ETV Bharat / state

চি এ পৰীক্ষাৰ্থীৰ বাবে লকডাউন শিথিলৰ নীতি-নিৰ্দেশনা

author img

By

Published : Jul 4, 2021, 5:38 PM IST

পৰীক্ষাৰ্থীৰ লগতে তেওঁৰ লগত এজনৰ ক্ষেত্রত আন্তঃজিলা যাতায়ত, সান্ধ্য আইন, পিলিয়ন ৰাইডিং আৰু বাহনৰ যুগ্ম-অযুগ্ম নম্বৰৰ নীতিৰ পৰা কেৱল চি এ (CA) পৰীক্ষাৰ বাবে ৰেহাই দিয়া হৈছে । টুইটাৰৰ জৰিয়তে এই কথা জনালে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP) জি পি সিঙে।

relaxation for ca exam candidate
চি এ পৰীক্ষাৰ্থীৰ বাবে লকডাউন শিথিলৰ নিৰ্দেশনা

গুৱাহাটী, ৪ জুন : সোমবাৰে অনুষ্ঠিত হ'বলগীয়া চি এ (CA) পৰীক্ষাৰ বাবে অব্যাহত থকা সান্ধ্য আইনৰ (Night curfew) ক্ষেত্রত কেতবোৰ শিথিলতাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অৱশ্যে এই শিথিলতা (relaxation) একমাত্র পৰীক্ষাৰ্থীৰ বাবে কৰা হৈছে । এই শিথিলতাৰ প্ৰতি লক্ষ্য ৰাখি চি এ (CA) পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীয়ে কৰিব পাৰিব আন্তঃজিলা যাতায়াত (Inter district transport) ।

এইক্ষেত্রত পৰীক্ষাৰ্থীয়ে যাতায়তৰ সময়চোৱাত পৰিচয়-পত্ৰ (Identity document) অথবা এডমিট কাৰ্ড (Admit card) দেখুৱাব লাগিব । আনহাতে, বৰ্তমান সময়ত দুচকীয়া বাহনত দুজন উঠাৰ ক্ষেত্রত নিষেধাজ্ঞা আছে যদিও পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত দুচকীয়া বাহনত দুজন উঠাৰো অনুমতি দিয়া হৈছে । চি এ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীৰ ক্ষেত্রত কৰা এই শিথিলতাৰ বিষয়ে দেওবাৰে টুইটাৰৰ (Twitter) জৰিয়তে জনালে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP) জি পি সিঙে ।

relaxation for ca exam candidate
চি এ পৰীক্ষাৰ্থীৰ বাবে লকডাউন শিথিলৰ নিৰ্দেশনা

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে টুইটাৰত উল্লেখ কৰা মতে পৰীক্ষাৰ্থীৰ লগতে তেওঁৰ লগত এজনৰ ক্ষেত্রত আন্তঃজিলা যাতায়ত, সান্ধ্য আইন, পিলিয়ন ৰাইডিং (pillion riding) আৰু বাহনৰ যুগ্ম-অযুগ্ম নম্বৰৰ নীতিৰ পৰা কেৱল চি এ (CA) পৰীক্ষাৰ বাবে ৰেহাই দিয়া হৈছে ।

উল্লেখ যে, ক'ভিড (Covid) পৰিস্থিতিৰ বাবে ৰাজ্যত এতিয়াও কেতবোৰ নীতি-নিৰ্দেশনা প্ৰযোজ্য হৈ আছে । ইতিমধ্যে ক'ভিড পৰিস্থিতিৰ বাবে ৰাজ্যৰ বহু কেইটা পৰীক্ষা বাতিল কৰা হৈছে । ইয়াৰ পিছতো এনেদৰে চি এ (CA) পৰীক্ষাৰ্থীৰ সহায়ৰ বাবে প্ৰশাসনে লকডাউন শিথিলৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাকলৈ আনন্দিত ৰাজ্যৰ পৰীক্ষাৰ্থীসকল । অৱশ্যে লকডাউন শিথিলৰ সুযোগ যাতে আন লোকে ল'ব নোৱাৰে তাৰ প্ৰতিও চোকা দৃষ্টি ৰখা হ'ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক :লক ডাউনৰ ফলত প্ৰাপ্যৰ পৰা বঞ্চিত কৰ্মীৰ কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.