ETV Bharat / state

মুখ্যমন্ত্ৰীসহ মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে সাজু কলাক্ষেত্ৰ

author img

By

Published : May 9, 2021, 8:58 PM IST

অৱশেষত বহু জল্পনা-কল্পনাৰ অন্ত পেলাই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম ৷ ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ৰাজভৱনৰ পৰিৱৰ্তে সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইতিমধ্যে শপতগ্ৰহণ অনুষ্ঠানৰ বাবে সাজু কৰি তোলা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ৷

swearing-ceremony
সোমবাৰে মুখ্যমন্ত্ৰীসহ মন্ত্ৰীসভাৰ শপতগ্ৰহণ:সাজু কলাক্ষেত্ৰ

গুৱাহাটী,9মে': অৱশেষত বহু জল্পনা-কল্পনাৰ অন্ত পেলাই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম ৷ ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে বিধায়িনী দলৰ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী পদৰ বাবে সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰস্তাৱ দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ নাম । সৰ্বানন্দ সোণোৱালৰ এই প্ৰস্তাৱৰ প্ৰতি প্ৰথমে সমৰ্থন আগবঢ়াই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷ তাৰ পিছতে সকলো বিধায়কে হাত চাপৰি বজাই এই প্ৰস্তাৱক সমৰ্থন জনায় ৷ ইয়াৰ লগে লগে ৰাজ্যবাসীয়ে লাভ কৰিলে এগৰাকী নতুন মুখ্যমন্ত্ৰী ৷

সোমবাৰে মুখ্যমন্ত্ৰীসহ মন্ত্ৰীসভাৰ শপতগ্ৰহণ:সাজু কলাক্ষেত্ৰ

ৰাজভৱনৰ পৰিৱৰ্তে সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইতিমধ্যে শপতগ্ৰহণ অনুষ্ঠানৰ বাবে সাজু কৰি তোলা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ৷ জানিব পৰা মতে,মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ লগতে দহজনীয়া এখন নতুন মন্ত্ৰীসভাইও সোমবাৰে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ নতুন মন্ত্ৰীসভাত দলৰ কেইবাজনো জ্যেষ্ঠ বিধায়ক অন্তৰ্ভুক্ত হোৱাৰ কথা জানিবলৈ পোৱা গৈছে ৷ যি কি নহওক আগন্তুক 5টা বছৰৰ বাবে ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে তাৰ প্ৰতি দৃষ্টি নিৱদ্ধ থাকিব সমগ্ৰ অসমবাসীৰ ৷

লগতে পঢ়ক:সৰ্বানন্দ সোণোৱালৰ সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.