ETV Bharat / state

ঐশ্বর্য জীৱন বৰুৱা-শ্বাহজাহান সৰকাৰক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 10:09 PM IST

১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক ৷ দুয়োজনে বক্ৰ পথেৰে চাকৰি লোৱা স্পষ্ট হৈ যদিও কেনেকৈ, কি পথেৰে, কিমান টকাৰ বিনিময়ত চাকৰি ক্ৰয় কৰিছিল আৰু ইয়াৰ লগত‌ কোন কোন জড়িত আছিল সেই বিষয়ে মুখ খোলা নাই (APSC Cash For Job Scam)৷

APSC Cash For Job Scam
বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি ক্ৰয়

গুৱাহাটী, ২৮ নৱেম্বৰ : বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱা দুই অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক এছ আই টিয়ে মঙলবাৰে বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰে । আদালতে ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।

ইপিনে বিশেষ তদন্ত গোট (এছ আই টি)ৰ জাননী মতে, মঙলবাৰে বক্ৰ পথেৰে চাকৰি লোৱা দুই এছ চি এছ বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয় চি আই ডিৰ কাৰ্যালয়ত হাজিৰ‌ হয় । এছ আই টিয়ে দুয়োজনকে দিনৰ ১১ বজাত হাজিৰ হোৱাৰ বাবে জাননী দিছিল যদিও সংবাদ মাধ্যমৰ আগত মুখ লুকাবলৈ আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয় চি আই ডিৰ কাৰ্যালয়ত পুৱা ৮ বজাতে আহি হাজিৰ‌ হয় ।

ইপিনে আদালতে দুই অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক হাজিৰ‌ কৰাৰ পিচত আদালতত এছ আই টিৰ তদন্তকাৰী বিষয়া প্ৰতীক থুবেই জনায় যে তদন্তৰ‌ সময়ত ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰে সহযোগ কৰা নাই ।

এছ আই টিৰ তদন্তত দুয়োজনে বক্ৰ পথেৰে চাকৰি লোৱা স্পষ্ট হৈ যদিও কেনেকৈ, কি পথেৰে, কিমান টকাৰ বিনিময়ত চাকৰি ক্ৰয় কৰিছিল আৰু ইয়াৰ লগত‌ কোন কোন জড়িত আছিল সেই বিষয়ে এছ আই টিৰ জেৰাত দুয়োজনে মুখ খোলা নাই বুলি আদালতত এছ আই টিৰ তদন্তকাৰী বিষয়া প্ৰতীক থুবেই অৱগত কৰিছে । যাৰ বাবে কাৰাগাৰত থকাৰ সময়ত এছ আই টিয়ে ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক জেৰা কৰাৰ অনুমতি দিছে ।

আৰক্ষীৰ বিশেষ শাখাৰ এক সূত্ৰৰ পৰা‌ জানিব পৰা মতে, বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱা দুই এছ চি এছ বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয় এছ আই টিৰ সমুখত হাজিৰ হোৱাৰ পিচত বিভিন্ন তথ্য পাতিৰ আধাৰত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা অধিক ।

লক্ষণীয় যে আকাশী দুৱৰা এ পি এছ চিৰ মূল (Mains) পৰীক্ষা উত্তীৰ্ণ হ'ব পৰা নাছিল । আকাশী দুৱৰাই নম্বৰ পাইছিল ৬২০ ।‌ ৰাকেশ‌ পাল বাহিনীয়ে আকাশী দুৱৰাৰ ২২০ নম্বৰ অনিয়মেৰে বৃদ্ধি কৰি ৮৪০ নম্বৰ কৰি পৰীক্ষাত উত্তীৰ্ণ কৰাইছিল । ইপিনে বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱা দুই এছ চি এছ বিষয়া ত্ৰিদীপ ৰয়ক ৰাকেশ‌ পাল বাহিনীয়ে ত্ৰিদীপ ৰয়ক ৬০ নম্বৰ অনিয়মেৰে বৃদ্ধি কৰি পৰীক্ষাত উত্তীৰ্ণ কৰাইছিল ।

ইতিমধ্যে প্ৰাক্তন ন্যায়াধীশ বিল্পৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত এই কথাবোৰ উল্লেখ আছে । ইপিনে অহা ১ ডিচেম্বৰত বক্ৰ পথেৰে চাকৰি লোৱা বৰ্তমান গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অপৰাধ শাখাৰ এ ডি চি পি সুকন্যা দাসক এছ আই টিয়ে তলৱ কৰিছে ।

লগতে পঢ়ক : APSC কেলেংকাৰীৰ গোচৰত SIT ৰ জেৰাৰ সন্মুখীন হ’ব দুই ACS বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.