ETV Bharat / state

Draupadi Murmu in Assam: দ্ৰৌপদীৰ কাষত ৰুক্মিণী : ৰোমন্থন কৰিলে পুৰণা স্মৃতি

author img

By

Published : Oct 14, 2022, 3:20 PM IST

দ্ৰৌপদীক সাক্ষাৎ ৰুক্মিণীৰ(Rukmini Kisan Barkatki meet president of india) । ১৬ বছৰ পূৰ্বে সাতদিন প্ৰায় একেলগে থকা দ্ৰৌপদী মুৰ্মুৰ কাষত পুনৰ দেখা গ'ল পাভৈৰ ৰুক্মিণী কিষাণ বৰকটকীক । দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা দ্ৰৌপদী মুৰ্মুক দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰে সাক্ষাৎ কৰে ৰুক্মিণী কিষাণ বৰকটকীয়ে(Draupadi Murmu in Assam) ।

Rukmini Kisan Barkatki meet president of india
দ্ৰৌপদীৰ কাষত ৰুক্মিণী : ৰোমন্থন কৰিলে পুৰণা স্মৃতি

গুৱাহাটী,১৪ অক্টোবৰ: দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত অসমৰ এগৰাকী অখ্যাত মহিলা বিশেষভাৱে চৰ্চালৈ আহিছিল । তেওঁ হৈছে বিশ্বনাথ চাৰিআলিৰ পাভৈৰ ৰুক্মিণী কিষাণ বৰকটকী । কাৰণ বৰ্ত্তমানৰ ৰাষ্ট্ৰপতিগৰাকী এসময়ত তেওঁৰ লগত সাত দিন আছিল । ২০০৬ চনত বিশ্বনাথত দ্ৰৌপদী মুৰ্মুৰে সৈতে তেওঁ চলাইছিল নিৰ্বাচনী প্ৰচাৰ । তেওঁৰ লগত একেলগে সাতদিন কটাইছিল দ্ৰৌপদী মুৰ্মুৱে(Draupadi Murmu in Assam) ।

Rukmini Kisan Barkatki meet president of india
দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ ৰুক্মিণী কিষাণ বৰকটকীৰ

উল্লেখ্য যে ২০০৬ চনত বিশ্বনাথ বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল তেতিয়াৰ বিধায়ক হৈ থকা দ্ৰোপদী মুৰ্মু আৰু দ্ৰোপদী মুৰ্মুৰ সৈতে ছাঁৰ দৰে আছিল ৰুক্মিণী কিষাণ বৰকটকী(Draupadi Murmu 2nd day in Assam) । সেই সময়ত দ্ৰৌপদী মুৰ্মু বিশ্বনাথৰ এখন হোটেলত সাতদিন আছিল আৰু নিৰ্বাচনী প্ৰচাৰ চলাইছিল । সেই সময়ত দিনে নিশাই ৰুক্মিণী কিষাণ বৰকটকীয়ে দ্ৰৌপদী মুৰ্মুক বিভিন্ন ধৰণে সহায় কৰিছিল ।

আনকি দ্ৰৌপদী মুৰ্মুৱে ৰুক্মিণী কিষাণ বৰকটকীৰ ঘৰলৈও গৈছিল আৰু চাহ বৈঠকত অংশগ্ৰহণ কৰিছিল । সেই সময়ত আটছাৰ বিষয়বাবত থকা বৰ্তমানৰ তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসক দ্ৰৌপদী মুৰ্মুৰ লগত তেওঁৱেই চিনাকি কৰাই দিছিল । অতি আশ্চৰ্যজনকভাৱে পাভৈৰ ৰুক্মিণী কিষান বৰকটকীয়ে ২০০৬ চনত দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰা এখন শাৰী বিগত ১৬ বছৰ ধৰি সযতনে ৰাখি থৈছে ।

Rukmini Kisan Barkatki meet president of india
গুৱাহাটীৰ ৰাজ্যিক অতিথিশালাত ঢেকীয়াজুলিৰ পৰা অহা মহিলাৰ সৈতে ৰাষ্ট্ৰপতিৰ বৈঠক

লগতে সযতনে ৰাখি থৈছে দ্ৰৌপদী মুৰ্মৰে সেই সময়ত তোলা কেইবাখনো আলোকচিত্র । ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দ্ৰৌপদী মুৰ্মুক আকৌ এবাৰ ওচৰৰ পৰা পাবলৈ হেঁপাহ পুহি ৰাখিছিল ৰুক্মিণী কিষাণ বৰকটকীয়ে । অৱশেষত বিশ্বনাথ চাৰিআলিৰ পাভৈৰ ৰুক্মিণী কিষাণ বৰকটকীৰ হেঁপাহ পূৰণ হ'ল । সাক্ষাৎ পালে ১৬ বছৰ পূৰ্বে সাতদিন প্ৰায় একেলগে থকা দ্ৰৌপদী মুৰ্মুক(Rukmini Kisan Barkatki meet president of india) ।

তেতিয়া দ্ৰৌপদী মুৰ্মু দলীয় নেতা হিচাপে প্ৰচাৰ চলাবলৈ আহিছিল(Draupadi Murmu in Assam) । কিন্তু আজি তেওঁ দেশৰ ৰাষ্ট্ৰপতি । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ আশা পূৰণ হ'ল ৰুক্মিণী কিষাণ বৰকটকীৰ । ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা দ্ৰৌপদী মুৰ্মুক গুৱাহাটীৰ কইনাধৰাত সাক্ষাৎ কৰাৰ সৌভাগ্য হ'ল ৰুক্মিণী কিষাণ বৰকটকীৰ(President Draupadi Murmu in Guwahati) । সাক্ষাৎ কৰি পুৰণা স্মৃতি ৰোমন্থন কৰাৰ লগতে ৰুক্মিণী কিষাণ বৰকটকীয়ে ৰাষ্ট্ৰপতিক উপহাৰ দিলে তেওঁৰ সৈতে লোৱা এখন পুৰণা ফটো ।

কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাষ্ট্ৰপতিক সাক্ষাতৰ বাবে আহি পুৰণি চিনাকিৰে নিচেই কাষতে বহিল ৰুক্মিণী কিষাণ বৰকটকী । উল্লেখ্য যে দুদিনীয়া অসম ভ্ৰমণৰ অংশ হিচাপে শুকুৰবাৰে গুৱাহাটীৰ ৰাজ্যিক অতিথিশালাত ঢেকীয়াজুলিৰ পৰা অহা মহিলাৰ এটি গোটৰ সৈতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাব বিনিময় কৰে । এই অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্রী সঞ্জয় কিষাণ আৰু সাংসদ পল্লৱ লোচন দাসো উপস্থিত থাকে ।

লগতে পঢ়ক: Poor road condition: জৰাজীৰ্ণ পৰ্ণ থে দুৰ্ভো গ ভোগাইছে ৰঙাপৰাবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.