ETV Bharat / state

ৰণত পৰিল বিপিএফৰ তিনি মন্ত্ৰী

author img

By

Published : May 2, 2021, 9:31 PM IST

বিধানসভা নিৰ্বাচনত বিপিএফৰ তিনি মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমীলাৰাণী ব্ৰহ্ম আৰু ৰিহণ দৈমাৰীৰ পৰাজয় বৰণ ৷ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হাতত চন্দন ব্ৰহ্ম পৰাস্ত হোৱাৰ লগতে বিপিএফৰ প্ৰমীলাৰাণী ব্ৰহ্ম ইউপিপিএলৰ লৰেঞ্চ ইছলাৰীৰ হাতত পৰাজয় হয় ৷ আনফালে ৰিহণ দৈমাৰীও ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ হাতত ধৰাশায়ী হ’বলগীয়া হয় ৷

ৰণত পৰিল বিপিএফৰ তিনি মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমীলাৰাণী ব্ৰহ্ম আৰু ৰিহণ দৈমাৰী
ৰণত পৰিল বিপিএফৰ তিনি মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমীলাৰাণী ব্ৰহ্ম আৰু ৰিহণ দৈমাৰী

গুৱাহাটী,২ মে': কেৱল বিজেপিৰে মিত্ৰতা শেষ কৰাই নহয়, দিছপুৰৰ পৰাও ছত্ৰভংগ দিবলগীয়া হ'ল বিদায়ী চৰকাৰখনৰ বিপিএফৰ তিনি মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমীলাৰাণী ব্ৰহ্ম আৰু ৰিহণ দৈমাৰীয়ে । পূৰ্বৰ চৰকাৰৰ মিত্ৰদল বিপিএফৰ এই তিনিগৰাকী মন্ত্ৰীয়ে এইবাৰৰ নিৰ্বাচনত পৰাজয়বৰণ কৰিবলগীয়া হ'ল । কোকৰাঝাৰ পূৱ সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে জিকি অহা বিপিএফৰ প্ৰমীলাৰাণী ব্ৰহ্ম এইবাৰ ৰণত পৰিল ৷ ইউপিপিএলৰ লৰেঞ্চ ইছলাৰীৰ হাতত পৰাজয়বৰণ কৰিবলগীয়া হ'ল অবিৰতভাৱে মন্ত্ৰিত্বৰ আসনত অধিষ্ঠিত হৈ অহা প্ৰমীলাৰাণী ব্ৰহ্মই ৷

অনুৰূপভাৱে ওদালগুৰি সমষ্টিৰ পৰা বিগত সময়চোৱাত জিকি আহি পূৰ্বৰ কংগ্ৰেছ আৰু সদ্যবিদায়ী বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰীসভাত স্থান পোৱা বিপিএফৰ আনগৰাকী মন্ত্ৰী ৰিহণ দৈমাৰীও এইবাৰ ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ হাতত ধৰাশায়ী হ’বলগীয়া হয় ।

ঠিক একেদৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ তৃতীয় গৰাকী মন্ত্ৰী চন্দন ব্ৰহ্মও পৰাজয়বৰণ কৰে । চিদলী সমষ্টিৰ পৰা প্ৰতিবাৰেই বিজয়ী হৈ অহা চন্দন ব্ৰহ্ম পূৰ্বৰ কংগ্ৰেছ আৰু বিজেপি নেতৃত্বাধীন দুয়োখন চৰকাৰতে তিনিবাৰকৈ মন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল । কিন্তু এইবাৰ চন্দন ব্ৰহ্মৰ ভাগ্য সুপ্ৰসন্ন নহ'ল ৷ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হাতত পৰাস্ত হয় চন্দন ব্ৰহ্ম ।

লগতে পঢ়ক : নিশ্চিত জয়ৰ দিশে ভবেন্দ্ৰ নাথ ভৰালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.