolitan city's bus service
বন্ধ হোৱাৰ দিশে মহানগৰী গুৱাহাটীৰ চিটি বাছ সেৱা

গুৱাহাটী, 21ছেপ্তেম্বৰঃ এতিয়াৰে পৰা শুনা নাপাব আদাবাৰী-পাঞ্জাবাৰী-মালিগাঁও‍-দিছপু্ৰ-গণেশগুৰি বুলি হেণ্ডিমেনৰ সেই চিনাকী চিঞৰবোৰ ৷ অতীত হ'ব পাৰে গুৱাহাটী মহানগৰীৰ চিটি বাছ ৷ কাৰণ কৰ'ণা মহামাৰীৰ সমান্তৰালভাৱে লক্ ডাউনে জুৰুলা কৰিছে বাছৰ মালিক সকলক । কিয়নো ৰাজ্যত কৰ'ণাৰ সন্ত্ৰাস আৰম্ভ হোৱাৰে পৰা প্ৰায় সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে চিটি বাছ সেৱা । শেহতীয়াকৈ মহানগৰীত কেইখনমান চিটি বাছ চলি আছে যদিও সেয়া সম্পূৰ্ণ ঘাটিত । সাধাৰণতে গুৱাহাটী মহানগৰীত যাত্ৰী সকলৰ যাতায়তৰ প্ৰথম পচন্দ চিটি বাছেই আছিল যদিও কৰ'ণা মহামাৰী আৰম্ভ হোৱাৰে পৰা সলনি হ'ল মহানগৰীৰ দৃশ্যপট ৷

বন্ধ হোৱাৰ দিশে মহানগৰী গুৱাহাটীৰ চিটি বাছ সেৱা

সৰ্বসাধাৰণৰ মনত বৰ্তমান চিটি বাছক লৈ এটাই ধাৰণা চিটি বাছত উঠিলেই আক্ৰান্ত হ'ব লাগিব কৰ'ণা ভাইৰাছত ৷ যাৰ ফলত এতিয়া চিটি বাছ সেৱাৰ মৃতপ্ৰায় অৱস্থা ৷ তৎস্বত্বেও দুই-এগৰাকী বাছ মালিকে চিটি বাছ সেৱা অব্যাহত ৰাখিছে যদিও অধিক সংখ্যক বাছ মালিকেই গ্ৰাহকৰ অভাৱত বাছসমূহ গেৰেজতে সুমুৱাই ৰাখিছে ৷ ইপিনে,বাছ সমূহ অচল হৈ পৰাত বিশেষ ভাৱে ক্ষতি গ্ৰস্ত হৈছে চিটি বাছৰ চালক আৰু হেণ্ডিমেন সকল । উপাৰ্জনৰ একমাত্ৰ সম্বল চিটিবাছ সমূহ বন্ধ হৈ পৰাত একপ্ৰকাৰে ঘৰ নচলা হৈ পৰিছে তেওঁলোকৰ । বাছৰ অচল অৱস্থাৰ বাবেই বিপাঙত পৰিছে মালিকসকলো ৷ মালিকসকলৰ অধিকাংশই বেংকৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল বাছ ।

কিন্তু লকডাউনৰ ফলত দীৰ্ঘদিন ধৰি চিটি বাছ সেৱা বন্ধ থকাৰ বাবে বেংকৰ মাহেকীয়া কিস্তি দিবলৈও মূৰে কপালে হাত দিব লগা হৈছে মালিকসকলে ৷যাৰ বাবে বিমূৰত পৰি বাছ সমূহ বিক্ৰীৰ কথা চিন্তা কৰিছে যদিও উপযুক্ত গ্ৰাহকৰ অভাৱত গেৰেজতে ধ্বংস হ'ব ধৰিছে বাছসমূহ । আনহাতে, এনে সময়তে ভূতৰ ওপৰত দানৱ পৰা দি পৰিছে আন এটা বিষয়ে ৷ কৰ'ণা মহামাৰীৰ বাবে ৰাজ্য চৰকাৰে বলবৎ কৰা লকডাউনৰ সময়ছোৱাত আন্তঃজিলা যাতায়তৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে নিগমৰ তত্বাৱধানত যাত্ৰীসকলক কঢ়িয়াবৰ বাবে ভাড়াৰ বিনিময়ত ব্যৱহাৰ কৰিছিল ব্যক্তিগত খণ্ডৰ প্ৰায় ২০০খনকৈ বাছ । কিন্তু প্ৰায় ছমাহ পাৰ হোৱাৰ পিছতো কোনোধৰণৰ কাণসাৰ নাই পৰিবহণ নিগমৰ ৷ বৰ্তমানলৈকে নিগমে ভাড়াৰ নামত ফুটাকড়ি এটাও আদায় দিয়া নাই ৷ এই অভিযোগ বাছৰ মালিকসকলৰ ৷

বৃহত্তৰ গুৱাহাটী মটৰ পৰিবহণ সন্থাই সাংবাদিকক জানিবলৈ দিয়া মতে, বাছ সমূহৰ ভাড়াৰ বাবদ অসম পৰিবহণ নিগমে মালিকসকলক আদায় দিব লাগে প্ৰায় ২ কোটিৰো অধিক ধন । কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে পৰিবহণ নিগমৰ অধ্যক্ষ গৰাকীয়ে মোকলাই দিব খোজা নাই ধনখিনি । যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৃহত্তৰ গুৱাহাটীৰ মটৰ পৰিবহণ সন্থাই । শীঘ্ৰে অসম পৰিবহণ নিগমক ধনখিনি অতি শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰীৰ এইক্ষেত্ৰত প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছে সন্থাটোৱে।

লগতে পঢ়কঃবিটিচিৰ নিৰ্বাচন পিছুওৱা সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.