ETV Bharat / state

বিষয়া-কৰ্মচাৰীৰ অভাৱত বহু নিগম-পৰিষদত অচলাৱস্থা

author img

By

Published : May 19, 2022, 3:39 PM IST

নতুন নিযুক্তিৰে(Mega recruitment in Assam) গতিশীলতা অনাৰ প্ৰচেষ্টাৰ সময়তে বিষয়া-কৰ্মচাৰীৰ অভাৱ বহু নিগম-পৰিষদত । একেজন বিষয়াই চলাব লগীয়া হৈছে দুই-তিনিখন জিলাৰ শাখা কাৰ্যালয় । অসম বীজ নিগমৰ ৰাজ্যখনত থকা ৩৩ টা শাখা কাৰ্যালয়ৰ অৰ্ধসংখ্যকতেই নাই শাখা পৰিচালক ।

Mega recruitment in Assam
বিষয়া-কৰ্মচাৰীৰ অভাৱত বহু নিগম-পৰিষদত অচলাৱস্থা

গুৱাহাটী, ১৯ মে': ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যৰে মেগা নিযুক্তিৰে ২২,৯৮৫ টা পদ পূৰণ(Mega recruitment in Assam) কৰি কাম-কাজত গতিশীলতা অনাৰ সময়তে বিষয়া-কৰ্মচাৰীৰ অভাৱত ৰাজ্য চৰকাৰৰ অধীনস্থ কেইবাটাও নিগম, পৰিষদৰ কাম-কাজত অচলাৱস্থাই দেখা দিছে । উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ অধীনস্থ কেইবাটাও বিভাগত বছৰ বছৰ ধৰি নিযুক্তি হোৱা নাই । কোনো কোনো নিগমত কমসংখ্যক খালী পদত নিযুক্তি হৈছে যদিও অস্থায়ী ভিত্তিহে নিযুক্তি দিয়া হৈছে ।

প্ৰতিবছৰে বিষয়া-কৰ্মচাৰীয়ে অৱসৰ পোৱাৰ পাছতো নতুন নিযুক্তি নোহোৱাত কোনো কোনো নিগমত কাম-কাজ পৰিচালনা কৰাৰ ক্ষেত্ৰত অভাৱ পৰিলক্ষিত হৈছে । অতি শেহতীয়াকৈ অসম বীজ নিগমত(Assam Seeds Corporation Limited) বিষয়া-কৰ্মচাৰীৰ অস্বাভাৱিক নাটনিত এতিয়া জিলাসমূহত থকা শাখা কার্যালয়সমূহত ব্যাপক সমস্যাই দেখা দিছে । জানিব পৰা মতে অসম বীজ নিগমৰ ৰাজ্যখনত প্ৰায় ৩৩ টা শাখা কার্যালয় আছে । কিন্তু আশ্চৰ্যকৰ কথা যে এই ৩৩ টা শাখা কাৰ্যালয়ৰ অৰ্ধসংখ্যক কার্যালয়তেই নাই শাখা পৰিচালক ।

ৰাজ্যত বহুসংখ্যক কৃষি স্নাতক নিবনুৱা হৈ বহি থকাৰ সময়ত অসম বীজ নিগমত এতিয়া শাখা কার্যালয়সমূহ পৰিচালনা কৰিবলৈ বিষয়া নোহোৱা হৈ পৰিছে । বিষয়াৰ অভাৱত প্ৰায় ১৪ জন বিষয়াই বীজ নিগমৰ ৩৩ টা শাখা কার্যালয় চলাই থাকিবলৈ বাধ্য হৈছে । কোনো কোনো বিষয়াই দুই-তিনিখনকৈ জিলাৰ শাখা কার্যালয় পৰিচালনা কৰিছে । বৰপেটা জিলাৰ শাখা কাৰ্যালয়ৰ বিষয়াগৰাকীয়ে আকৌ চাৰিখন জিলাৰ দায়িত্ব চন্তালিছে ।

আনহাতে গোৱালপাৰা জিলাৰ বিষয়াগৰাকীয়ে দুখন জিলাৰ কাৰ্যালয় চম্ভালিছে । সেইদৰে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ শাখা কার্যালয়ো এজন বিষয়াই চম্ভালিছে । বিষয়াৰ অভাৱত এতিয়া কাম-কাজ আগবঢ়াই নিয়াত নতুন সমস্যা উদ্ভৱ হৈছে । যিহেতু অসম বীজ নিগম কৃষকৰ স্বাৰ্থৰ সৈতে জড়িত, সেয়ে বৰ্তমান সময়ত শাখা কাৰ্যালয়সমূহৰ দায়িত্ব অধিক । গতিকে ধৰি বীজ নিগমৰ বিষয়াসকলৰ বিভিন্ন দায়িত্ব থাকে । অথচ নিগমৰ বৰ্ডৰ সভাই নতুন নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ নকৰাত কেইবাটাও শাখা কার্যালয় বিষয়াহীন হৈ পৰিছে ।

সমান্তৰালকৈ শাখা কার্যালয়সমূহত নতুনকৈ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্তি নিদিয়াত কেইবাটাও কাৰ্যালয়ত চতুর্থ শ্ৰেণীৰ কৰ্মচাৰীও নোহোৱা হৈছে । শাখা কাৰ্যালয়সমূহৰ দৰে নিগমৰ মুখ্য কাৰ্যালয়তো খালী হৈ আছে শীৰ্ষ বিষয়াৰ ভালেকেইটা পদ । অসম বীজ নিগমৰ দৰে অসম ৰাজ্যিক পৰিবহণ নিগম, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ, কিনা-বেচা নিগম আদিত নতুন নিযুক্তিৰ অভাৱত বহু পদ খালী হৈ পৰিছে ।

ইফালে অসম ৰাজ্যিক পৰিবহণ নিগমৰ শতাধিক কৰ্মচাৰীয়ে স্বেচ্ছাই অৱসৰৰ বাবেও আগ্ৰহী হৈছে । এই ক্ষেত্ৰত চৰকাৰে সন্মতি দিলে ৰাজ্যিক পৰিবহণ নিগম অচলাৱস্থাৰ দিশে গতি কৰিব । তেনেস্থলত নিগম তথা পৰিষদসমূহত প্ৰয়োজনীয় নিযুক্তি নিদিলে আৰু অধিক সমস্যাৰ সৃষ্টি হ'ব ।

লগতে পঢ়ক: ভৰিত বোকা লাগিব: সাংবাদিকৰ পিঠিত উঠি বন্যাৰ্তৰ খবৰ ল’লে বিধায়ক শিবু মিশ্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.