ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 15, 2021, 7:03 PM IST

top-ten-news-at-7
সাত বজাৰ শীৰ্ষ দহটা বাতৰি

সাত বজাৰ শীৰ্ষ দহটা বাতৰি

চলন্ত বাহনলৈ গুলীচালনাৰ প্ৰসংগ: আটক কুখ্যাত ড্ৰাগছ মাফিয়া

চলন্ত বাহনলৈ নগাঁও আৰক্ষীৰ গুলীচালনাৰ প্ৰসংগ । চলন্ত বাহনৰ চকাত গুলী ফুটাই আটক কুখ্যাত ড্ৰাগছ মাফিয়া । পলাতক হৈ আছিল ড্ৰাগছ মাফিয়া আশ্ৰাদুল্লা ।

জামাত-উল-মুজাহিদীন বাংলাদেশৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

পশ্চিমবংগত বাহৰ পাতিছে জামাত-উল-মুজাহিদীন বাংলাদেশ(Jamaat-ul- Mujahideen Bangladesh)ৰ সন্ত্ৰাসবাদীয়ে । বিশেষ টাস্ক ফ'ৰ্চ(Special Task Force)ৰ জালত পৰিছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদী । বুধবাৰে নিশা ৰাজ্যখনৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাৰাসাতৰ পৰা বিশেষ টাস্ক ফ'ৰ্চে গ্ৰেপ্তাৰ কৰে উগ্ৰপন্থী সংগঠনটোৰ এটা সন্ত্ৰাসবাদী ।

দেশত চেঞ্চুৰী কোবালে পেট্ৰ'ল-ডিজেলৰ মূল্যই

পেট্ৰ'ল আৰু ডিজেলৰ মূল্য পুনৰাই এবাৰ বৃদ্ধি পালে । দেশৰ অধিকাংশ মহানগৰত বৰ্তমান পেট্ৰ'লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷ ইয়াৰ বিপৰীতে ডিজেলৰ মূল্য শতক স্পৰ্শ কৰাৰ দিশে ৷

পুনৰ কেন্দ্ৰক উদ্দেশ্যি ৰাহুল গান্ধীৰ তীব্ৰ বাক্যবাণ

বৃহস্পতিবাৰে পুনৰ কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধী(Rahul Gandhi)ৰ । ক'ভিড-১৯ প্ৰতিষেধকৰ অভাৱ, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতি, মূল্যবৃদ্ধি আৰু কৃষকৰ বৰ্তমান অৱস্থা আদি বিষয়ক লৈ কেন্দ্ৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতাজনে । তেওঁ লগতে কয় যে, এই জটিল সময়ৰ বাবে দায়ী কোন সেয়া সমগ্ৰ দেশবাসীয়ে জানে ।

মৰিগাঁৱত সংগোপনে চলিছে পক্ষী নিধন যজ্ঞ

মৰিগাঁৱত অব্যাহত আছে পক্ষী নিধন যজ্ঞ। মৰিগাঁৱৰ বিভিন্ন জলাশয়ত চিকাৰীৰ মৰণ ফান্দ । বিলুপ্তপায় প্ৰজাতিৰ কামচৰাই 500 টকাত বিক্ৰী । লাহৰীঘাট, মৈৰাবাৰীৰ পৰা আৰম্ভ কৰি সমগ্ৰ জিলাখনত অতি সংগোপনে চলি আছে এই পক্ষী নিধন যজ্ঞ ।

লামডিং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ নিচাযুক্ত টেবলেট

লামডিং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণ নিচাযুক্ত টেবলেট ৷ বুধবাৰে নিশা লামডিং আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় ৷ এই অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটৰ ৷

প্ৰহসনত পৰিণত কোটি টকীয়া বাঁহ হস্ত শিল্প উৎপাদন কেন্দ্ৰ

বিগত 9 বছৰে অচল অৱস্থাতে পৰি আছে নগাঁও জিলাৰ চামগুৰিৰ বাজিয়া গাঁৱত নিৰ্মাণ কৰা কোটি টকীয়া বাঁহ হস্ত শিল্প উৎপাদন কেন্দ্ৰটো ৷ কেন্দ্ৰটো নিৰ্মাণৰ নামত তেতিয়াৰ এগৰাকী কংগ্ৰেছী মন্ত্ৰীয়ে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

সুৰাৰ পৰিৱৰ্তে ঘৰে ঘৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰক : অখিল গগৈ

কেবিনেটে (Cabinet) সুৰাৰ হোম ডেলিভাৰী (Home Delivery)ত অনুমোদন জনোৱাৰ পাচতে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধীয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ বিপৰীতে শাসক পক্ষই আদৰণি জনাইছে চৰকাৰৰ এই সিদ্ধান্তক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.