ETV Bharat / state

এআইইউডিএফ বিজেপিৰ বি টীম : ৰিপুণ বৰা

author img

By

Published : May 8, 2022, 9:59 AM IST

tmc-leader-ripun-bora-criticize-aiudf-as-b-team-of-bjp
এআইইউডিএফ বিজেপিৰ বি টীম

"কংগ্রেছত নল মৰি গঁজালি ওলাব পৰা উৰ্বৰা ভূমি নাই, এআইইউডিএফ বিজেপিৰ বি টীম"- এই মন্তব্য তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুণ বৰাৰ ৷ শনিবাৰে গুৱাহাটীত কংগ্ৰেছ(TMC leader Ripun Bora criticize congress) আৰু এআইইউডিএফক তীব্ৰ সমালোচনা(TMC leader Ripun Bora criticize AIUDF) কৰে তৃণমূল কংগ্ৰেছ(অসম) ৰ দায়িত্বত থকা ৰিপুণ বৰাই ৷

গুৱাহাটী, 8 মে’ : শনিবাৰে গুৱাহাটীত উপস্থিত হৈ তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুণ বৰাই কংগ্ৰেছ(TMC leader Ripun Bora criticize congress) আৰু এআইইউডিএফ-ক কঠোৰ সমালোচনা কৰে ৷ ইতিমধ্যে ৰাজ্যত প্ৰায় বিধ্বস্ত হৈ পৰা বিৰোধী দল কংগ্ৰেছৰ হেৰুওৱা ভেঁটি পুনৰুদ্ধাৰৰ বাবে সভাপতি ভূপেন বৰাই ইতিমধ্যে আৰম্ভ কৰিছে এক অভিযান ৷ কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে ৰাজ্যৰ 126 টা সমষ্টি ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে সভাপতি ভূপেন বৰাই ৷ সভাপতিগৰাকীয়ে "নল মৰিব আৰু গঁজালি হ’ব"- এই কথা সাৰোগত কৰিয়ে আৰম্ভ কৰিছে কংগ্ৰেছৰ পুনৰুদ্ধাৰৰ অভিযান ৷

পিছে এই কথাৰ আঁত ধৰিয়ে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, "নল মৰে, গঁজালি ওলায় সঁচা ৷ কিন্তু এতিয়া কংগ্ৰেছৰ গঁজালি ওলাবলৈ সেই মাটি উৰ্বৰা হৈ থকা নাই" ৷ সম্প্ৰতি জনসংযোগ বিচ্ছিন্ন হৈ পৰিছে দলটোৰ ৷ বিশেষকৈ নৱপ্ৰজন্মৰ সৈতে কংগ্ৰেছৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ সেয়ে এই গঁজালি ওলোৱাত জটিল হৈ পৰিছে বুলিও মন্তব্য কৰে টিএমচিৰ নেতাগৰাকীয়ে ৷

এআইইউডিএফক তীব্ৰ সমালোচনা ৰিপুণ বৰাৰ

আনহাতে, গেৰুৱা দল বিজেপিৰ হৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে গোপনে কাম কৰি থকা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই ৷ দলটোৰ প্ৰায় 60 শতাংশ নেতাই বিজেপিক গোপনে সমৰ্থন জনাই অহা বুলি দাবী কৰি বৰাই কয় যে, পূৰ্বতেও এই বিষয়ে সদৰি কৰি আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

সাংবাদিকে সোধা আন এটি প্ৰশ্নৰ উত্তৰত ৰিপুণ বৰাই একপ্ৰকাৰ আক্ৰমণ কৰি কয় যে, ৰাজ্যৰ অন্যতম বিৰোধী দল এআইইউডিএফ হেনো বিজেপিৰ বি টীম(Ripun Bora criticize AIUDF as B team of BJP) ৷ ইতিমধ্যে দলটোক ৰাইজে বিশ্বাসঘাটক দল হিচাপে প্ৰতিষ্ঠিত কৰা বুলিও ৰিপুণ বৰাই উল্লেখ কৰে ৷ যাৰবাবে পৰৱৰ্তী নিৰ্বাচনত ভোটাৰ ৰাইজে সম্পূৰ্ণৰূপে এই দলটোক প্ৰত্যাখ্যান কৰিব বুলিও দাবী কৰে(TMC leader Ripun Bora criticize AIUDF) টিএমচি(অসম) ৰ সভাপতি ৰিপুণ বৰাই ৷

লগতে চাওক: বৰপেটা কংগ্ৰেছত খহনীয়া : জিলা সভাপতিৰ পিছতে পদত্যাগ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.