ETV Bharat / state

ধন দাবী কৰি আৰক্ষীৰ জালত দিছপুৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক

author img

By

Published : Sep 27, 2019, 1:37 PM IST

কি ঘটিছে অসম আৰক্ষী বিভাগত ৷ ধন দাবী কৰি এফালে গ্ৰেপ্তাৰ প্ৰকৃত আৰক্ষীৰ উপ পৰিদৰ্শক আনফালে আটক হ’ল এজন ভুৱা উপ পৰিদৰ্শক ৷

ধন দাবী কৰি আৰক্ষীৰ জালত দিছপুৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক

গুৱাহাটী, 27 ছেপ্টেম্বৰঃ ধন দাবীত লিপ্ত হ'ল দিছপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক গহীন পেগু ৷ দিছপুৰ আৰক্ষী বিষয়াৰ সোণৰ বিস্কুট চুৰি আৰু নগদ ধন ডকাইতি ঘটনা সংঘটিত কৰাৰ পিছত এইবাৰ পোহৰলৈ আহিছে ধন দাবীৰ ঘটনা ৷ ধন দাবীৰ অভিযোগত অভিযুক্ত হৈছে দিছপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক গহীন পেগু। এজন বেংক বিষয়াক ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছে পেগুৰ বিৰুদ্ধে । ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিছপুৰ থানাৰ উপ পৰিদৰ্শক গহীন পেগুক।

দিছপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক গহীন পেগু
দিছপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক গহীন পেগু

উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে উপ পৰিদৰ্শকগৰাকীক। ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰৱন্ধকক দাবী কৰিছিল ৫০ হাজাৰ টকা । দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে উপ পৰিদৰ্শক গহীন পেগুক। সম্প্ৰতি দিছপুৰ থানাত জেৰা অব্যাহত ৰাখিছে উপ পৰিদৰ্শক গহীন পেগুক ।

ধন দাবী কৰি আৰক্ষীৰ জালত দিছপুৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক

আনফালে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা এজন ভুৱা উপ পৰিদৰ্শক গীতানগৰ আৰক্ষীৰ জালত পৰিছে ৷ জালত পৰা ভুৱা উপ পৰিদৰ্শকগৰাকী হৈছে ধৰ্মেশ্বৰ ৰয় ৷ বাইহাটা চাৰিআলিৰ প্ৰৱঞ্চকটোৱে বনজিৎ হুজুৰি নামৰ লোকজনৰ পৰা সংগ্ৰহ কৰিছিল ৫৬ হাজাৰ টকা ৷ নিজকে গীতানগৰ থানাৰ উপ পৰিদৰ্শক বুলি চিনাকি দি সংগ্ৰহ কৰিছিল ধন ৷ জু ৰোডৰ মেঘমল্লাত ভাড়াতীয়া হিচাপে আছিল প্ৰৱঞ্চক ধৰ্মেশ্বৰ ৰয় ৷ আৰক্ষীৰ অভিযানত লোকজনৰ ভাড়াঘৰত অভিযান চলায় আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় খাকী পোছাক ৷ দীৰ্ঘদিনৰ পৰাই বহু লোকৰ পৰা ধন সংগ্ৰহ কৰা অভিযোগ উত্থাপন হৈছে প্ৰৱঞ্চক ধৰ্মেশ্বৰ ৰয়ৰ বিৰুদ্ধে ৷

লগতে চাওকঃ দেৰগাৱঁত ভাইৰেল ছাত্ৰীৰ অশ্লীল ভিডিঅ’ আটক এজন

Intro:ধন দাবীত লিপ্ত হ'ল দিছপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক গহীন পেগুBody:দিছপুৰ আৰক্ষী সোণৰ বিস্কুট চুৰি আৰু নগদ ধন ডকাইতি কৰাৰ পিছত এইবাৰ নামিল ধন দাবীত । ধন দাবীত লিপ্ত হ'ল দিছপুৰ আৰক্ষীৰ উপ পৰিদৰ্শক গহীন পেগু । ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিছপুৰ থানাৰ উপ–পৰিদৰ্শক গহীন পেগুক । উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ উপ–পৰিদৰ্শকগৰাকীক । এজন বেংক বিষয়াক ধনদাবী কৰাৰ অভিযোগ গহীন পেগুৰ বিৰুদ্ধে। ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰৱন্ধকক দাবী কৰিছিল ৫০ হাজাৰ টকা। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে উপ পৰিদৰ্শক গহীন পেগুক। সম্প্ৰতি দিছপুৰ থানাত জেৰা অব্যাহত ৰাখিছে উপ পৰিদৰ্শক গহীন পেগুক ।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.