ETV Bharat / state

PPE Kit Controversy: চি বি আই তদন্ত বিচাৰিলে তৃণমূল কংগ্ৰেছে

author img

By

Published : Jun 8, 2022, 8:25 PM IST

PPE Kit Controversy: চি বি আই তদন্ত বিচাৰিলে তৃণমূল কংগ্ৰেছে
PPE Kit Controversy: চি বি আই তদন্ত বিচাৰিলে তৃণমূল কংগ্ৰেছে

ড৹ হিমন্ত বিশ্ব শর্মাৰ ফাঁকিবাজী এতিয়া জলজল পটপটকৈ ওলাই পৰিল । এক আৰ টি আইৰ উত্তৰত অসম চৰকাৰৰ ক'ভিড প্ৰতিৰোধী সকলো সা-সামগ্ৰী ক্ৰয়ৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে অতি স্পষ্টভাৱে জনাই দিছে যে চীনৰ পৰা ক’ভিড প্ৰতিৰোধ অভিযানৰ কোনো সা-সামগ্ৰী ক্ৰয় কৰা হোৱা নাছিল । আৰ টি আইৰ উত্তৰত কোৱা হৈছে ২০২০ চনৰ ১৮ মাৰ্চৰ পৰা ২০২২ চনৰ ৪ জানুৱাৰীলৈকে অসমলৈ ৫০,০০০ পি পি ই কিট যোগানৰ কোনো তথ্য নাই ।

গুৱাহাটী, 8 জুন: ৰাজ্যত ক'ভিডকালিন সময়ত সংঘটিত হোৱা বৃহৎ পি পি ই কিট আৰু ছেনিটাইজাৰ কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবীত অসম তৃণমূল কংগ্ৰেছে বুধবাৰে গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Assam TMC demands CBI enquiry on PPE scam) । প্ৰতিবাদীকাৰীসকলে বৃহৎ পি পি ই কিট কেলেংকাৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি 'পি পি ই কিট কেলেংকাৰীৰ তদন্ত কৰক', 'বিজেপি চৰকাৰ হায় হায়', 'হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ তদন্ত কৰক', 'আমাক ন্যায় লাগে' আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে ভয়ংকৰ ক'ভিড পৰিস্থিতিৰ মাজত ২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা গুৱাহাটীৰ বৰঝাৰ বিমানকোঠৰ ৰানৱেত ‘ব্লু-ডাৰ্ট’ৰ এখন সামগ্ৰী পৰিবাহী বিমানৰ সন্মুখত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা থিয় হৈ চীন দেশৰ পৰা অসমে অসমৰ ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৫০,০০০ বিশেষ পি পি ই কিট আমদানি কৰি আনিছে বুলি প্ৰচাৰ কৰিছিল ।

PPE Kit Controversy: চি বি আই তদন্ত বিচাৰিলে তৃণমূল কংগ্ৰেছে

ড৹ হিমন্ত বিশ্ব শর্মাৰ ফাঁকিবাজী এতিয়া জলজল পটপটকৈ ওলাই পৰিল । এক আৰ টি আইৰ উত্তৰত অসম চৰকাৰৰ ক'ভিড প্ৰতিৰোধী সকলো সা-সামগ্ৰী ক্ৰয়ৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে অতি স্পষ্টভাৱে জনাই দিছে যে চীনৰ পৰা ক’ভিড প্ৰতিৰোধ অভিযানৰ কোনো সা-সামগ্ৰী ক্ৰয় কৰা হোৱা নাছিল । আৰ টি আইৰ উত্তৰত কোৱা হৈছে ২০২০ চনৰ ১৮ মাৰ্চৰ পৰা ২০২২ চনৰ ৪ জানুৱাৰীলৈকে অসমলৈ ৫০,০০০ পি পিই কিট যোগানৰ কোনো তথ্য নাই ।

তেওঁ কয় - 'ড৹ হিমন্ত বিশ্ব শর্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই 2020 চনৰ এপ্ৰিলত 1,475 টা পি পি কিট CSR ৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমক বিনামূলীয়াকৈ যোগান ধৰাৰ কথা সদৰী কৰিছিল । কিন্তু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ হাতত ইয়াৰ কোনো তথ্য নাই (No record on PPE KIT purchase in NHM Assam)। আকৌ ড৹ হিমন্ত বিশ্ব শর্মাৰ অতি ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকা আৰু ঘনশ্যাম ধানুকাৰ পৰা কি কাৰণত অতি উচ্চ হাৰত ছেনিটাইজাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে ক্ৰয় কৰিছিল বুলি তেওঁ প্ৰশ্ন কৰে । ৰিপুণ বৰাই এই সমস্ত কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী জনায় । আজি অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা ৰাজ্যপালৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই ক'ভিডকালিন সময়ত সংঘটিত কৰা বৃহৎ পি পি ই কিট আৰু ছেনিটাইজাৰ কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে (TMC send memorandum to Prime Minister) ।

লগতে পঢ়ক: ৰহস্যজনকভাৱে অট্টালিকাৰ পৰা পৰি চিকিৎসকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.