ETV Bharat / state

Judicial inquiry into recent recruitments: নিযুক্তি কেলেংকাৰীৰ ৰহস্য ফাদিল কৰি ন্যায়িক তদন্তৰ দাবী চাকৰি প্ৰাৰ্থীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 6:41 PM IST

চৰকাৰী চাকৰিৰ নিযুক্তিত থকা বিভিন্ন আসোঁৱাহ আৰু দুৰ্নীতি মুক্ত কৰা উদ্দেশ্যেৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাত উৰ্ত্তীণ প্ৰাৰ্থীৰ নেতৃত্বত গঠন "সদৌ অসম নিকা আৰু স্বচ্ছ নিযুক্তি দাবী সমিতি" । নিযুক্তি কেলেংকাৰীৰ ৰহস্য ফাদিল কৰাৰ বাবে অতি শীঘ্রে ন্যায়িক তদন্ত ঘোষণা কৰাৰ দাবী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাত উৰ্ত্তীণ প্ৰাৰ্থীৰ ৷

judicial inquiry into recent recruitments
নিযুক্তি কেলেংকাৰীৰ ৰহস্য ফাদিল কৰি ন্যায়িক তদন্তৰ দাবী চাকৰি প্ৰাৰ্থীৰ

নিযুক্তি কেলেংকাৰীৰ ৰহস্য ফাদিল কৰি ন্যায়িক তদন্তৰ দাবী চাকৰি প্ৰাৰ্থীৰ

গুৱাহাটী, ৬ ছেপ্টেম্বৰ: বিজেপি নেতৃত্বাধীন চৰকাৰৰ শেহতীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি কেলেংকাৰীৰ ৰহস্য ফাদিল কৰি অতি শীঘ্রেই এক ন্যায়িক তদন্ত ঘোষণা কৰাৰ দাবী কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাত উৰ্ত্তীণ প্ৰাৰ্থী ক্ৰমে পাৰ্থপ্ৰতিম বৰ্মন আৰু অমৰজ্যোতি শইকীয়াই । গুৱাহাটীত বুধবাৰে এখন‌ সংবাদমেল সম্বোধন কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাত উৰ্ত্তীণ প্ৰাৰ্থীদ্বয়ে চৰকাৰী নিযুক্তিসমূহত বাৰে বাৰে হৈ থকা কেলেংকাৰীবোৰে মেধাৱীসকলক অতিষ্ঠ কৰি তুলিছে বুলি উল্লেখ কৰি ইয়াৰ ন্যায়িক তদন্তৰ দাবী জনায় ।

সংবাদমেলত পাৰ্থপ্ৰতিম বৰ্মন আৰু অমৰজ্যোতি শইকীয়াই কয়, বিগত অনুষ্ঠিত হৈ যোৱা নিযুক্তিসমূহ সম্পূর্ণ নিকাভাৱে হোৱা বুলি চৰকাৰে দাবী জনাই আহিছিল যদিও এগৰাকী শীর্ষ বিজেপি নেত্ৰীৰ আত্মহত্যাৰ পিচত সকলো কথা স্পষ্ট হৈ পৰে । অসম আৰক্ষীৰ প্ৰাথমিক তদন্তত নিযুক্তি কেলেংকাৰীসমূহত জড়িত থকা বিভিন্ন নেতা-পালিনেতা জালত পৰে যদিও তেওঁলোকে নিযুক্তি কেলেংকাৰীত ওপৰ মহল জড়িত থকা বুলি কোৱাৰ পিচতেই তদন্তৰ দায়িত্বত থকা IPS বিষয়াজনক গৃহবিভাগৰ দ্বাৰা সন্দেহজনকভাৱে আঁতৰাই এজন APS বিষয়াক নিযুক্তি দিয়ে ।

উল্লেখ্য যে চৰকাৰী চাকৰিৰ নিযুক্তিত থকা বিভিন্ন আসোঁৱাহ আৰু দুৰ্নীতি মুক্ত কৰা উদ্দেশ্যেৰে বুধবাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাত উৰ্ত্তীণ প্ৰাৰ্থী ক্ৰমে পাৰ্থ প্ৰতিম বৰ্মন, চান্দ মহম্মদ আলী, অমৰজ্যোতি শইকীয়া, প্ৰাণজ্যোতি নাথৰ নেতৃত্বত চাকৰি প্ৰাৰ্থীসমূহৰ এখন সভা অনুষ্ঠিত হয় ৷ এই সভাৰ অন্তত "সদৌ অসম নিকা আৰু স্বচ্ছ নিযুক্তি দাবী সমিতি" গঠন কৰা হয় ।

পাৰ্থ প্ৰতিম বৰ্মন আৰু অমৰজ্যোতি শইকীয়াই লগতে কয়, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ লিখিত আৰু স্বাস্থ্য পৰীক্ষা আদিৰ দৰে বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াসমূহত একোজন প্ৰাৰ্থীক তিনিৰ পৰা চাৰিটাকৈ পদত বাচনি কৰি আৰু কোনোধৰণৰ Waiting List ৰ ব্যবস্থা নকৰি নিৱনুৱাসকলৰ প্ৰতি চৰম ভাবুকি সৃষ্টি কৰিছে । ইয়াৰ ফলত একলাখ নিযুক্তিত ৫০,০০০ জনেও যে প্ৰকৃততে চাকৰি লাভ কৰা নাই আৰু একলাখ নিযুক্তি যে মাত্র এক ৰাজনৈতিক লাভালাভৰ অংক সেই কথা চাকৰি প্ৰাৰ্থীসকলে ভালদৰে বুজি পাইছে । আকৌ নিযুক্তি নিয়ম ভংগ কৰি চতুর্থ বৰ্গৰ চাকৰি লোৱা উচ্চ শিক্ষিতসকলৰ বিৰুদ্ধেও প্ৰমাণ লাভ কৰাৰ পিচতো এতিয়ালৈ কোনোধৰণৰ ব্যবস্থা লোৱা পৰিলক্ষিত হোৱা নাই ৷ যাৰফলত চতুর্থ বৰ্গৰ প্ৰকৃত যোগ্য প্রার্থীসকল বঞ্চিত হ’ব লগা হৈছে ।

তেওঁলোকে অভিযোগ কৰি কয় যে প্ৰায় ৩০০ গৰাকী দিব্যাংগ ব্যক্তিক নিযুক্তিৰ বাবে সম্পূর্ণ বাচনি কৰিও তেওঁলোকক পুনৰবাৰ মেডিকেল কৰাই ভুৱা দিব্যাংগ বুলি নিযুক্তিৰ পৰা বঞ্চিত কৰি চৰকাৰে তেওঁলোকৰ লগত চৰম অন্যায় কৰিছে । যদি সঁচাই তেওঁলোক ভুৱা তেন্তে তেওঁলোকক দিব্যাংগ পৰিচয় পত্র দিয়া অনুষ্ঠানসমূহৰ স্বীকৃতি প্ৰথমে বাতিল কৰিব লাগে । সংবাদমেলত তেওঁলোকে কয়, "সমিতিৰ পৰা আমি অসম চৰকাৰক দাবী জনাও যে নিযুক্তি কেলেংকাৰীৰ ৰহস্য ফাদিল কৰাৰ বাবে অতি শীঘ্রেই এক ন্যায়িক তদন্ত ঘোষণা কৰক ।"

লগতে পঢ়ক: Indrani Tahbildar case: প্ৰাক্তন বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক গ্ৰেপ্তাৰ; নাম সাঙোৰ খাইছে শান্তনু পূজাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.