ETV Bharat / state

মহানগৰীৰ নুনমাটিত আৰক্ষীৰ জালত দুই বেটাৰী চোৰ

author img

By

Published : Oct 21, 2021, 11:25 AM IST

মহানগৰীত গাড়ীৰ বেটাৰী চুৰি কৰি ৰঙাঘৰৰ আলহী হ'ল দুই গভাইত চোৰ । ধৃত চোৰ দুটা ৰাজ ৰছেলি আৰু ৰাজু আহমেদ । পাৰ্কিং কৰা স্থানৰ পৰাই গাড়ীৰ বেটাৰী চুৰি কৰি নিছিল গভাইত চোৰ দুটাই ।

Thief arrested in Noonmati
নুনমাটিত চুৰি বেটাৰীসহ দুই গভাইত চোৰ আটক

গুৱাহাটী, ২১ অক্টোবৰ : গুৱাহাটীৰ নুনমাটিত চুৰি বেটাৰীসহ দুই গভাইত চোৰক আটক কৰে আৰক্ষীয়ে । নুনমাটি আৰক্ষী থানাৰ অন্তৰ্গত আনন্দ নগৰত আৰক্ষীয়ে অভিযান চলাই চোৰ দুটাক আটক কৰে ৷ ধৃত চোৰ দুটা নুনমাটি আনন্দ নগৰৰ ৰাজ ৰছেলি(২৮) আৰু ৰাজু আহমেদ(২৮) । আৰক্ষীয়ে চোৰ দুটাৰ পৰা চুৰি বেটাৰীও জব্দ কৰে ।

Thief arrested in Noonmati
নুনমাটিত চুৰি বেটাৰীসহ দুই গভাইত চোৰ আটক

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নুনমাটিৰ আনন্দ নগৰত বাবুল আলী নামৰ লোকজনে এএছ ১৫ এচি ০৫৩৭ নম্বৰৰ গাড়ীখন পাৰ্কিং কৰি ৰাখিছিল । উক্ত স্থানৰ পৰাই গাড়ীখনৰ বেটাৰী চুৰি কৰি নিছিল ৰাজ ৰছেলি আৰু ৰাজু আহমেদে ৷ বুধবাৰে পুৱা বাবুল আলীয়ে গাড়ীখন ষ্টাৰ্ট দিবলৈ লওতেহে চুৰিকাণ্ডৰ কথা পোহৰলৈ আহে ।

পিছত গাড়ীখনৰ ওচৰত থকা চিচিটিভিৰ ফুটেজ চাই ৰাজ নামৰ চোৰটোক চিনাক্ত কৰি আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ৰাজ ৰছেলিক আটক কৰে । নুনমাটি আৰক্ষীয়ে ৰাজক আটক কৰাৰ পাচত তেওঁক লগত লৈ FCI গেটৰ সমীপৰ পৰা চুৰি বেটাৰীটো উদ্ধাৰ কৰে । তদুপৰি ঘটনাত জড়িত ৰাজু আহমেদ নামৰ আনগৰাকী লোককো আটক কৰে । নুনমাটি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯/৪১১ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ATMৰ পৰা ধন হৰলুকিৰ অভিযোগত পাঁচজনক আটক বৰহোলা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.