ETV Bharat / state

IAF 91st Anniversary: বৰঝাৰ বায়ুসেনা ঘাটিত বায়ুসেনাৰ চমৎকাৰ প্ৰদৰ্শন

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 10:09 PM IST

ভাৰতীয় বায়ু সেনা (আইএএফ) আৰু ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয় প্ৰচাৰ প্ৰচেষ্টাৰ ৯১ তম বাৰ্ষিকী ৷ বৰঝাৰ বায়ুসেনা কেন্দ্ৰত আই এ এফ বিমানৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় চমৎকাৰ ।

IAF 91st Anniversary
বৰঝাৰ বায়ুসেনা ঘাটিত বায়ুসেনাৰ চমৎকাৰ প্ৰদৰ্শন

তেজপুৰ, 15 অক্টোবৰ: ভাৰতীয় বায়ু সেনা (আইএএফ) আৰু ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয় প্ৰচাৰ প্ৰচেষ্টাৰ ৯১ তম বাৰ্ষিকী উদযাপনৰ অংশ হিচাবে দেওবাৰে গুৱাহাটীৰ বৰঝাৰ বায়ুসেনা ঘাটিত আই এ এফ বিমানৰ দ্বাৰা চমৎকাৰ প্ৰদৰ্শন কৰা হয় ।

IAF 91st Anniversary
বৰঝাৰ বায়ুসেনা ঘাটিত বায়ুসেনাৰ চমৎকাৰ প্ৰদৰ্শন

অনুষ্ঠানটোত ফৰ্মেচন ফ্লায়িং কৰে এ এল এইচ, ডৰ্নিয়াৰ, ৰাফেল আৰু বায়ুসেনাৰ যুঁজাৰু জাহাজ ছুখৈ-৩০ য়ে ৷ অন্তিম প্ৰদৰ্শনত সাৰং ডিছপ্লে টীমৰ প্ৰদৰ্শনে উপস্থিত সকলোকে আপ্লুত কৰে । উল্লেখ্য যে এইবাৰ এয়াৰ ডিছপ্লেত সংযুক্ত হয় সাৰং হেলিকপ্টাৰ ডিছপ্লে’ টীম, এডভান্স লাইট হেলিকপ্তাৰ এ এল এইচ, চিনুক, ডৰ্নিয়াৰ, যুঁজাৰু জাহাজ ছু-৩০ আৰু বিশেষভাবে সংযুক্ত হয় ৰাফেল ৷ ৰাফেল বিমানে প্ৰদৰ্শন কৰে বিভিন্ন আকৰ্ষণীয় কলা ৷

IAF 91st Anniversary
বৰঝাৰ বায়ুসেনা ঘাটিত বায়ুসেনাৰ চমৎকাৰ প্ৰদৰ্শন

অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে এয়াৰ মাৰ্শ্বাল এছ পি এছ পি ধৰ্কাৰ, এ অ’ চি-ইন-চি ইষ্টাৰ্ণ এয়াৰ কমাণ্ড । উক্ত প্ৰদৰ্শনীৰ সাক্ষী হয় এক হাজাৰৰো অধিক দৰ্শক । ইয়াৰ ভিতৰত আছিল অসামৰিক বিভাগ, ৰাজ্যিক, প্ৰতিৰক্ষা বিভাগৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ৷ ইয়াৰোপৰি শিশু আৰু গুৱাহাটীৰ সাধাৰণ জনতায়ো অনুষ্ঠানটো উপভোগ কৰে ৷

IAF 91st Anniversary
বৰঝাৰ বায়ুসেনা ঘাটিত বায়ুসেনাৰ চমৎকাৰ প্ৰদৰ্শন

উৰণৰ দক্ষতা, নিখুঁততা আৰু পেছাদাৰীত্বৰ নিৰ্মল প্ৰদৰ্শন কৰা উক্ত অনুষ্ঠানটোৱে সকলোকে মন্ত্ৰমুগ্ধ কৰে । আনহাতে অসাধাৰণ আকাশী কৌশলৰ বাবে বিখ্যাত সাৰাং হেলিকপ্টাৰ প্ৰদৰ্শন দলে আকাশত নিজৰ ব্যতিক্ৰমী উৰণৰ দক্ষতা প্ৰদৰ্শন কৰে । উক্ত অনুষ্ঠানৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ উৎকৃষ্টতাৰ প্ৰতি থকা সমৰ্পিতাক প্ৰত্যক্ষভাৱে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰে উপস্থিত সকলোৱে । ভাৰতীয় বায়ুসেনাৰ পৰাক্ৰমে সকলোকে আকৰ্ষিত কৰা দেখা যায় ৷

লগতে পঢ়ক: Palestinian Islamic Jihad: কেৱল হামাছ নহয় ইজৰাইলে পিআইজেৰ সৈতেও যুঁজিব লাগিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.