সকলো জিলাতে টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপনৰ দাবী ৰাইজৰ দলৰ

author img

By

Published : Sep 16, 2021, 7:36 AM IST

reaction of raijor dal on tet exam

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ২০২১ বৰ্ষত অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষা সম্পৰ্কে জাৰি কৰা জাননীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে ৷

গুৱাহাটী, ১৫ ছেপ্তেম্বৰ : ২০২১ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টেট পৰীক্ষা সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰা জাননীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে । অসমৰ ২৭ খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইছলামে কয় যে, 'বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হোৱা নাই । এয়া বিজেপি চৰকাৰৰ বৈষম্যমূলক নীতি' ।

ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামৰ মন্তব্য

চৰকাৰৰ এই কাৰ্যৰ তীব্ৰ সমালোচনা কৰাৰ লগতে অসমৰ প্ৰতিখন জিলাতেই টেট পৰীক্ষা কেন্দ্ৰ দিয়াৰ দাবী জনাই তেওঁ কয় যে, এইকেইখন জিলাত যথেষ্ট সংখ্যক শিক্ষিত নিবনুৱা যুৱক-যুৱতী আছে । এজন পৰীক্ষাৰ্থী পৰীক্ষা দিবলৈ দূৰণিবটীয়া ঠাইলৈ যোৱাৰ ক্ষেত্ৰত অহা-যোৱা, থকা-খোৱাকে ধৰি বহুখিনি খৰচ বহন কৰিবলগা হয় ৷ সকলো নিবনুৱাৰ কাৰণে এইখিনি খৰচ বহন কৰাটো সম্ভৱ নহয় । দৰিদ্ৰ পৰিয়ালৰ নিবনুৱাৰ বাবে ইয়ে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব ।

লগতে পঢ়ক: কি কি আছে শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে চৰকাৰে ঘোষণা কৰা নতুন SOP-ত

বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি আদি জিলাবোৰ সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱা বাবে চৰকাৰে পৰিকল্পিতভাৱে এনেকুৱা বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে আশ্ৰাফুল ইছলামে ।

অসম চৰকাৰ আৰু শিক্ষা বিভাগে অতি শীঘ্ৰে অসমৰ সকলো জিলাতেই টেট পৰীক্ষা কেন্দ্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে সংশ্লিষ্ট জিলাবোৰৰ পৰীক্ষাৰ্থীসকলক একত্ৰিত কৰি ৰাইজৰ দলে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি তেওঁ চৰকাৰক সকীয়াই দিয়ে ৷

লগতে পঢ়ক: অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.