ETV Bharat / state

Vishwasghat Diwas: দেশজুৰি পালন বিশ্বাসঘাটকতা দিৱস

author img

By

Published : Jan 31, 2022, 8:52 PM IST

কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালনৰ ক্ষেত্ৰত বৰ্তমানলৈকে একো নকৰাৰ অভিযোগত কৃষক-শ্ৰমিকৰ সংগঠনসমূহে যৌথভাৱে সোমবাৰে বিশ্বাসঘাতকতা দিৱস পালন কৰে (SKM observes Vishwasghat Diwas across India) ৷

VishwasGhatka Diwas
সোমবাৰে দেশজুৰি পালন ‘বিশ্বাসঘাটকতা দিৱস’

গুৱাহাটী,৩১ জানুৱাৰী: এবছৰতকৈয়ো অধিক কাল দিল্লীৰ প্ৰৱেশ পথত আন্দোলন কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী কৃষি আইন তিনিখন সংসদত বাতিল কৰিবলৈ বাধ্য হৈছিল । আন্দোলন প্ৰত্যাহাৰৰ স্বৰ্ত হিচাপে থকা কৃষকৰ স্বাৰ্থৰ লগত জড়িত আন কেইবাটাও দাবী কেন্দ্ৰীয় চৰকাৰে সমাধান কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল ৷ কিন্ত এতিয়া নিজৰ কথাৰ পৰা ফালৰি কাটিছে কেন্দ্ৰীয় চৰকাৰে ৷

স্বামী নাথন আয়োগৰ পৰামৰ্শ চি২+৫০% সূত্ৰ অনুযায়ী ফচলৰ লাভজনক মূল্যৰ বাবে আইনী নিশ্চয়তা প্ৰদান, বিদ্যুৎ (সংশোধনী) বিধেয়ক প্ৰত্যাহাৰ, কৃষক আন্দোলনৰ ৭১৫ গৰাকী শ্বহীদৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ প্ৰদান, দিল্লীৰ সিংঘু সীমান্তত কৃষক শ্বহীদ স্মাৰক নিৰ্মাণৰ বাবে ভূমি প্ৰদান, উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কৃষক হত্যাৰ লগত জড়িত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনীক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত আৰু দোষীক কঠোৰ শাস্তি, কৃষকৰ ওপৰত জাপি দিয়া ভূৱা গোচৰ প্ৰত্যাহাৰ ইত্যাদি বহু কেইটা দাবী পূৰণ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে লিখিত প্ৰতিশ্ৰুতি দিছিল যদিও আন্দোলন স্থগিত ৰখাৰ পিছত এতিয়া কেন্দ্ৰীয় চৰকাৰে পিছ হুঁহকিছে ।

কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে সংযুক্ত কিষাণ মৰ্চাই সোমবাৰে দেশজোৰা বিশ্বাসঘাটকতা দিৱস পালনৰ আহ্বান জনাইছিল (SKM observes Vishwasghat Diwas across India) । সংযুক্ত কিষাণ মৰ্চা অসমৰ আহ্বানত সোমবাৰে সমগ্ৰ অসমৰ প্ৰায় সকলো জিলাতে বিক্ষোভ, সমাবেশ, ধৰ্ণা, শোভাযাত্ৰ আদিৰ মাজেৰে বিশ্বাসঘাতকতা দিৱস (betrayal day) পালন কৰা হয় । গুৱাহাটীতো গুৱাহাটী ক্লাৱৰ ৰটাৰী পইন্টৰ কাষত সংযুক্ত কিষাণ মৰ্চা-অসম, ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেছনৰ যৌথ মঞ্চৰ আহ্বানত বিক্ষোভ প্ৰদৰ্শনৰ জৰিয়তে বিশ্বাসঘাতকতা দিৱস পালন কৰা হয় ।

সংযুক্ত কিষাণ মৰ্চাৰ মুখ্য আহ্বায়ক টিকেন দাস, আহ্বায়ক জয়ন্ত গগৈ, শ্ৰমিক নেতা ৰমেন দাস আৰু বীৰেণ শৰ্মাই বিক্ষোভস্থলীত আয়োজিত সভাত কৃষকৰ লগত কৰা বিশ্বাসঘাতকতাক গৰিহণা দিয়ে আৰু প্ৰতিশ্ৰুতি পালন কৰি কৃষক আন্দোলনৰ দাবীসমূহ মানি লবলৈ দাবী জনায় ৷ অন্যথা তীব্ৰতৰ আন্দোলনৰ সন্মূখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে । বিক্ষোভত গণতান্ত্ৰিক আন্দোলনৰ নেতা সুপ্ৰকাশ তালুকদাৰ, নাগৰিক অধিকাৰ মঞ্চৰ আহ্বায়ক শংকৰ শইকীয়া, বিশিষ্ট শ্ৰমিক নেতা শতঞ্জীৱ দাস, বীৰেণ কলিতা, কৃষক নেতা গজেন বৰ্মন, ছাত্ৰ ফেডাৰেছনৰ নেতা নিৰংকুশ নাথ, সংগীতা দাস, প্ৰতুল বৰ্মন, যুৱ ফেডাৰেছনৰ নেতা নয়ন ভুঞা, ৰিতুৰঞ্জন দাস, গণতান্ত্ৰিক মহিলা সমিতিৰ সীমা বিশ্বাসকে ধৰি শতাধিক কৃষক, শ্ৰমিক, মহিলা, যুৱ ছাত্ৰই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: বৈঠালাংছʼত নিচাযুক্ত সামগ্ৰীসহ যুৱক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.