ETV Bharat / state

প্ৰসংগ APSC কেলেংকাৰী: প্ৰাক্তন DIGৰ পুত্ৰ, সাংবাদিকৰ আত্মীয়ক তলব

author img

By

Published : Jun 29, 2021, 4:15 PM IST

Updated : Jun 29, 2021, 8:40 PM IST

জেৰাৰ বাবে কেইবাজনো প্ৰাৰ্থীক তলব অসম লোকসেৱা আয়োগৰ তদন্ত আয়োগৰ ৷ তলব কৰা ৰাজপত্ৰিত বিষয়াসকলৰ ভিতৰত ঐশ্বর্য জীৱন বৰুৱা, হেমেন দাস, ভাস্কৰ ওজা, স্বৰূপ কুমাৰ ভট্টাচার্য, কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, নন্দিনী কাকতি, পুষ্কল গগৈ, দীপ্তি মালী, যুৱৰাজ বৰঠাকুৰো থকা বুলি জানিব পৰা গৈছে ৷ তলব কৰা প্ৰার্থীসকলৰ ভিতৰত এজন প্ৰাক্তন ডি আই জিৰ (DIG) পুত্ৰ আৰু এজন সাংবাদিকৰ দুজন আত্মীয় থকা বুলিও জানিব পৰা গৈছে ৷

apsc scam
প্ৰাক্তন DIGৰ পুত্ৰ সাংবাদিকৰ আত্মীয়ক তলব

গুৱাহাটী, ২৯ জুন: অসম লোকসেৱা আয়োগৰ (APSC) নিযুক্তি কেলেংকাৰী । মেধাবী প্ৰাৰ্থীক বঞ্চিত কৰি দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালৰ নেতৃত্বত একাংশই কেনেদৰে বক্ৰপথেৰে চাকৰি লৈছিল সেই কথা সকলোৰে জ্ঞাত । ইতিমধ্যে ৰঙাঘৰৰ আলহী ৰাকেশ পালকে ধৰি সেইসকলৰ একাংশ । কিন্তু দীৰ্ঘদিনৰ অন্তত পুনৰ খোল খাইছে এই কেলেংকাৰীৰ তদন্তৰ ফাইল ।

এইবাৰ পুনৰ চৰ্চালৈ আহিছে ৰাজ্য কঁপাই সেই অসম লোকসেৱা আয়োগৰ (APSC) অনিয়মৰ প্ৰসংগ ৷ অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰিৰ আন এক নতুন অধ্যায় মুকলি হোৱাৰ পথত ৷ এইবাৰৰ প্ৰতিবেদনত সাক্ষাৎকাৰত নবহাকৈয়ে প্ৰার্থীক নম্বৰ দি উত্তীর্ণ কৰোৱা, উত্তৰ বহীতকৈ টেবুলেশ্যন শ্বীটত (Tabulation sheet) অধিক নম্বৰ প্ৰদান কৰা আদি বিসংগতিবোৰ ধৰা পৰাৰ কথা পোহৰলৈ আহে ৷ এইবাৰ আৰক্ষীয়ে টেবুলেশ্যন শ্বীট, মার্কশ্বীট (Marksheet), স্ত্রুটিনী শ্বীটত চহী কৰা লোকসকলকো তদন্তৰ আওতালৈ আনিব ৷

apsc scam
প্ৰাক্তন DIGৰ পুত্ৰ সাংবাদিকৰ আত্মীয়ক তলব

ইতিমধ্যে জেৰাৰ বাবে কেইবাজনো প্ৰাৰ্থীক তলব অসম লোকসেৱা আয়োগৰ তদন্ত আয়োগৰ ৷ তলব কৰা ৰাজপত্রিত বিষয়াসকলৰ ভিতৰত ঐশ্বর্য জীৱন বৰুৱা, হেমেন দাস, ভাস্কৰ ওজা, স্বৰূপ কুমাৰ ভট্টাচার্য, কল্যাণ কুমাৰ দাস, ফাৰুক আহমেদ, নন্দিনী কাকতি, পুষ্কল গগৈ, দীপ্তি মালী, যুৱৰাজ বৰঠাকুৰো থকা বুলি জানিব পৰা গৈছে ৷ তলব কৰা প্রার্থীসকলৰ ভিতৰত এজন প্ৰাক্তন ডি আই জিৰ (DIG) পুত্ৰ আৰু এজন সাংবাদিকৰ দুজন আত্মীয় থকা বুলিও জানিব পৰা গৈছে ৷

ইতিমধ্যে আদালতে তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আৰক্ষীক অনুমতিও প্ৰদান কৰিছে ৷ উল্লেখ্য যে ২০১৩-১৪ বর্ষ দুটাৰ তিনি শতাধিক পৰীক্ষার্থীৰ উত্তৰ বহী পুনৰীক্ষণ কৰা হ’ব ৷ ইয়াৰে ২০২ খন ২০১৩ বর্ষৰ আৰু ১৫৯ খন ২০১৪ বর্ষৰ ৷

লক্ষণীয় যে ২০১৩ বর্ষত মুঠ ২৪১ জন প্রার্থী উত্তীর্ণ হৈছিল ৷ তাৰে জালিয়াতি কৰি চাকৰি লোৱাৰ বাবে যোৱাবাৰ ৩৯ জনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ আনহাতে ২০১৪ বর্ষত ১৮০ জন প্ৰার্থী উত্তীর্ণ হৈছিল ৷ তাৰে জালিয়াতি কৰি চাকৰি লোৱাৰ বাবে ২১ জনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

লগতে পঢ়ক :লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী : পেটতে হাত ভৰি লুকাইছে বহুতৰ !

Last Updated : Jun 29, 2021, 8:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.