ETV Bharat / state

আছুৰ বাবে নীলকণ্ঠৰ দৰে কাম কৰি যাব সমুজ্জল ভট্টাচাৰ্যই

author img

By

Published : Oct 18, 2020, 6:34 PM IST

মহানগৰীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ধাৰাপুৰ ছাত্ৰ সন্থা আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন । অসুস্থতাৰ মাজতে এই অধিবেশনত অংশগ্ৰহণ কৰে আছুৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।

samujjal bhattacharya
samujjal bhattacharya

আজাৰা, 18 অক্টোবৰ : মহানগৰীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ধাৰাপুৰ ছাত্ৰ সন্থা আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন । বহু দিনৰ বিৰতিৰ পিছত ৰাইজৰ মাজলৈ ওলাই আহিল আছুৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য । অসুস্থতাৰ বাবে নিজ গৃহত চিকিৎসাধীন হয় আছিল সমুজ্জল কুমাৰ ভট্টাচাৰ্য । কিছু সুস্থ হৈ উঠাত মহানগৰীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ গুৱাহাটী ছাত্ৰ সংস্থাৰ বাৰ্ষিক অধিবেশনত ভাগ লয় আছুৰ উপদেষ্টা গৰাকীয়ে ।

শেহতীয়াকৈ পদত্যাগ কৰা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই সমুজ্জল ভট্টাচাৰ্যৰ বিৰুদ্ধে যি অপবাখ্যা কৰি মন্তব্য দিছে সেই মন্তব্যক অগ্ৰাহ্য কৰে সমুজ্জল ভট্টাচাৰ্যই । সদৌ অসম ছাত্ৰ সন্থা সামূহিক নেতৃত্বত চলা এটি সংগঠন আৰু এই সংগঠনটি সামূহিক নেতৃত্বত চলাটো বিচাৰে বুলি মন্তব্য কৰে আছু উপদেষ্টা গৰাকীয়ে । অসমৰ ৰাইজে সদায় সদৌ অসম ছাত্ৰ সন্থাক অৰাজনৈতিক দল হিচাপে বিচাৰে আৰু আছু সদায় আছুয়েই ৷ যিহেতু সদৌ অসম ছাত্ৰ সন্থা সংগ্ৰামী যাত্ৰা আৰু সংগ্ৰামী সত্তা । অসমৰ ৰাইজৰ চিন্তা আছুৰ ৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিব লাগে ।

আছুৰ বাবে নীলকণ্ঠৰ দৰে কাম কৰি যাব সমুজ্জল ভট্টাচাৰ্যই

নীলকণ্ঠৰ ৰূপ লৈ আছুৰ হৈ কাম কৰি আহিছে আৰু নীলকণ্ঠৰ ৰূপ লৈ আছুৰ হৈ কাম কৰি যাব বুলি কয় সমুজ্জল কুমাৰ ভট্টাচাৰ্যই । লাখ লাখ ছাত্ৰ ছাত্ৰীৰ হৈ শৰীৰৰ শেষ বিন্দু তেজ থকালৈ ছাত্ৰ সন্থাৰ সেৱা কৰি যাব কিন্তু ৰাজনৈতিক দল আৰু নিৰ্বাচনৰ বাহিৰত থাকি অসমীয়া আৰু অসমৰ খিলঞ্জীয়া মানুহৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে আছুৰ উপদেষ্টা গৰাকীয়ে । পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিবেশনত ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই আগন্তুক ছাত্ৰ সন্থাৰ দুলিয়াজানৰ অধিবেশনত ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল’ব বুলি জানিবলৈ দিয়ে ।

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনত সমুজ্জল ভট্টাচাৰ্যৰ লগত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ, উপ সভাপতি বিপুল ৰাভা, সহ সম্পাদক প্ৰকাশ দাস, কামৰূপ মহানগৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিব্য জ্যোতি মেধি , সভাপতি ৰোজমিল আলি , পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু মহানগৰীৰ বহু কেইখন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী । এই বাৰ্ষিক অধিবেশনৰ পতাকা উত্তোলন কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি ৰোজমিল আৰু শ্বহীদ তৰ্পন কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আহ্বায়ক ৰাইফুদ্দিন আহমেদে ।

লগতে পঢ়ক : অগপলৈ লং জাম্প মাৰিবলৈ আগ্ৰহী এআইইউডিএফ-ৰ কোন বিধায়ক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.