ETV Bharat / state

বনিয়াৰ হাতলৈ যাব অসমৰ দুয়োটা কাগজকল : বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ

author img

By

Published : Jun 1, 2021, 9:19 PM IST

Updated : Aug 30, 2021, 12:39 PM IST

অৱশেষত অসমৰ ঔদ্যোগিক ইতিহাসৰ অন্যতম অংশ নগাঁও আৰু কাছাৰ কাগজকল বিক্ৰীৰ সিদ্ধান্ত ল’লে চৰকাৰে । মঙলবাৰে এই সন্দৰ্ভত বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ কৰিছে চৰকাৰী পক্ষই ।

paper mill sale advertisement published
কাগজকলৰ বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ

গুৱাহাটী, 1 জুন : বহু বিতৰ্ক, আন্দোলনৰ অন্তত চৰকাৰী প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন কৰি‌ অৱশেষত হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ অধীনস্থ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল বিক্ৰীৰ বাবে বিজ্ঞাপন প্ৰকাশিত হ’ল । ‌‌কেইবাখনো ৰাষ্ট্ৰীয় কাকতত মঙলবাৰে এই বিজ্ঞাপন প্ৰকাশিত হয় ৷

উল্লেখ্য যে, ৰাজহুৱা খণ্ডৰ অন্যতম প্ৰতিষ্ঠান হিচাপে এই কাগজ কল দুটা পুনৰুদ্ধাৰৰ বাবে কৰ্মচাৰী সংগঠনসমূহৰ উপৰিও ৰাজ্যৰ গণতান্ত্ৰিক দল-সংগঠনসমূহে দাবী উত্থাপন কৰিছিল আৰু তাক লৈ বহু আন্দোলনো গঢ়ি উঠিছিল ।‌‌ হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ দ্বাৰা প্ৰকাশিত এই বিজ্ঞাপনত ‘ৰিজাৰ্ভ প্ৰাইজ’ নিৰ্ধাৰণ কৰা হৈছে 1139 কোটি টকা ।‌‌

paper mill sale advertisement published
কাগজকলৰ বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ

হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ এই সিদ্ধান্তৰ বিপৰীতে ক্ষোভ প্ৰকাশ কৰি শ্ৰমিক-কৰ্মচাৰী সমাজক নেতৃত্ব দি অহা জইণ্ট একশ্যন কমিটীৰ সাধাৰণ সম্পাদক আনন্দ বৰদলৈয়ে জনোৱা মতে, নেশ্যনেল কোম্পেনী ল’ব ট্ৰিবুনেলে কাগজকল দুটা বিক্ৰীৰ আগতে উৎপাদন আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল ।

কিন্তু সেই নিৰ্দেশ অমান্য কৰি বিক্ৰীৰ নিবিদা আহ্বান কৰা কৰা কাৰ্যই শ্ৰমিক-কৰ্মচাৰীকে ধৰি সচেতন সকলোকে আচৰিত কৰিছে । মনকৰিবলগীয়া যে, কাগজকল দুটাৰ বিক্ৰীৰ বাবে আৰম্ভ হোৱা প্ৰশাসনিক তৎপৰতাই অতি সোনকালেই কাগজকল দুটা বাক্তিগত মালিকৰ অধীন হ’ব‌ বুলি নিশ্চিত কৰিছে ।‌‌ কিন্তু এনে প্ৰেক্ষাপটত শ্ৰমিক-কৰ্মচাৰীৰ ভৱিষ্যৎ কোন দিশে যাব তাৰ কোনো নিশ্চয়তা নাই ।

লগতে পঢ়ক : সংবাদমেলযোগে কি ঘোষণা কৰিলে বিত্তমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীয়ে ?

Last Updated : Aug 30, 2021, 12:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.