ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : May 28, 2021, 12:58 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

1 বজাৰ শীৰ্ষ দহটা বাতৰি...
1 বজাৰ শীৰ্ষ দহটা বাতৰি...

জোনাইত সান্ধ্য আইন জাৰি থকাৰ সময়ত আইন ভংগকাৰীক জৰিমনা

ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত নিৰ্দিষ্ট সময়ৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে যদিও একাংশই নিয়ম উলংঘা কৰি প্ৰশাসনৰ ৰোষত পৰিছে । এনে লোকৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে জোনাই আৰক্ষী । নিয়ম উলংঘা কৰা লোকৰ পৰা ১১,৫০০ টকা জৰিমনা সংগ্ৰহ কৰিলে জোনাই আৰক্ষীয়ে ।

বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰই

মৰাণত সংঘটিত হ'ল এক শোকাৱহ ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱতিলে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ লক্ষ্যজিৎ গগৈয়ে । মৰাণ মহাবিদ্যালয়ৰ আছু গোটৰ সক্ৰিয় কাৰ্যনিৰ্বাহক সদস্যগৰাকীৰ অকাল বিয়োগে মৰ্মাহত কৰিছে আছু কৰ্মীসকলক ।

নলবাৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত

ৰাজ্যত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ৷ এনে সময়তে নলবাৰীৰ বেলশৰ থানাৰ অন্তৰ্গত শিঙিমাৰীত বেলশৰ, নলবাৰী আৰু ঘগ্ৰাপাৰ থানাৰ এক যুটীয়া অভিযানত আৰক্ষীয়ে শিঙিমাৰী গাঁৱৰ স্বামী-স্ত্ৰী ক্ৰমে পুলক বৰ্মন আৰু দুলু বৰ্মনক ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ অভিযোগত আটক কৰে ৷

লংকাত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ

লংকা আৰক্ষীৰ জালত পৰিছে এজন ড্ৰাগছ ব্যৱসায়ী ৷ জব্দ প্ৰায় 50 হাজাৰ টকাৰ ড্ৰাগছ ৷

ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু

বৃহস্পতিবাৰে ডিমা হাছাওত পুনৰ এগৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু । মৃত মহিলাগৰাকীৰ নাম বাবলি অগ্ৰহাৰি । হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী । এতিয়ালৈকে ডিমা হাছাওত ৮ গৰাকী কৰ'ণা ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।


মূল্যবৃদ্ধিৰ সন্দৰ্ভত ব্যৱসায়ী সন্থাৰ সৈতে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক

বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত উপস্থিত থাকে জিলাখনৰ ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকল । জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত মূল্যবৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰা হয় ।


ত্ৰিপুৰাত ৫৭৯ কোটিৰ পুঁজি ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে ৫৭৯ কোটি টকাৰ বিশেষ পুঁজি ঘোষণা কৰে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে । বিশেষ পুঁজি ক'ত খৰচ কৰা হ'ব সেই বিষয়ে উল্লেখ কৰি তেওঁ কয় যে দৰিদ্ৰ লোকসকলক পোনপটীয়া ধন প্ৰদান কৰা এমজিএনৰেগাক অগ্ৰাধিকাৰ তালিকাৰ শীৰ্ষত অন্তৰ্ভুক্ত কৰা হৈছে । ৰাজ্যজুৰি উন্নয়নমূলক কামত ৩৩২ কোটি টকাতকৈ কম খৰচ কৰা নহ'ব যাতে সংকটৰ সময়ছোৱাত ৰাইজৰ হাতলৈ ধন যায় । লগতে চহৰাঞ্চলত টি.ইউ.ই.পি. আঁচনিৰ অধীনত কিছুমান কামো কৰা হ'ব ।

বৰপেটাত পুনৰ ক’ভিডত প্ৰাণ হেৰুৱালে 4 জনে

বৃহস্পতিবাৰে বৰপেটাত পুনৰ চাৰিজন লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাত জিলাখনত নিহতৰ সংখ্যা ৭৩ জনলৈ বৃদ্ধি পায় । বিপৰীতে ১৫৩ জন লোক নতুনকৈ মহামাৰী কৰ'ণাত আক্ৰান্ত হয় ।

মৰাণত ২২৭১ জনলৈ বৃদ্ধি ক'ভিডত আক্ৰান্তৰ সংখ্যা

বৃহস্পতিবাৰে মৰাণত ৭০ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি । বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ২,২৭১ জন লোক ক'ভিডত আক্ৰান্ত । বৰ্তমানলৈকে মৰাণত ২২ জন লোক ক'ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

নিজ ৰাজ্যলৈ উভতিল অসমত আশ্ৰয় লোৱা পশ্চিমবংগৰ লোকসকল

অৱশেষত আপোন ঘৰলৈ উভতিল পশ্চিমবংগৰ ঝাউকুঠীৰ পৰা আহি অসমত আশ্ৰয় লোৱা বহু লোক । যোৱা ২ মে'ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে পশ্চিমবংগৰ ঝাউকুঠীত‌ আৰম্ভ হৈছিল নিৰ্বাচনী হিংসা । আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ বহু লোকে নিজৰ ঘৰ এৰি আহি অসমৰ ৰণপাগলীত আশ্ৰয় লৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.