ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 25, 2022, 11:14 AM IST

TOP 10 AT 11 AM
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Car insurance scam: অসম তথা উত্তৰ-পূৱত অব্যাহত গাড়ীৰ বীমা কেংলেকাৰী

ৰাজ্যত হ্ৰাস পোৱা নাই গাড়ী সংক্ৰান্তীয় বীমা কেংলেকাৰী ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰাৰ পাছত ৰুজু কৰা হৈছিল গোচৰ ।আদালতত শুনানিৰ পাছত কেলেংকাৰীৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ অধীনত বিশেষ অনুসন্ধান গোট গঠন কৰি দিয়া হৈছিল যদিও সফল হ’ব পৰা নাই অসম আৰক্ষী ৷

Militant cadre detained: কাছাৰত HPC উগ্ৰপন্থী গোটৰ শীৰ্ষ কেডাৰ আটক

শনিবাৰে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই লক্ষীপুৰ আৰক্ষী আৰু অসম ৰাইফলছে লক্ষীপুৰৰ পৰা মাৰ পিপলছ কনভেনছন চমুকৈ HPC (P) উগ্ৰপন্থী সংগঠনৰ এটা শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰে ৷ ধৃত উগ্ৰপন্থীটোৰ নাম লালমিন থাং ছানাটে বুলি সদৰী কৰিছে ৷

Sonowal in Dirugarh: যোগক জীৱনৰ অভিন্ন অংগ কৰি ল'বলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰগড়ৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈ নষ্টালজিক হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নিজে পঢ়া বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত উপস্থিত হৈ নিজে পঢ়ি অহা সময়ৰ কথা সুঁৱৰিলে সোণোৱালে ।

Man Elephant conflict : বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা এটা পৰিয়ালৰ

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে হাতী-মানুহৰ সংঘাতৰ ঘটনা ৷ এইবাৰ তেজপুৰত বন্যহস্তীৰ আক্ৰমণৰ পৰা এটা পৰিয়ালৰ কথমপি প্ৰাণ ৰক্ষা পৰে (Man Elephant conflict in Tezpur) ৷

Road Accident: ট্ৰেভেলাৰৰ খুন্দাত নিহত দুই বাইক আৰোহী

ধেমাজি জিলাৰ কুলাজান-বগীবিল পথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শনিবাৰে নিশা প্ৰায় ৬.৩০ বজাত কুলাজান-বগীবিল পথৰ টঙানি দলঙৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷

Football Tournament in Dibrugarh: ডিব্ৰুগড়ত ফুটবল খেল চাই ৰে’লেৰে ৰাজধানীলৈ উভতিল মুখ্যমন্ত্ৰী

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা উপভোগ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । খেল উপভোগ কৰিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ পুৰণি ৰে'লৱে ষ্টেচনৰ পৰা ৰাজধানী এক্সপ্ৰেছত গুৱাহাটীলৈ ৰাওনা হয় ।

Ravishankar prasad target Bharat Jodo Yatra : ৰাহুল গান্ধীক আক্ৰমণ বিজেপি নেতা ৰবি শংকৰ প্ৰসাদৰ

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক তীব্ৰ সমালোচনা কৰিলে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা ৰবি শংকৰ প্ৰসাদে । এই যাত্ৰাৰ নেতৃত্বত থকা ৰাহুল গান্ধীকো আক্ৰমণ নেতাগৰাকীৰ । এই যাত্ৰাত সৰু সৰু গেঙৰ সদস্য আছে বুলি তেওঁ অভিযোগ কৰে ।

Two tourist from Russia die by suicide: ওডিশাৰ ৰায়গদাত তিনিদিনত দুজন ৰাছিয়াৰ পৰ্যটকৰ মৃত্যু

ওডিশাৰ ৰায়গদাত এজনৰ পাছত আনজন ৰাছিয়াৰ পৰ্যটকৰ ৰহস্যজনক মৃত্যু(Russian Tourist Found Dead ) ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

Asam Sahitya Sabha controversy : অসম সংগীত পৰিৱেশনত লাগিল খেলিমেলি

আকৌ বিতৰ্কৰ মাজত অসম সাহিত্য সভা ৷ শনিবাৰে সাহিত্য সভাই নতুন সভাপতি সম্পাদক ঘোষণা কৰিয়েই অসম সাহিত্য সভা সোমাই পৰিল বিতৰ্কৰ মাজত ৷ ভুলে শুদ্ধই গালে অসমৰ জাতীয় সংগীত ৷

CAG Report on NRC: কেগৰ প্ৰতিবেদনত এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ তথ্য

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা সদনত উত্থাপিত হয় ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্ৰতিবেদন । প্ৰতিবেদনত এন আৰ চিৰ বহু বিসংগতিৰ লগতে বৃহৎ কেলেংকাৰীৰ তথ্য উন্মোচিত হয় । বিৰোধীয়ে দাবী কৰে চি বি আই তদন্ত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.