ETV Bharat / state

আগধন লৈও থাকিবলৈ নিদিলে ভাড়াঘৰৰ মালিকে

author img

By

Published : Nov 9, 2020, 10:18 PM IST

As_01_ghy_Room_owner_cheat_vis_10003
আগধন লৈও থাকিবলৈ নিদিলে ভাড়াঘৰৰ মালিকে

মহানগৰী গুৱাহাটীত ভাড়াঘৰৰ মালিকৰ অবিবেচকী কাণ্ড ৷ আগধন লৈও ঘৰ ভাড়ালৈ নিদিয়াৰ অভিযোগ উঠিছে ভাড়াঘৰৰ মালিকৰ বিৰুদ্ধে ৷ জানিব পৰা মতে, হাতীগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা পথৰ 14 নং ঘৰত ভাড়া লৈছিল তিনিগৰাকী যুৱতীয়ে ৷ ঘৰৰ গৰাকী জ্যোতিমা বৰকটকীয়ে অক্টোবৰ মাহতে তিনি যুৱতীৰ পৰা আগধন হিচাপে লৈছিল 6000 টকা ৷ কিন্তু নৱেম্বৰ মাহত ঘৰটোত থাকিবলৈ অহাত তিনি যুৱতীক ঘৰভাড়া নিদিও বুলি মন্তব্য কৰে ৷

গুৱাহাটী, 9 নৱেম্বৰঃ মহানগৰী গুৱাহাটীত ভাড়াঘৰৰ মালিকৰ অবিবেচকীয় কাণ্ড ৷ আগধন লৈও ঘৰ ভাড়ালৈ নিদিয়াৰ অভিযোগ উঠিছে ভাড়াঘৰৰ মালিকৰ বিৰুদ্ধে ৷ জানিব পৰা মতে, হাতীগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা পথৰ 14 নং ঘৰত ভাড়া লৈছিল তিনিগৰাকী যুৱতীয়ে ৷ ঘৰৰ গৰাকী জ্যোতিমা বৰকটকীয়ে অক্টোবৰ মাহতে তিনি যুৱতীৰ পৰা আগধন হিচাপে লৈছিল 6000 টকা ৷ কিন্তু নৱেম্বৰ মাহত ঘৰটোত থাকিবলৈ অহাত তিনি যুৱতীক ঘৰ ভাড়া নিদিও বুলি মন্তব্য কৰে ৷

ইয়াৰ লগতে আগধন হিচাপে দিয়া টকাখিনিও উভতাই নিদিলে গৰাকীয়ে ৷যাৰ পৰিপ্ৰেক্ষিতত উপায়ন্তৰ হৈ হাতীগাঁও থানাত ঘৰটোৰ গৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে তিনিওগৰাকী যুৱতীয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ নীলা পানী হ্ৰদত প্ৰশাসনৰ ১৪৪ ধাৰা বলবৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.