ETV Bharat / state

RCS distributed Flood relief: বানপীড়িতৰ মাজত নিত্য ব্যৱহাৰ্য্য সামগ্ৰী বিতৰণ

author img

By

Published : Jul 28, 2022, 1:40 PM IST

Red Cross Society distributed relief items to flood affected areas in Rangia
বানপীড়িতৰ মাজত নিত্য ব্যৱহাৰ্য্য সামগ্ৰী বিতৰণ

বুধবাৰে ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ চছাইটিৰ তৰফৰ পৰা বানে ক্ষতিগ্ৰস্ত কৰা বহু অঞ্চলত সাহাৰ্য্য বিতৰণ কৰা হয় (RCS distributed Flood relief in Rangia)৷ সংগঠনটোৰ ৰাজ্যিক আৰু জিলা সমিতিৰ উদ্যোগত ৰঙিয়া ৰেড ক্ৰছ শাখাই ৰঙিয়া মহকুমাৰ অন্তৰ্গত চিৰাখুন্দি, নকুছি, ধুহিবালা আৰু জাপিয়া অঞ্চলৰ প্ৰায় তিনিশ বানপীড়িতৰ মাজত নিত্য ব্যৱহাৰ্য্য সামগ্ৰী বিতৰণ কৰে।

ৰঙিয়া, 28 জুলাই: বছৰৰ দ্বিতীয়টো বানে বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যবাসীক (Flood in Assam)৷ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো বানৰ সংহাৰী ৰূপত বিধ্বস্ত বহু অঞ্চল ৷ ঘৰ-বাৰী, ভেটি-মাটিৰ লগতে ক্ষতিগ্ৰস্ত হৈছে শস্য-পথাৰ ৷ বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা ৰঙিয়াৰ বহু অঞ্চলৰ ৰাইজ ৷

বুধবাৰে ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ চছাইটিৰ তৰফৰ পৰা বানে ক্ষতিগ্ৰস্ত কৰা বহু অঞ্চলত সাহাৰ্য্য বিতৰণ কৰে (International Red Cross Society distributed Flood relief in Rangiya) ৷ সংগঠনটোৰ ৰাজ্যিক আৰু জিলা সমিতিৰ উদ্যোগত ৰঙিয়া ৰেড ক্ৰছ শাখাই ৰঙিয়া মহকুমাৰ অন্তৰ্গত চিৰাখুন্দি, নকুছি, ধুহিবালা আৰু জাপিয়া অঞ্চলৰ প্ৰায় তিনিশ বানপীড়িতৰ মাজত নিত্য ব্যৱহাৰ্য্য সামগ্ৰী বিতৰণ কৰে (Red Cross Society distributed essential items to flood affected people)। তুলি, কম্বল, ছাতি, ৰন্ধনৰ বিভিন্ন সা-সঁজুলি, আঠুৱা, টৰ্চলাইটকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় ।

বানপীড়িতৰ মাজত নিত্য ব্যৱহাৰ্য্য সামগ্ৰী বিতৰণ

আনহাতে, স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাথমিক চিকিৎসা সামগ্ৰীৰ লগতে মহিলাসকলৰ মাহেকীয়াৰ সময়ত ব্যৱহাৰ হোৱা চেনিটাৰী পেড দিয়াৰো ব্যৱস্থা কৰে সংস্থাটোৱে । উল্লেখ্য যে, সাহায্য বিতৰণৰ অনুষ্ঠানটোত ৰেড ক্ৰছ চছাইটিৰ ৰাজ্যিক কমিটিৰ সদস্য মৃদুল শৰ্মা, পৰাগজ্যোতি শৰ্মা, পল্লৱজ্যোতি শৰ্মা আৰু নকুল শৰ্মাৰ লগতে কামৰূপ জিলা ৰেড ক্ৰছ শাখাৰ লৱ শৰ্মা, ৰাজ শৰ্মা , শচীন চক্ৰৱৰ্তী আৰু ৰঙিয়া শাখাৰ ডাঃ খবীৰুদ্দিন আহমেদ প্ৰমুখ্য সংগঠনটোৰ বহু কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

লগতে পঢ়ক: ৰাজ্যিক জমিয়ত উলেমাৰ দ্বাৰা কোকৰাঝাৰত বান সাহাৰ্য বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.