ETV Bharat / state

যুৱকসকলক আলফালৈ যোৱাত অনুপ্ৰাণিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

author img

By

Published : May 29, 2022, 9:09 PM IST

Sanjoy Kishans apology to Paresh Barua
আলফালৈ ল'ৰা যোৱাৰ বাবে সঞ্জয় কিষাণ অপৰাধী: ৰিপুন বৰা

‘‘সঞ্জয় কিষাণে আলফাক ক্ষমা বিচাৰি কৰি চূড়ান্ত অপৰাধ কৰিছে ৷ যুৱকসকলক আলফালৈ যোৱাত অনুপ্ৰাণিত কৰিছে সঞ্জয় কিষাণে ৷’’ এনে বহু বিস্ফোকৰ মন্তব্যৰে দেওবাৰে সংবাদমেল সম্বোধন কৰিলে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।

গুৱাহাটী, ২৯ মে’: দেওবাৰে এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী সঞ্জয় কিষাণে আলফা(স্বা)ৰ মুৰব্বী পৰেশ বৰুৱাক ক্ষমা খোজাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই (Sanjoy Kishans apology to Paresh Barua)। মন্ত্ৰী সঞ্জয় কিষাণক কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয় যে, সঞ্জয় কিষাণক কালিহে আলফাক ক্ষমা খোজা ক্ষেত্ৰত কাৰণ দৰ্শৱাৰ জাননী জাৰি কৰিবলৈ সময় পালে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী প্ৰথমে নীৰৱ আছিল এতিয়াহে সাৰ পালে । আলফাৰ প্ৰতি অলপ সহানুভূতি দেখুওৱা বহু মানুহক মুখ্যমন্ত্ৰীয়ে জেইলৈ পঠিয়াইছে বুলিও তেওঁ উল্লেখ কৰে ।

আলফালৈ ল'ৰা যোৱাৰ বাবে সঞ্জয় কিষাণ অপৰাধী: ৰিপুন বৰা

সঞ্জয় কিষাণে আলফাক ক্ষমা খুজি চূড়ান্ত অপৰাধ কৰিছে বুলি মন্তব্য কৰি বৰাই কয় যে, তেওঁক বৰ্খাস্ত কৰাই নহয় জেইললৈ প্ৰেৰণ কৰিব লাগে । ফেচবুকত লিখা আৰু মন্ত্ৰী একেই আইনৰ গণ্ডীত পৰে । অসমত গণতন্ত্ৰৰাজ, মুখ্যমন্ত্ৰীৰাজ নে আলফাৰাজ চলিছে বুলিও প্ৰশ্ন কৰে ৰিপুন বৰাই ৷ আলফালৈ ল'ৰা যোৱাৰ বাবে অপৰাধী সঞ্জয় কিষাণ । যুৱকসকলক আলফালৈ যোৱাত অনুপ্ৰাণিত কৰিছে সঞ্জয় কিষাণে বুলিও বিস্ফোৰক মন্তব্য কৰে ৰিপুন বৰাই ।

আনহাতে, এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে অসমত বিজেপিক প্ৰতিৰোধ কৰিবৰ বাবে এআই ইউ ডি এফৰ লগত আপ আৰু অসম তৃণমূল কংগ্ৰেছে জোঁটবন্ধন কৰিবলৈ জনোৱা আহ্বানক উদ্দেশ্যপ্ৰণোদিত বুলি মন্তব্য কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । দেওবাৰে দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি সভাপতিগৰাকীয়ে কয় যে, আমিনুল ইছলামৰ নৈতিক অধিকাৰ নাই আৰু এই আহ্বান পোনচাতেই নস্যাৎ কৰিছো (Ripun Bora on Aminul Islam)।

AIUDF বিজেপিৰ বি টিম আৰু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি স্পষ্ট হৈ পৰা বুলি মন্তব্য কৰি ৰিপুন বৰাই কয় যে, যোৱা সময়চোৱাত মুকলিভাৱে এ আই ইউ ডি এফ দলৰ নেতাই অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক প্ৰশংসা কৰা দেখিছোঁ ৷ ড৹ শৰ্মাক অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈ এ আই ইউ ডি এফৰ নেতা বিজেপিৰ সমৰ্থক হৈ পৰা বুলিও মন্তব্য কৰে ৰিপুন বৰাই । যোৱা পৌৰ সভা আৰু পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে ভাল কাম কৰাৰ বাবে ভাল ফল দেখুৱাইছে বুলি স্বয়ং এ আই ইউ ডি এফৰ নেতাই সংবাদ মাধ্যমত কোৱাৰ কথাও কয় ৰিপুন বৰাই |

লগতে পঢ়ক: লুৰীণজ্যোতি গগৈ মোৰ কাৰণে সদায় ৰাম হৈ থাকিব : চিত্তৰঞ্জন বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.