ETV Bharat / state

Homen Borgohain death anniversary: দ্বিতীয় মৃত্যু বাৰ্ষিকীত হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

author img

By

Published : May 12, 2023, 10:59 PM IST

Second death anniversary of Homen Borgohain
হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

আজি বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যু বাৰ্ষিক (Second death anniversary of Homen Borgohain) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কৰুণাধাৰাৰ উদ্যোগত গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এক স্মাৰক বক্তৃতানুষ্ঠান । উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত ।

গুৱাহাটী, ১২ মে: বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা স্বেচ্ছাসেৱী অনুষ্ঠান কৰুণাধাৰা'ৰ স্ৰষ্টা প্রয়াত হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি শুকুৰবাৰে কৰুণাধাৰাৰ উদ্যোগত গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এক স্মাৰক বক্তৃতানুষ্ঠান (Second death anniversary of Homen Borgohain) । কৰুণাধাৰাৰ ন্যাসৰক্ষী ডাঃ ৰুবী কটকীৰ আদৰণি ভাষণৰে শুভাৰম্ভ কৰা হয় এই অনুষ্ঠানৰ ।

এই বক্তৃতানুষ্ঠানত মানৱতাবাদ আৰু মানৱীয় প্ৰমূল্যবোধেই শান্তি আৰু সম্প্ৰীতিৰ আধাৰ শীৰ্ষক বিষয়ত বক্তৃতা প্রদান কৰে ৰাজ্য চৰকাৰ মুখ্য তথ্য আয়ুক্ত আৰু প্ৰাক্তন আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই (Former DGP Bhaskarjyoti Mahanta) । অনুষ্ঠানটোত বক্তৃতানুষ্ঠানৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি ভাস্কৰজ্যোতি মহন্তই হোমেন বৰগোহাঞিৰ অসমৰ জাতীয় জীৱনৰ প্ৰতি থকা গভীৰ দায়িত্ববোধৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰি কয়, হোমেন বৰগোহাঞি আছিল যথাৰ্থতে প্ৰজ্ঞাৰ সাধক (Homen Borgohain Memorial Lecture)।

হোমেন বৰগোহাঞিয়ে কৰুণাধাৰাৰ জৰিয়তে বহুতৰে জীৱনৰ গতি সলনি কৰি দিয়াই নহয় আৰ্তজনক জীয়াই থাকিবলৈ অনুপ্ৰেৰণা যোগাইছিল । কৰুণাধাৰা নামটো বৰগোহাঞিয়ে কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ এটি বিখ্যাত কবিতাৰ পৰা অনা বুলি উল্লেখ কৰি গৈছে বুলি উল্লেখ কৰে মহন্তই । উপভোক্তা আৰু ভোগবাদী ব্যৱস্থাই সমগ্র পৃথিৱীখনৰে বহুক্ষেত্ৰত দৃশ্যপট সলনি কৰিছে । পৰিয়ালৰ মাজত থকা আত্মিয়ক সম্পৰ্কবোৰ ক্ৰমে নাইকীয়া যাবলৈ ধৰিছে বুলিও উল্লেখ কৰে মহন্তই (Homen Borgohain death anniversary) ।

ইয়াৰ ফলত সমাজত অপৰাধজনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । গতিকে মানুহৰ নৈতিক আৰু মানৱীয় প্ৰমূল্যবোধ কমি গৈছে । যিটো বিষয় অতি চিন্তনীয় হৈ পৰিছে আৰু ইয়াৰ বাবে এক আন্দোলন গঢ় লৈ উঠিব লাগে বুলি মন্তব্য কৰে মুখ্য তথ্য আয়ুক্ত প্রধান ভাস্কৰজ্যোতি মহন্তই । আনহাতে, অনুষ্ঠানটোত হোমেন বৰগোহাঞিৰ জীৱন কৰ্ম আৰু সান্নিধ্যৰ ওপৰত আলোকপাত কৰে বিশিষ্ট চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে ।

উক্ত অনুষ্ঠানত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালত ডাঃ বিভূতি ভূষণ বৰঠাকুৰ কৰুণাধাৰা ন্যাসৰ সভাপতি প্রতুল চন্দ্ৰ ফুকন সম্পাদক নৱজ্যোতি ভূঞাকে ধৰি কেইবাজনো কর্মকর্তা উপস্থিত থাকে । উল্লেখ্য যে, ২০২১ চনৰ ১২ মে'ত মহাপ্ৰয়াণ ঘটিছিল মহানায়ক হোমেন বৰগোহাঞিৰ ।

লগতে পঢ়ক: Labourer missing in Brahmaputra: ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিলে মথাউৰি নিৰ্মাণ কৰা শ্ৰমিকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.