ETV Bharat / state

Police Custody ত শ্বেৰমান : স্বাস্থ্যৰ সেৱাৰ বিশেষ ব্যৱস্থাৰ নিৰ্দেশ আদালতৰ

author img

By

Published : Oct 3, 2021, 5:48 PM IST

Updated : Oct 3, 2021, 7:18 PM IST

গ্ৰেপ্তাৰৰ পিছত বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক আৰক্ষীয়ে ১০ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে । বহু কেইটা ৰোগত আক্ৰান্ত শ্বেৰমানৰ স্বাস্থ্যৰ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ আদালতৰ ৷

Police Custody
Police Custody

গুৱাহাটী, ২ অক্টোবৰ : দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে বিধায়ক শ্বেৰমান আলীক । আৰক্ষীয়ে ১০ দিন জিম্মাত বিচাৰিছিল যদিও আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈহে প্ৰেৰণ কৰিছে বাঘবৰৰ বিধায়ক গৰাকীক । হৃদ ৰোগত আক্ৰান্ত হোৱাৰ লগতে উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ ৰোগী হোৱাৰ বাবে বিধায়ক গৰাকী আৰক্ষীৰ জিম্মাত থকাৰ সময়ত স্বাস্থ্যৰ সকলো সেৱা আগবঢ়ালৈ আদালতৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ যোগ্য যে, শনিবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক । দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে বিধায়কগৰাকীক । গ্ৰেপ্তাৰ কৰাৰ পিছতে পানবজাৰ আৰক্ষী থানাত নিশা জেৰা কৰা হৈছিল বিতৰ্কিত বিধায়ক গৰাকীক । দেওবাৰে, কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হয় বিধায়ক শ্বেৰমান আলীক ।

স্মৰ্তব্য যে, গৰুখুটিৰ ঘটনাৰ পিছত অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাকে ধৰি আন সকলক ঘাতক আখ্যা দিছিল বিধায়ক গৰাকীয়ে ৷ বিধায়ক গৰাকীৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাজ্য জুৰি ৷ বিভিন্ন দল-সংগঠনে এই সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷

Police Custody ত শ্বেৰমান : স্বাস্থ্যৰ সেৱাৰ বিশেষ ব্যৱস্থাৰ নিৰ্দেশ আদালতৰ

সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰচনা কৰিছিল ৷ ঠাইয়ে ঠাইয়ে ছাত্ৰ সন্থাৰ লগতে একাংশ দল সংগঠনে বাঘবৰৰ বিতৰ্কিত বিধায়ক গৰাকীৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছিল ৷ শ্বহীদ দয়ানাথ শৰ্মাৰ পৰিয়ালেও এই সন্দৰ্ভত আশ্চৰ্য প্ৰকাশ কৰিছিল ৷ শেহতীয়াকৈ কংগ্ৰেছ দলেও বিধায়ক গৰাকীক এই সন্দৰ্ভত শ্ব’কজ জাননী প্ৰেৰণ কৰি তিনি দিনৰ ভিতৰত উত্তৰ বিচাৰিছিল ৷

লগতে পঢ়ক : বিজেপি প্ৰাৰ্থীক ৫৮,৩৮৯ টা ভোটৰ ব্যৱধান পৰাস্ত কৰি মমতাই মাৰিলে বিজয়ৰ হাঁহি

Last Updated : Oct 3, 2021, 7:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.