ETV Bharat / state

Cotton University Admission: কিয় হৈছে কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিত বিলম্ব ?

author img

By

Published : Jul 29, 2023, 7:32 PM IST

বৰ্তমানলৈ কটন বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ নোহোৱাত আশাহত ছাত্ৰ-ছাত্ৰী । অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ সংৰক্ষণৰ দাবী এছ এফ আইৰ ।

Cotton University
কটন বিশ্ববিদ্যালয়ত নামভৰ্তি

কটন বিশ্ববিদ্যালয়ত নামভৰ্তি

গুৱাহাটী, ২৯ জুলাই: ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ত স্নাতক শ্ৰেণীত নামভৰ্তি প্ৰক্ৰিয়াকলৈ ছাত্ৰ-ছাত্ৰীৰ মনত সৃষ্টি হৈছে দোদুল্য়মান অৱস্থাৰ । বৰ্তমানলৈ কটন বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ নোহোৱাত ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ আশাহত হৈছে । শিক্ষা বিভাগ, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে সৃষ্টি হৈছে বেমেজালিৰ । গুৱাহাটী বিশ্ববিদ্যালয় , ডিব্ৰুগড় বিশ্ববিদ্যালয় ,বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া সমৰ্থ প'ৰ্টেলযোগে ইতিমধ্যে সমাপ্ত হৈছে । পহিলা আগষ্টৰ পৰা আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া ।

তেনে পৰিপ্ৰেক্ষিত কটন বিশ্ববিদ্যালয়ত ৫ আগষ্টৰ পৰাহে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব । যাৰ বাবে বহু মেধাৱী ছাত্ৰ- ছাত্ৰী কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হ'ব । এই সন্দৰ্ভত এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাসে ক্ষোভ প্ৰকাশ কৰি কয়,"ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে কটন বিশ্ববিদ্যালয় এইবাৰৰ পৰা অন্তভুক্ত হৈছে কেন্দ্ৰীয় বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষাত (CUET)। এই প্ৰৱেশ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত স্নাতকৰ নামভৰ্তিৰ ব্যৱস্থা কৰিছে । প্ৰৱেশ পৰীক্ষাৰ ফলাফল দিয়ালৈ আন বিশ্ববিদ্যালয়ৰ নামভৰ্তি সম্পন্ন হৈছে ।"

সমৰ্থ প'ৰ্টেলত ব্যাপক খেলিমেলিৰ সন্মুখীন হৈ ছাত্ৰ- ছাত্ৰীয়ে নামভৰ্তি কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাসে পুনৰ কয় যে এই বিষয়ে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুক বাৰম্বাৰ জনোৱাৰ পিচতো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ।

আনহাতে, আন্তঃগাঁথনি ,পৰ্যাপ্ত শিক্ষকৰ অভাৱৰ পিচতো চি ইউ ই টিৰ জৰিয়তে কটন বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ব্যৱস্থা কৰিছে । ৫ আগষ্টৰ পৰা হ'বলগীয়া নামভৰ্তি প্ৰক্ৰিয়াত যাতে বেমেজালি নহয় তাৰ বাবে কৰ্তৃপক্ষক আগতীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় । অসমৰ মেধাৱী ছাত্ৰ- ছাত্ৰী যাতে আশাহত নহয় তাৰ বাবে অসমৰ ছাত্ৰ- ছাত্ৰীৰ কাৰণে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাসে ।

লগতে পঢ়ক:Supari Syndicate controversy:মুখ্যমন্ত্ৰীয়ে অভিযুক্ত জিতুমণিক ৰক্ষণাবেক্ষণ দিছে:আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.