ETV Bharat / state

Base Year of Citizenship : নাগৰিকত্বৰ ভিত্তিবর্ষৰ সন্দৰ্ভত কাইলৈ উচ্চতম ন্যায়ালয়ত চূড়ান্ত শুনানি

author img

By

Published : Feb 13, 2023, 10:45 PM IST

মঙলবাৰে উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হ’ব নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ সন্দৰ্ভত চূড়ান্ত শুনানি (Base Year of Citizenship) ৷ ভিত্তিবৰ্ষ 1971 নে 1951 হ’ব তাক লৈ চূড়ান্ত শুনানি গ্ৰহণ কৰা হ’ব ৷ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠত শুনানি অনুষ্ঠিত হ'ব ৷

Base Year of Citizenship
নাগৰিকত্বৰ ভিত্তিবর্ষ

অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান

গুৱাহাটী, 13 ফেব্ৰুৱাৰী : ১৪ ফেব্ৰুৱাৰীত অৰ্থাৎ মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত নাগৰিকত্বৰ ভিত্তিবর্ষ (Base Year of Citizenship) ১৯৭১ নে ১৯৫১ হ’ব, তাক লৈ শুনানি গ্ৰহণ কৰা হ’ব ৷ যি অসমৰ খিলঞ্জীয়াৰ অস্তিত্বৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ কিন্তু সদায় তথাকথিত খিলঞ্জীয়াৰ পক্ষত থকা ৰাজ্যিক বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে স্পষ্টভাৱে ১৯৭১ ৰ পক্ষত শপতনামা দাখিল কৰিছে ।

মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ (Chief Justice DY Chandrachud) নেতৃত্বত ন্যায়াধীশ পি নৰসিমহা, ন্যায়াধীশ হীমা কোহলী, ন্যায়াধীশ মুকেশ ৰাচিকভাই শ্বাহ আৰু ন্যায়াধীশ কৃষ্ণ মূৰাৰীৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠত (SC Constitution Bench) অসম সন্মিলিত মহাসংঘৰ নাগৰিকত্ব সম্পৰ্কীয় বিষয়ৰ শুনানি অনুষ্ঠিত হ'ব ৷ ১৯৫১ নে ১৯৭১ হ’ব সেয়া সাংবিধানিক বিচাৰপীঠে চূড়ান্ত কৰিব ।

উল্লেখযোগ্য যে, অসম চুক্তি অনুযায়ী (Assam Accord) নাগৰিকত্ব আইনৰ ধাৰা ৬ (A)-ৰ অধীনত ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰা আৰু অসমত বসবাস কৰি অহা লোকসকলক নাগৰিকত্বৰ অধিকাৰ প্ৰদান কৰা হৈছে । অসমৰ বাহিৰে সমগ্ৰ দেশতে নাগৰিকত্বৰ কাট-অফ ডেট হৈছে ১৯৪৯ চনৰ ১৯ জুলাই । অসমৰ ক্ষেত্ৰত নাগৰিকত্বৰ ভিত্তি বৰ্ষক লৈ থকা এই পাৰ্থক্যক প্ৰত্যাহ্বান জনাই অসম সন্মিলিত মহাসংঘই ২০১২ চনত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৷

সন্মিলিত মহাসংঘই অসমৰ বাবে পৃঠক কাট-অফ ডেট ‘অসাংবিধানিক’ বুলি দাবী কৰাৰ লগতে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাবে গ্ৰহণ কৰিবলৈ দাবী জনায় । ২০১৪ চনত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে ১৩ টা প্ৰশ্নৰে বিষয়টো পাঁচজনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল । নতুন দিল্লীৰ পৰা অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে (ASM working President Motiur Rahman) সোমবাৰে ইটিভি ভাৰতক শুনানি সম্পৰ্কে ব্যাখ্যা কৰি কয়, "কাইলৈৰ দিনটো অসমৰ খিলঞ্জীয়া লোকৰ বাবে গুৰুত্বপূৰ্ণ । আশাকৰো ছুপ্ৰিম কৰ্টত মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ পি নৰসিংহ, ন্যায়াধীশ হীমা কোহলী, ন্যায়াধীশ মুকেশ ৰাচিকভাই শ্বাহ আৰু ন্যায়াধীশ কৃষ্ণ মূৰাৰীৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে অসমৰ খিলঞ্জীয়াৰ লোকৰ পক্ষত থাকি শুনানি গ্ৰহণ কৰিব ।’’

লগতে পঢ়ক: 144 in Nalabari : উত্তপ্ত নলবাৰীত শান্তি-শৃংখলা অটুত ৰাখিবলৈ ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.