ETV Bharat / state

ৰাজ্যত আইন শৃংখলা জনিত অপৰাধৰ বিপৰীতে বৃদ্ধি চাইবাৰ ক্ৰাইম !

author img

By

Published : May 1, 2020, 7:22 PM IST

লক্ ডাউনৰ সময়চোৱাত আইন শৃংখলা জনিত অপৰাধ হ্ৰাস পাইছে যদিও বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ ক্ৰাইমৰ গোচৰ ৷ যোৱা 25 মাৰ্চৰ পৰা 30 এপ্ৰিলৰ সময়ছোৱাত কেৱল ভুৱা খবৰ আৰু চাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে ৰুজু হৈছে মুঠ 94 টা গোচৰ । আনহাতে আইন শৃংখলা জনিত ঘটনা সংঘটিত হৈছে মাত্ৰ 6 টা ।

rate of cyber crime has increased in Assam
rate of cyber crime has increased in Assam

গুৱাহাটী, 1 মে': ৰাইজ সংকটত অথচ এচাম দুষ্কৃতিকাৰীয়ে ভুৱা খবৰ, চাইবাৰ ক্ৰাইমেৰে যেন ৰং চাইছে অসহায় জনৰ । এনে এক অপৰাধতে আমিনুল ইছলাম নামৰ এ আই ইউ ডি এফৰ বিধায়ক গৰাকীয়ে ৰঙাঘৰৰ ভাত খাবলগীয়া হৈছে ৷ ইয়াৰ পাচতো ৰাজ্যত কমা নাই ভুৱা খবৰ আৰু সামগ্ৰিকভাবে চাইবাৰ ক্ৰাইম ।

উল্লেখ্য যে, 26 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা লক্ ডাউনৰ এই দীঘলীয়া সময়চোৱাত প্ৰতি গৰাকী সচেতন লোক কৰ'ণাৰ সংহাৰৰ পৰা পৰিত্ৰাণ পাবলৈ কিবা ভাল খবৰৰ আশাত উচ্চুক হৈ আছে ৷ কিন্তু একাংশ দুষ্কৃতিকাৰীয়ে জনসমাজক বিভ্ৰান্ত কৰিবলৈ চাইবাৰ ক্ৰাইমৰ আশ্ৰয় লৈছে ৷ স্বাভাবিকতেই এয়া এক দুৰ্ভাগ্যজনক কথা বুলি বিবেচিত হৈছে । লকডাউনৰ যোৱা 35 দিনত ৰাজ্যখনত আইন শৃংখলা জনিত ঘটনা বা অন্যান্য অপৰাধৰ ঘটনা অতি কম পৰিলক্ষিত হৈছে । জনজীৱনলৈ নামি অহা অমানিশাৰ মাজতো এয়া যেন ভাল খবৰ ।

এই সন্দৰ্ভত অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ৰাজীৱ শইকীয়াই জনোৱা মতে যোৱা 25 মাৰ্চৰ পৰা 30 এপ্ৰিলৰ সময়ছোৱাত কেৱল ভুৱা খবৰ আৰু চাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে ৰুজু হৈছে মুঠ 94 টা গোচৰ । এই গোচৰৰ অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ হৈছে মুঠ 49 জন লোক । ইয়াৰে 12 জন লোকক ইতিমধ্যে জামিনত মোকলাই দিয়া হৈছে । আনহাতে, অতি লক্ষণীয়ভাৱে আৰক্ষীৰ তথ্য অনুসৰি এই সময়ত ৰাজ্য খনত আইন শৃংখলা জনিত ঘটনা সংঘটিত হৈছে মাত্ৰ 6 টা । ইয়াৰে দৰঙত 2টা, ডিব্ৰুগড়ত 1টা, নগাঁৱত 1 টা, চিৰাঙত 1 টা আৰু শোণিতপুৰত 1 টা ।

মনকৰিবলগীয়া যে কেৱল COVID-19 কেন্দ্ৰিক চাইবাৰ ক্ৰাইমেই নহয়, লক্ ডাউনৰ এই সময়ত সামাজিক মাধ্যমৰ কেতবোৰ বিতৰ্কই পৰৱৰ্তী সময়ত চাইবাৰ ক্ৰাইমৰ ৰূপ লৈছে । বিশেষকৈ মঙলদৈ মহাবিদ্যালয়ৰ ৰূপা ৰাণী ভূঞা নামৰ ইংৰাজী বিভাগৰ এগৰাকী প্ৰবক্তাই বিশিষ্ট সাহিত্যিক প্ৰয়াত চৈয়দ আব্দুল মালিকৰ লেখনিক লৈ সামাজিক মাধ্যমত কৰা কেতবোৰ মন্তব্যক লৈ শেহতীয়াকৈ দুটাকৈ গোচৰ ৰুজু হৈছিল ।

আনহাতে মাজুলীৰ বিপুল বৰুৱা নামৰ এজন লোকে এগৰাকী ইছলামধৰ্মী লোকক ৰমজানৰ নামাজ কৰিবলৈ মাটিত চেলেং চাদৰ পাৰি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক এই মূহুৰ্তত তুঙ্গত উঠিছে । এই সন্দৰ্ভত কেতবোৰ আপত্তিজনক মন্তব্য কৰা ভাৰতীয় জনতা পাৰ্টিৰ কিষান মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দাখিল কৰা এজাহাৰৰ ভিত্তিত এটা চাইবাৰ ক্ৰাইমৰ গোচৰ ৰুজু হৈছে ।

লগতে পঢ়ক : নাওবৈচাৰ আৰক্ষী আক্ৰমণত জড়িতক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.