ETV Bharat / state

২০২১ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা প্ৰাপক অভিজিৎ বৰাৰ মনৰ বতৰা...

author img

By

Published : Dec 31, 2021, 7:31 PM IST

sahitya-akademi-yuva-puraskar-winner-abhijit-boras-interaction-with-etv-bharat
২০২১ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা প্ৰাপক অভিজিৎ বৰাৰ মনৰ বতৰা...

কটন বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ তথা যুৱ সাহিত্যিক গোলাঘাটৰ অভিজিৎ বৰাই (Youth writer Abhijit Borah) লাভ কৰিছে ২০২১ বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমী যুৱ বঁটা (Sahitya akademi yuva puraskar 2021) ৷ জানো আহক বঁটা লাভৰ পিছত ইটিভি ভাৰতৰ সমুখত কি ক’লে যুৱ সাহিত্যিক অভিজিৎ বৰাই ৷

গুৱাহাটী,৩১ ডিচেম্বৰ: ২০২১ বৰ্ষৰ বিদায়ক্ষণত অসমৰ সাহিত্য জগতলৈ আহিল সুখবৰ । এইবেলি সাহিত্য অকাডেমিৰ অসমীয়া ভাষাৰ গল্প সংকলন 'ডেউকা কোবাই যায়' ৰ বাবে ২০২১ বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমী যুৱ বঁটা (Sahitya akademi yuva puraskar 2021) লাভ কৰিলে কটন বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ তথা গোলাঘাটৰ যুৱ সাহিত্যিক অভিজিৎ বৰাই (Youth writer Abhijit Borah) । এই খবৰে স্বাভাৱিকতে সমগ্ৰ ৰাজ্যবাসীকে উৎফুল্লিত কৰি তুলিছে ৷

অভিজিৎ বৰালৈ আগবঢ়োৱা অসমীয়া ভাষাৰ সাহিত্য অকাডেমী যুৱ বঁটা ২০২১ এ আনন্দৰ বন্যা বোৱাইছে ৰাজ্যৰ বৌদ্ধিক মহলত ৷ সাহিত্য অকাডেমিৰ যুৱ বঁটা প্ৰাপক অভিজিৎ বৰাই(Sahitya akademi yuva winner Abhijit Borah) ই টি ভি ভাৰতৰ আগত কয় যে, বছৰৰ শেষত অহা খবৰটোৱে তেওঁক আনন্দিত কৰিছে । এই সন্মান আগবঢ়োৱাৰ বাৰে সাহিত্য অকাডেমিক ধন্যবাদ জনোৱাৰ লগতে পৰিয়াল তথা গাঁওবাসী আৰু শুভাকাংশীক ধন্যবাদ জনায় তেওঁ ।

২০২১ বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমী যুৱ বঁটা প্ৰাপক অভিজিৎ বৰাৰ মনৰ বতৰা...

নতুন বছৰত গল্প লিখাৰ পৰিকল্পনা থকা বুলিও মন্তব্য কৰি কয় যে, এই স্বীকৃতিয়ে মোক আগুৱাই যাবলৈ সাহস দিয়াৰ লগতে আৰু দায়িত্বশীল কৰি তুলিছে ৷ উল্লেখ্য যে, ২০১৬-২০২০ চনলৈ অভিজিৎ বৰাৰ গাঁও , চহৰ ,মহানগৰৰ পটভূমিত লিখা অসমীয়া আলোচনীত প্ৰকাশ পোৱা মুঠ ১৪ টা গল্প 'দেউকা কোবাই যায়' নামৰ গল্প সংকলনখনত সন্নিবিষ্ট হৈছে। বিগত বৰ্ষত গল্প সংকলনখনৰ বাবে অভিজিৎ বৰাই মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছিল ।

লগতে পঢ়ক : ড৹ হাছিনুচ চুলতানৰ কবিতা পুথি 'কাৰ বাবে লিখিছোঁ কবিতা' উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.