ETV Bharat / state

কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ সোণোৱাল কেবিনেটৰ

author img

By

Published : Oct 7, 2020, 10:50 PM IST

sonowal-cabinet
sonowal-cabinet

এতিয়াৰেপৰা কোনো বিভাগৰ নিযুক্তিৰ পৰীক্ষা কোনো ব্যক্তিগত প্ৰতিষ্ঠানক অনুষ্ঠিত কৰিবলৈ দায়িত্ব দিয়া নহ’ব ৷ কেবিনেটে বুধবাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এতিয়াৰে পৰা যিকোনো বিভাগীয় নিযুক্তিৰ পৰীক্ষা সংশ্লিষ্ট বিভাগ নাইবা যিকোনো বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব ৷

গুৱাহাটী, ৭ অক্টোবৰ : বি টি আৰৰ স্থগিত হৈ থকা নিৰ্বাচন ডিচেম্বৰত অনুষ্ঠিত কৰিবলৈ বুধবাৰে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন জনায় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰে । কেবিনেটৰ অন্তত এই সিদ্ধান্তৰ কথা সদৰী কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, এতিয়াৰে পৰা বড়োভূমিৰ সকলো চাইনব’ৰ্ডত অসমীয়া ভাষাও বাধ্যতামূলক কৰা হৈছে । একেদৰে এতিয়াৰে পৰা বড়ো ভাষাক সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে । আনহাতে ষষ্ঠ অনুসূচী আৰু বি টি আৰৰ সীমাৰ বাহিৰত বড়ো-কছাৰী উন্নয়ন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বাবে আজিৰ কেবিনেটে আধ্যাদেশত অনুমোদন জনায় ।

কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ সোণোৱাল কেবিনেটৰ

একেদৰে ৰাজ্যৰ মহাধিবক্তা পদটো কেবিনেট পৰ্যায়লৈ উন্নীত কৰিবলৈ কেবিনেটে সিদ্ধান্ত লয় । অসম লোকসেৱা আয়োগত অতদিনে এগৰাকীহে মহিলা সদস্য নিযুক্তিৰ ব্যৱস্থা আছিল যদিও কেবিনেটে আজি সেই সংখ্যা বৃদ্ধি কৰে । অনুৰূপভাৱে অসম লোকসেৱা আয়োগৰ যিকোনো পৰীক্ষাত বৰাক উপত্যকাৰ প্ৰাৰ্থীৰ বাবে অসমীয়া ভাষাটো বাধ্যতামূলক নহ’ব । কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত আত্মসহায়ক গোটসমূহলৈ ২৫ হাজাৰ টকা আগবঢ়োৱা হৈছিল যদিও কেবিনেটে সেই ধন ৫০ হাজাৰলৈকে বৃদ্ধি কৰে । গাওঁবুঢ়া সকলৰ দৰমহাও ৬,৫০০ টকাৰ পৰা ৯,০০০ লৈ বৃদ্ধি কৰা হয় ।

সোণোৱাল চৰকাৰৰ কেবিনেট বৈঠক

এতিয়াৰেপৰা কোনো বিভাগৰ নিযুক্তিৰ পৰীক্ষা কোনো ব্যক্তিগত প্ৰতিষ্ঠানক অনুষ্ঠিত কৰিবলৈ দায়িত্ব দিয়া নহ’ব ৷ কেবিনেটে বুধবাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এতিয়াৰে পৰা যিকোনো বিভাগীয় নিযুক্তিৰ পৰীক্ষা সংশ্লিষ্ট বিভাগ নাইবা যিকোনো বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব ৷

বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে কেবিনেটে

একেদৰে আমিনগাঁৱত ২৩ বিঘা মাটি নেশ্যনেল ফিচাৰী ডেভেলপমেন্ট কৰ্প'ৰেছনক অৰ্পণ কৰিবলৈ সিদ্ধান্ত লয় কেবিনেটে । বিভিন্ন উন্নয়ন পৰিষদৰ সদস্য সংখ্যা এতিয়াৰে পৰা ন্যূনতম ২৫ আৰু সৰ্বাধিক ৪৫ গৰাকী হ’ব লাগিব । ৰাজ্যৰ ৪২৮ খন চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীক পুৱাৰ জলপান, দুপৰীয়াৰ আহাৰ আৰু ইউনিফৰ্ম চৰকাৰে বিনামূলীয়াকৈ আগবঢ়াবলৈও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : ৰাজনীতিৰ নাগপাশত বন্দী 28 শ কোটি টকীয়া 'অৰুণোদয়' আঁচনিঃ দুৰ্লভ চমুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.