ETV Bharat / state

Mayuri Dutta Fitness Routine: কণ্ঠশিল্পী ময়ূৰী দত্তই দৈনিক কেনেদৰে শৰীৰ চৰ্চা কৰে ?

author img

By

Published : Aug 11, 2023, 7:11 PM IST

বহুকেইটা গীতেৰে ৰাইজৰ মন মুগ্ধ কৰিবলৈ সক্ষম হোৱা কণ্ঠশিল্পী ময়ূৰী দত্তই নিজকে সুস্থ কৰি ৰাখিবলৈ কি কি কৰে ? শৰীৰ চৰ্চাৰ সন্দৰ্ভত ময়ূৰী দত্তৰ ধাৰণা কি ?

Singer Mayuri Dutta fitness secret revealed, know her exercise diet plan
ময়ুৰী দত্তৰ ফিটনেছ ৰুটিন

ময়ুৰী দত্তৰ ফিটনেছ ৰুটিন

গুৱাহাটী, 11 আগষ্ট: বৰ্তমান সময়ত প্ৰতিগৰাকী লোকে নিজকেই সুস্থ আৰু সৱল কৰি ৰাখিবলৈ যোগ, জিম, জোম্বা আদিত শৰীৰৰ চৰ্চা কৰা কৰা দেখা যায় । শিল্পী সকলো নিজকে সুস্থ কৰি ৰাখিবলৈ দৈনিক শৰীৰ চৰ্চা কৰা পৰিলক্ষিত হয় । অন্যান্য শিল্পী সকলৰ দৰে কণ্ঠশিল্পী ময়ূৰী দত্তও নিজৰ শৰীৰৰ সন্দৰ্ভত সচেতন । নিজকে সুস্থ কৰি ৰাখিবলৈ দৈনিক শৰীৰৰ চৰ্চা কৰে শিল্পীগৰাকীয়ে ।

কণ্ঠশিল্পী ময়ূৰী দত্তই কেনেদৰে দৈনিক শৰীৰ চর্চা কৰে ?

কণ্ঠশিল্পী ময়ূৰী দত্তই শৰীৰ চৰ্চাৰ সন্দৰ্ভত মন্তব্য কয় - বৰ্তমান সময়ত প্ৰতিগৰাকীলোক সুস্থ আৰু সবল হৈ থকাটো প্ৰয়োজন । নিজৰ শৰীৰটোৰ ওপৰত গুৰুত্ব দিয়াটো সকলোৱে গুৰুত্ব দিয়াটো উচিত । মইও দৈনিক যিমান সময় পাৰো অকমান হলেও নিজৰ শৰীৰটোক সময় দিবলৈ চেষ্টা কৰোঁ । যিহেতু দিনটো কামত ব্যস্ত হৈ থাকিব লাগে, সেয়ে তাৰ মাজতো অকমান সময় নিজৰ শৰীৰটোক দিবলৈ চেষ্টা কৰোঁ। যোগ,জিম, জোম্বা, সাঁতোৰ আদি যি কোনো ধৰণৰ ব্যায়াম শৰীৰটোক দিলে মনত এটা আত্মবিশ্বাস অহাৰ লগতেই সুস্থ হৈয়ো থকা যায় । গান গাবলৈ যি দৰে চৰ্চাৰ প্ৰয়োজন, ঠিক তেনেদৰে নিজকে সুস্থ কৰি ৰাখিবলৈ শৰীৰ চৰ্চা খুবেই প্ৰয়োজন ।

ময়ূৰী দত্তই দৈনিক কিমান ঘন্টা শৰীৰ চৰ্চা কৰে ?

দৈনিক আধাঘণ্টাৰ পৰা ডেৰ ঘন্টা সময় ময়ূৰীয়ে নিজৰ শৰীৰটোক সময় দিয়ে । ব্যস্ততাৰ মাজতেই দিনটোৰ ভিতৰত যিকোনো এটা সময় নিজৰ শৰীৰটো সুস্থ ৰাখিবলৈ শৰীৰ চৰ্চা কৰি ভাল পায় ময়ূৰীয়ে ।

ময়ূৰী দত্তৰ খাদ্যভ্যাস কেনেধৰণৰ ?

ময়ূৰী দত্তই সকলো ধৰণৰ খাদ্য খায় ভাল পায় । আনকি মঞ্চত গীত পৰিবেশনৰ পূৰ্বেও সদায় কণ্ঠশিল্পী গৰাকীয়ে ভাত বা ৰুটি খাইহে মঞ্চত উঠে । কিন্তু সকলো বস্তু নিয়মত খায় ভাল পাই ময়ূৰীয়ে। সুস্থ হৈ থাকিবলৈ খাদ্য অতি প্ৰয়োজনীয় । ওজন কমাবলৈ বা ক্ষীণ হ’বলৈ একেবাৰে নোখোৱাতকৈ সময়ে সময়ে অলপ অলপ খাদ্য খাব লাগে । এনেদৰেই নিজকে সুস্থ কৰি ৰাখিবলৈ দৈনিক শৰীৰ চৰ্চা কৰে কণ্ঠশিল্পী গৰাকীয়ে।

লগতে পঢ়ক: Ranveer Singh Diet Plan and Workout: এয়া হৈছে সিঙৰ ৰণবীৰৰ ফিটনেচ ৰুটিন, আপুনিও কৰিব পাৰে অনুসৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.