ETV Bharat / state

যোৰাবাটত জব্দ 2 কোটিৰো অধিক মূল্যৰ ড্ৰাগছ

author img

By

Published : Jul 10, 2021, 9:53 PM IST

শনিবাৰে যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয় ৷ ইয়াৰ তিনি সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ মণিপুৰৰ পৰা লৈ অনা হৈছিল ড্ৰাগছখিনি ৷

three drugs padler arrested in jorabat
যোৰাবাটত 2 কোটি টকাৰ ড্ৰাগছ জব্দ

গুৱাহাটী, ১০ জুলাইঃ ড্ৰাগছকে আদি কৰি অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা মহানগৰ আৰক্ষীয়ে দৈনিক বহু পৰিমাণে ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে । শনিবাৰে নিশা যোৰাবাট আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় মূল্য প্ৰায় 2 কোটিৰো অধিক মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

three drugs padler arrested in jorabat
যোৰাবাটত 2 কোটি টকাৰ ড্ৰাগছ জব্দ

AS-01EC-5478 নম্বৰৰ এখন ট্ৰাকৰ পৰা ড্ৰাগছখিনি জব্দ কৰে যোৰাবাট আৰক্ষীয়ে ৷ ইয়াৰ লগতে ট্ৰাকখনৰ চালকসহ 3 গৰাকী সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন ট্ৰাকত বৃহৎ পৰিমাণৰ ড্ৰাগছ লৈ অহা খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷

সেই খবৰৰ ভিত্তিতে অতিৰিক্ত আৰক্ষী অধীক্ষক বিবেকানন্দ দাস আৰু যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ নেতৃত্বত অভিযান আৰম্ভ কৰে ৷ ড্ৰাগছ লৈ অহা AS-01EC-5478 নম্বৰৰ ট্ৰাকখন যোৰাবাটত উপস্থিত হোৱাৰ পাচতে ট্ৰাকখনৰ পৰা আৰক্ষীয়ে 5 টা ডাঙৰ পেকেট আৰু 50 টা সৰু পেকেটত লৈ অহা ড্ৰাগছখিনি উদ্ধাৰ কৰে ৷

বিগত কিছুদিন ধৰি ড্ৰাগছৰ সৰবৰাহ তথা ড্ৰাগছ ব্যৱসায়ীৰ লগতে সেৱনকাৰীক আটক কৰাৰ খবৰ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও মাজে সময়ে আৰক্ষীৰ জালত পৰিছে ৰৌ-বৰালী ৷ শনিবাৰে উদ্ধাৰ ড্ৰাগছখিনিৰ মূল্য প্ৰায় 2 কোটিৰ অধিক হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷ বৰ্তমান অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত দুই গাঞ্জা ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.