ETV Bharat / state

কামৰূপ মহানগৰ জিলাৰ চৰকাৰী আঁচনিসমূহৰ পৰ্যালোচনা সভা

author img

By

Published : Feb 15, 2022, 11:42 AM IST

Updated : Feb 15, 2022, 1:14 PM IST

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ উপস্থিতিত কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ বৈঠক । বৈঠকত চৰকাৰী আঁচনি ৰূপায়ণৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হয় (Review meeting of govt schemes)। ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি স্থানীয় বিধায়ক শীৰ্ষ বিষয়াসকল উপস্থিত ।

Kamrup DC Office
কামৰূপ মহানগৰ জিলাৰ চৰকাৰী আঁচনিসমূহৰ পৰ্যালোচনা সভা

গুৱাহাটী,১৫ ফেব্ৰুৱাৰী : কামৰূপ মহানগৰ জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন পৰ্যালোচনা সভা (Review meeting of govt schemes) সোমবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ সভাপতিত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় । ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, জিলা পৰিষদৰ সভাপতি শিৰোমণি কোঁৱৰ আদি উপস্থিত থকা সভাত জিলা পৰিষদে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ উপৰিও জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন বিভাগে কাৰ্যকৰী কৰা আঁচনিসমূহৰ ওপৰত বিস্তৃত আলোকপাত কৰা হয় ।

Kamrup DC Office
কামৰূপ মহানগৰ জিলাৰ চৰকাৰী আঁচনিসমূহৰ পৰ্যালোচনা সভা

চৰকাৰী আঁচনিসমূহ তৃণমূল পৰ্যায়লৈকে ৰূপায়ণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ সভাত সকিয়াই দি সাংসদ কুইন ওজাই কয় যে যেতিয়ালৈকে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিক আঁচনিসমূহ ৰূপায়ণ কৰোতে জড়িত কৰা নহয়, তৃণমূল পৰ্যায়ৰ জনসাধাৰণ উপকৃত হ'ব নোৱাৰে । জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা খোৱা পানী যোগানৰ আঁচনিসমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জল-জীৱন মিছন আৰু আন আন পানী যোগান আঁচনি তৎপৰতাৰে ৰূপায়ণ কৰি চৰকাৰৰ লক্ষ্য বাস্তৱায়িত কৰিবলৈ সংশ্লিষ্ট বিষয়া-বৰ্গক আহ্বান জনায় ।

সভাত উজ্জালা, ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আদি ৰূপায়ণৰ পুংখানুপুংখ পৰ্যালোচনা কৰা হয় । বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই জিলা পৰিষদৰ সৈতে বিভিন্ন আঁচনিৰ ৰূপায়ণৰ পৰ্যালোচনাৰ বাবে পৃথকে এখন সভা অনুষ্ঠিত কৰাৰ পোষকতা কৰে ।

সভাত ভাষণ প্ৰদান কৰি সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে সকলো বিভাগে অধিক সজাগ হৈ কাম কৰিলেহে চৰকাৰৰ আঁচনিসমূহ সফল হ’ব আৰু জনসাধাৰণ উপকৃত হ'ব পাৰিব। মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ উপৰিও সকলো অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থকা বৈঠকতে মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনিৰ অধীনত ক’ভিডৰ ফলত স্বামীক হেৰুওৱা স্বামীহাৰা ১১ গৰাকী মহিলাক আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ চেক বিতৰণ কৰা হয় ।

লগতে পঢ়ক :2nd medical college in Guwahati: গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ ভূমি পূজন

Last Updated : Feb 15, 2022, 1:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.