ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Nov 29, 2021, 2:58 PM IST

3 বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 3pm
3 বজাৰ শীৰ্ষ দহটা বাতৰি

Farm Laws Repeal Bill: লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

অৱশেষত লোকসভাৰ মজিয়াত গৃহীত হ’ল ‘কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক 2021’ (Farm Laws repeal Bill 2021) ৷ ধ্বনি ভোটত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়কখন (Farm Laws Repeal Bill) ৷

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ খিলঞ্জীয়া মহিলাৰ

মুখ্যমন্ত্ৰীয়ে দহ বছৰ বসবাস কৰিলে মাটিৰ পট্টা দিয়াৰ কথা ঘোষণা কৰাৰ সময়তে মহানগৰীৰ বেলতলাত শোষিত হৈছে খিলঞ্জীয়া ৷ সুদীৰ্ঘ 40 বছৰে দখল স্বত্ব ভোগ কৰি অহা ভূমি মিচিং স্বায়ত্ব শাসিত পৰিষদে বলপূৰ্বকভাৱে দখল কৰাৰ অভিযোগ মহিলাৰ (Woman accuse Mising Autonomous Council of Land grabbing) ৷

Death anniversary of Mamoni Raisom Goswami : মৃত্যু তিথিত প্ৰিয় সাহিত্যিকগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি

ইন্দিৰা গোস্বামী, যি সাহিত্য জগতত মামণি ৰয়ছম গোস্বামী(Mamoni Raisom Goswami) হিচাপে পৰিচিত ৷ তেওঁ সামাজিক গাঁথনিৰ দ্বাৰা বশীভূত লোকসকলৰ জীৱনৰ বিষয়ে লিখি পাঠকক আমোদ জগাইছিল ৷ আজি 10 সংখ্যক মৃত্যু তিথিত মামণি বাইদেউ(Death Anniversary of Mamoni Raisom Goswami)লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সমগ্ৰ অসমবাসীয়ে ৷

Omricon variant threat : মহাৰাষ্ট্ৰত আফ্ৰিকাৰ পৰা অহা ব্যক্তিৰ দেহত ক’ভিড-19

মহাৰাষ্ট্ৰত এগৰাকী ব্যক্তি ক’ভিড-19 ৰ নতুন প্ৰৱাহ Omricon ৰ (New Covid-19 Variant Omricon) দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে ৷ কিছুদিন পূৰ্বে দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইলৈ আহিছিল ব্যক্তিগৰাকী ৷ তেওঁৰ নমুনাসমূহ genome sequencing ৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

LGBI guwahati airport : এতিয়াৰে পৰা বৰঝাৰ বিমানবন্দৰত 24 ঘণ্টাই সেৱা লাভ কৰিব যাত্ৰীয়ে

যাত্ৰীৰ সুবিধাৰ্থে আজাৰাস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ(LGBI guwahati airport)ত শীঘ্ৰে উপলব্ধ হ’ব 24 ঘণ্টীয়া সেৱা ৷ নতুন নিয়ম অনুসৰি, ৰাতি 12 বজালৈকে বিমানবন্দৰটোত উপলব্ধ থাকিব বিমান সেৱা ৷

Jorhat-Majuli Bridge : আজি খুঁটা পোতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে

সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই খুঁটা পোতা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব যোৰহাট-মাজুলী সংযোগী দলঙৰ (Jorhat-Majuli Bridge)৷ প্ৰায় 925 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া দলংখনৰ দৈৰ্ঘ হ’ব 4 কিল’মিটাৰ ৷

Jayanta Malla Baruah on CAA Protest : আন্দোলনে কাৰোবাক সাংসদ বনালে, কাৰোবাক বনালে নেতা

‘কা’ আন্দোলন(CAA Protest)ক লৈ বিস্ফোৰক মন্তব্য বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা(MLA Jayanta Malla Baruah on CAA Protest) । নাম নোলোৱাকৈ কটাক্ষ সাংসদ অজিত ভূঞা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, বিধায়ক অখিল গগৈক ।

Delhi NCR pollution : নিৰ্দেশনা অমান্য কৰাৰ বাবে ৰাজ্যসমূহক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত দাখিল কৰা আবেদনৰ বাবে সোমবাৰে উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হয় শুনানি (SC hearing petition concerning pollution rise in Delhi) ৷ এই আবেদনৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্যকান্তে ৷

reliance jio unlimited plans revised : 1 ডিচেম্বৰৰ পৰা বৃদ্ধি পাব জিঅ’ৰ নিৰিখ

বৃদ্ধি পাব জিঅ’ৰ সকলো আনলিমিটেড সেৱাৰ নিৰিখ(reliance jio unlimited plans revised) ৷ এই মূল্য কাৰ্যকৰী কৰা হ’ব 1 ডিচেম্বৰৰ পৰা ৷

Urmila Mahanta ক বিয়া কৰাবলৈ দৰা সাজি আহিল দাক্ষিণাত্যৰ অভিনেতা আৰ বদ্ৰী

সুদীৰ্ঘ এটা দশকৰো অধিক সময় ধৰি প্ৰেম আৰু বন্ধুত্বৰ এনাজৰীৰে আৱদ্ধ হৈ থকাৰ পাচত শেহতীয়াকৈ যুগ্ম জীৱনৰ পাতনি মেলিলে বলীউডত উজলি উঠা দুগৰাকী তাৰকা । এগৰাকী হৈছে সুদক্ষ আৰু প্ৰাণৱন্ত অভিনয়ৰে টলীউড আৰু বলীউডত খোজ পেলোৱা উৰ্মিলা মহন্ত(Actress Urmila Mahanta) আৰু আনগৰাকী হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাও(Actor Rajkumar Rao) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.