ETV Bharat / state

Special train in Summer: নাহৰলগুনৰ পৰা গুজৰাটলৈ গ্ৰীষ্মকালীন বিশেষ ৰে'ল

author img

By

Published : Apr 23, 2023, 7:12 PM IST

নাহৰলগুনৰ পৰা গুজৰাটৰ ওখালৈ গ্ৰীষ্মকালীন বিশেষ ৰেলৰ ব্যৱস্থা (Special train from Arunachal Pradesh)। অহা ২ মে’ৰ পৰা পহিলা জুলাইলৈ এই বিশেষ সাপ্তাহিক ৰে'ল চলাচল হ'ব ।

Special train from Arunachal Pradesh
উত্তৰ পূব সীমান্ত ৰে'লৱে

গুৱাহাটী, ২৩ এপ্ৰিল: যাত্ৰীৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই অৰুণাচল প্ৰদেশৰ নাহৰলগুন আৰু গুজৰাটৰ ওখাৰ মাজত অহা ২ মে’ৰ পৰা দুমাহৰ বাবে এখন বিশেষ সাপ্তাহিক ৰে'ল চলাচলৰ ব্যবস্থা কৰিছে (Special train from Naharlagun to Gujarat)। অহা পহিলা জুলাইলৈ এইখন বিশেষ সাপ্তাহিক ৰে'ল চলাচলৰ ব্যবস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে সদৰি কৰিছে ৰে'লৱে কৰ্তৃপক্ষই । ৰে'লৱে কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি বিশেষ ৰে'লখন ৯ বাৰকৈ মুঠ ১৮ বাৰ চলাচল কৰিব ।

আনহাতে, বিশেষ ৰে'লখনে অহা ২ মে’ৰ পৰা ২৭ জুনলৈ নিশা ১০ বজাত প্ৰতি সপ্তাহৰ মঙলবাৰে ওখা ৰে'ল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব (Naharlagun Rail Station) । সূচী অনুসৰি ৰে'লখন শুকুৰবাৰে বিয়লি ৪ বজাত আহি নাহৰলগুন ৰে'ল ষ্টেচন পাব । তেনেদৰে বিশেষ ৰে’লখন অহা ৬ মে’ৰ পৰা পহিলা জুলাইলৈ প্ৰতি সপ্তাহৰ শনিবাৰে পুৱা ১০ বজাত ওখা অভিমুখে যাত্ৰা আৰম্ভ কৰিব আৰু মঙলবাৰে পুৱতি নিশা ৩.৩৫ বজাত গৈ ওখা ৰে'ল ষ্টেচনত উপস্থিত হ'ব (Okha Rail Station of Gujarat) ।

যাত্ৰাকালত ৰে'লখন অসমৰ হাৰমতি, ৰঙাপৰা নৰ্থ, নিউ মিছামাৰি, ওদালগুৰি, ৰঙিয়া, বৰপেটা ৰোড, নিউ বঙাইগাঁও, কোকৰাঝাৰ ৰেল ষ্টেচনত ৰ'ব । ইপিনে, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ি, কটিহাৰ, হাজিপুৰ, বাৰাণসী, গোৱালিয়ৰ, উজ্জয়নী, আহমেদাবাদ, ৰাজকোটকে ধৰি পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু গুজৰাটৰ বিভিন্ন ৰে'ল ষ্টেচনত যাত্ৰী উঠা-নমাৰ বাবে ৰ'ব ।

তেনেদৰে ২৪ টা দবাযুক্ত ৰে’লখনত 2 AC দবা এটা, 3 AC দবা দুটা, শয়নযুক্ত দবা ১৫ টা, সাধাৰণ দ্বিতীয় শ্ৰেণীৰ দবা ৪ টা, এছ এল আৰ ডি দবা দুটা থাকিব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই সদৰী কৰিছে ।

উল্লেখ্য যে, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে গ্ৰীষ্মকালীন বন্ধৰ বাবে এপ্ৰিল আৰু মে'-জুনত ৰে'লত যাত্ৰীৰ সংখ্যা প্ৰায়ে বৃদ্ধি হৈ আহিছে । এই সময়ছোৱাত কৰ্মক্ষেত্ৰত বন্ধৰ বাবে বহু লোকে ৰে'লত ভ্ৰমণ কৰে ।

লগতে পঢ়ক:Amritpal Singh latest news : আত্মসমৰ্পণৰ পিচতেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছে অমৃতপালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.