ETV Bharat / state

সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানুক শাস্তিমূলক বদলি

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 4:58 PM IST

Etv Bharat
Etv Bharat

সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানুক শাস্তিমূলক বদলি ৷ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক দুৰ্বব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে 8 জুলাইত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷

গুৱাহাটী, 18 নৱেম্বৰ: অৱশেষত শাস্তিমূলকভাৱে বদলি হ’ল সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানু ৷ গুৱাহাটী আৰক্ষী আয়ুক্তই CPG/R/RO/IN/D/14150 নম্বৰৰ নিৰ্দেশ মৰ্মে দুৰ্নীতিগ্ৰস্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক গুৱাহাটীৰ অপৰাধ শাখালৈ বদলি কৰে ৷ তেওঁৰ ঠাইত সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে গুৱাহাটীৰ অপৰাধ শাখাৰ পৰিদৰ্শক হিতেশ বসুমতাৰীক নিযুক্তি দিয়া হৈছে ৷

উল্লেখ্য যে, ওম প্ৰকাশ মাঝিৰ ভূমি সমস্যা সমাধান কৰাৰ নামত এক লাখ টকা দাবী কৰাৰ লগতে পাঞ্জাবাৰীৰ অজিত বসুমতাৰী নামৰ লোকজনৰ চুৰি হোৱা গাড়ী উদ্ধাৰ কৰি দিয়াৰ বিনিময়ত 5 হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছিল সন্দীপ কুমাৰ কানুৰ বিৰুদ্ধে ৷ তদুপৰি দুৰ্নীতিগ্ৰস্ত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰিছিল ৷ এই সন্দৰ্ভত পূব গুৱাহাটী প্ৰেছ ক্লাবে বিষয়াগৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল ৷ এই সন্দৰ্ভত আৰক্ষী আয়ুক্তই নিজাববীয়াকৈ তদন্ত কৰি অৱশেষত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক বদলি কৰে ৷

উল্লেখ যে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে 8 জুলাইত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ গুৱাহাটীৰ নাৰেংগীস্থিত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ক’লা বেজ পৰিধান কৰি সাংবাদিকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ অনাহকতে কৰ্তব্যৰত সাংবাদিকক দুৰ্ব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ এনে ব্যৱহাৰৰ গৰিহণা দি এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনাইছিল ৷

বিগত 17 মে'ত সাতগাঁও থানা এলেকাত সংঘটিত এটা দলবদ্ধ ধর্ষণৰ ঘটনাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত 5 জুলাইত জেষ্ঠ সাংবাদিক তথা পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি ছামছুল ৰহমানে এই ঘটনাৰ তথ্য বিচাৰি সাতগাঁও আৰক্ষী থানালৈ গৈছিল ৷ তেনে সময়তে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানুয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰি থানাত প্ৰবেশত বাধা দিয়ে তাৰোপৰি সাংবাদিকগৰাকীৰ হাতত থকা মোবাইল ফোন কাঢ়ি নি তালাচী চলাই অযথা হাৰাশাস্তি কৰে ৷ পিছত আৰক্ষী বিষয়াগৰাকীৰ এনে ব্যৱহাৰৰ বিষয়ে পূব গুৱাহাটী প্ৰেছ ক্লাবক অৱগত কৰে ভুক্তভোগী সাংবাদিকজনে ৷

বিষয়টোৰ সন্দৰ্ভত 7 জুলাইত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি গোকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাৰ নেতৃত্বত যোৱা এটি 15 জনীয়া সাংবাদিকৰ দল সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক সৌজন্যমূলক সাক্ষাৎ কৰাৰ বাবে থানা চৌহদত উপস্থিত হয় ৷ কিন্তু আৰক্ষী বিষয়াগৰাকীয়ে নানা অজুহাত দেখুৱাই সাংবাদিকৰ দলটোক সাক্ষাৎ দিয়াৰ পৰা বিৰত থাকে ৷ প্ৰায় 1 ঘণ্টা সময় ধৰি অপেক্ষা কৰি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সাক্ষাৎতৰ অনুমতি নাপাই অপমানিতবোধ কৰি সেই স্থান পৰিত্যাগ কৰে সাংবাদিকসকলে ৷ শনিবাৰে এইগৰাকী বিতৰ্কিত আৰক্ষী বিষয়াক শাস্তিমূলক বদলি কৰাৰ পিছতেই পূব গুৱাহাটী প্ৰেছ ক্লাৱে সন্তোষ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ষঠ পূজা উপলক্ষে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা মহানগৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.